নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত গদাধৰ নৈৰ দাঁতিত অধিবক্তাৰ মৃতদেহ উদ্ধাৰ : চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : ধুবুৰী চহৰৰ মেলা ময়দানৰ সমীপৰ গদাধৰ নৈৰ দাঁতিত আজি পুৱা এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য।

ব্যক্তিজনৰ পৰিয়ালৰ লোকে সদৰী কৰা মতে, পেছাত ধুবুৰী আদালতৰ এগৰাকী অধিবক্তা আৰু চহৰখনৰ কলেজ ৰোডৰ বাসিন্দা আনিছুল আলমে কালি নিশা ৭.৩০ মান বজাত নিজ গৃহৰ পৰা ওলাই আহিছিল। মুখমণ্ডলত স্পষ্ট আঘাতৰ চিন থকা মৃত সেই ব্যক্তিগৰাকীৰ নৈখনৰ দাঁতিৰ পৰা পানীত বাগৰি পৰা বাবে মৃত্যু হৈছে নে আন কোনো কাৰণত, সেয়া এতিয়ালৈ নিশ্চিত নহয়।

ইপিনে, কলেজ ৰোডৰ পৰা বহু আঁতৰৰ নিৰ্জন মেলা ময়দানৰ সেই পথছোৱালৈ অধিবক্তাগৰাকী কিয় আহিছিল সেয়াও এতিয়ালৈ নিশ্চিত নহয়। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু আৰক্ষীৰ তদন্ততেই সকলো দিশ উন্মোচিত হ’ব বুলি আশা কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like