নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত দেশজুৰি চলি থকা আন্দোলনৰ অংশ হিচাপে আজি বাক্সা জিলাৰ জালাহস্থ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰতিষ্ঠান বি বি কিষাণ মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীসকলেও ক’লাবেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিক্ষক গোটৰ সভাপতি ড° দেৱান নজৰুল কাদেৰৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিবাদী সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰূপেন দাসে। মহাবিদ্যালয়ৰ কৰ্মচাৰী গোটৰ সভাপতি প্ৰদীপ দাসে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদ জনাই কয় যে নতুন পেঞ্চন আচঁনি প্ৰৱৰ্তনৰ দ্বাৰা ২৫-৩০ বছৰ দেশৰ বাবে সেৱা আগবঢ়োৱা লোকসকলক আৰ্থিক অনিশ্চয়তাৰ ফালে ঠেলি দিছে। তেওঁ চৰকাৰক এই আঁচনি বাতিল কৰিবলৈ আহ্বান জনায়। সভাত জ্যেষ্ঠ অধ্যাপক ড° উৎপল কলিতাই কয় যে কল্যাণকামী ৰাষ্ট্ৰত প্ৰশাসকসকলে কৰ্মচাৰীসকলৰ কল্যাণ কৰাৰ সলনি তেওঁলোকক ভাগ ভাগ কৰি গৰিষ্ঠসংখ্যক কৰ্মচাৰীক আৰ্থিক দুৰৱস্থাৰ ফালে ঠেলি দিছে। সেয়েহে তেওঁ চৰকাৰক পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক আহ্বান জনায়। সভাত অজন্ত চৌধুৰী আৰু ৰিতুপৰ্ণ বৰায়ো বক্তব্য প্ৰদান কৰে।
প্ৰেৰক দিগন্ত দাস