নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলহী নৈত বালি খান্দোতে ওলাল অৱসৰী শিক্ষকৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী ভগনীয়া গাঁৱৰ এগৰাকী অৱসৰী শিক্ষকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে শুক্ৰবাৰে নিশা প্ৰায় দুই বজাত শিঙিমাৰী ভগনীয়া গাঁওস্থিত অৱসৰী শিক্ষক শ্ৰীবাস সৰকাৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। নিশাৰে পৰা শ্ৰীবাস সৰকাৰৰ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰি থাকোতে বকোৰ তামুলদি গাঁৱৰ মাজেৰে বৈ যোৱা কলহী নৈত একাংশ লোকে ৰাতিপুৱাভাগত বালি খান্দি থাকোতে অৱসৰী শিক্ষকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা মৃতদেহটো শিঙিমাৰী ভগনীয়াৰ শ্ৰীবাস সৰকাৰৰ বুলি চিনাক্ত কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে। ইফালে এই ঘটনাৰ খবৰ লাভ কৰি পৰিয়ালৰ লোকৰ লগতে বকো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো আৰক্ষীয়ে চমজি লৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালই প্ৰেৰণ কৰে। উল্লেখ্য যে, ১৯৬২ চনত জন্মলাভ কৰা শ্ৰীবাস সৰকাৰে ১৯৮৫ চনত চাকৰী জীৱনৰ পাতনি মেলিছিল। সুদীৰ্ঘ সময় চাকৰি কৰি নিজ গাঁৱত অৱস্থিত শিঙিমাৰী ভগনীয়া এল পি স্কুলৰ পৰা ২০২২ চনত চাকৰিজীৱন অন্ত পেলাই ঘৰতে অৱসৰী জীৱন কটাইছিল। মৃত্যুৰ পুৰ্বে অৱসৰী শিক্ষক শ্ৰীবাস সৰকাৰে বিভিন্ন সামাজিক কামত নিয়োজিত হৈ আছিল। মৃত্যুৰ সময়ত অৱসৰী শিক্ষকগৰাকীয়ে দুগৰাকী পত্নী ৬জন পুত্ৰ সন্তান, ৫জনকৈ কন্যা সন্তান, নাতি-নাতিনীৰ লগতে বহু গুনমগ্ধক ইহ সংসাৰত এৰি যায়। আজি হঠাতে ৬৩ বছৰীয়া অৱসৰী শ্ৰীবাস সৰকাৰৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।
প্ৰেৰক জমিৰ আল হাছান
You might also like