নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : ৰূপহীহাটৰ তেলিয়াচাপৰিত আজি পুৱা এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ৰূপহীহাটৰ তেলিয়াচাপৰিটুপৰ সোণাই নৈত উদ্ধাৰ হয় মৃতদেহটো ৷ আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে মেটেকাৰ তলত মৃতদেহটো প্ৰত্যক্ষ কৰি হুৱাদুৱা লগাই আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা মৃতদেহটো তেলিয়াচাপৰিটুপৰ আবেদ আলীৰ বুলি চিনাক্ত কৰা হৈছে । কালিৰ পৰা মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈ আছিল লোকজন। ৰূপহীহাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে ৷
প্ৰেৰক জহিৰুল ইছলাম