নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ বাইপাছত ৰে’লৱে উৰণ সেতুৰ তলত যুৱকৰ মৃতদেহ উদ্ধাৰ

লখিমপুৰ নগৰৰ সামান্য নিলগত আজি পুৱা এটা মৃতদেহ উদ্ধাৰ হয়। লখিমপুৰৰ বাইপাছত থকা ৰে’লৱে উৰণ সেতুৰ তলত যুৱক এজনৰ মৃতদেহ উদ্ধাৰ হয়। নিচেই পুৱাতে মৃতদেহটো পথৰ দাঁতিত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

উল্লেখ্য যে মৃতদেহটোত আঘাতৰ চিন সু-স্পষ্টকৈ জিলিকি আছিল। যাৰ বাবে এয়া এক  পৰিকল্পিত হত্যকাণ্ড বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যবস্থা কৰে। আৰক্ষীয়ে মৃতদেহৰ লগত পোৱা তথ্যপাতি মতে মৃত যুৱকজন চতিয়া বালিজুৰিৰ শৰৎ শইকীয়া বুলি চিনাক্ত কৰে। তেওঁৰ লগত থকা নথি-পত্ৰৰ জৰিয়তে আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হয়। এই ঘটনাই লখিমপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাইজে সন্দেহ কৰা মতে, হয়তো নিশাৰ ৰে’লত তেওঁ আহি থকা অৱস্থাত কোনোবাই হত্যাৰ উদ্দেশ্যে পেলাই দিব পাৰে নাইবা নিশাৰ ভাগত সাধাৰণতে মূল ৰাষ্ট্ৰীয় পথৰ তুলনাত বাইপাছ নিৰ্জন হৈ পৰে, সেই নিৰ্জনতাৰ সুযোগ লৈ হয়তো কোনোবাই তেওঁক হত্যা কৰি পেলাই থৈ যাব পাৰে। মৃতদেহটোত আঘাতৰ চিন সু-স্পষ্ট হৈ থকা বাবে ঘটনাটো হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। আৰক্ষীৰ তদন্তত সকলো ৰহস্য পোহৰলৈ আহিব।

বিশেষ বাৰ্তা, লখিমপুৰ, ২০ ফেব্ৰুৱাৰী :
You might also like