নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত তাপতলা গাঁৱত এটি মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি আজি আবেলি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। কু-সংস্কাৰৰ বাবেই মৃতকৰ পিতৃৰ পৰিয়ালে মৃতদেহ চমজি নোলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় এনে উত্তপ্ত পৰিস্থিতি। অৱশেষত ক্ষুব্ধ ৰাইজে জেওৰা ভাঙি মৃতকৰ পিতৃ গৃহৰ চোতালত মৃতদেহ থৈ যায়। অৱশেষত ঘটনাস্থলীত উপস্থিত হয়হি ভূৰাগাঁও আৰক্ষী। ঘটনাৰ বিৱৰণী মতে ভূৰাগাঁও থানাৰ অন্তৰ্গত তাপতলা গাঁৱৰ অমল বৰঠাকুৰ নামৰ (৫০) লোক জন সোমবাৰে মৰিগাঁৱত সংঘটিত এটি পথ দুৰ্ঘটনাত নিহত হৈছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ পাছত তাপতলাৰ পিতৃ পৰিয়ালে মৃতদেহটো চমজি লবলৈ অস্বীকাৰ কৰে। কিয়নো প্ৰায় ২১ বছৰ পূৰ্বে ব্ৰাহ্মণ পৰিয়ালৰ সন্তান হৈ অসবৰ্ণ বিবাহ কৰা বাবে অমল বৰঠাকুৰক পিতৃ পৰিয়ালে ত্যাজ্যপুত্ৰ ঘোষনা কৰিছিল। সেয়ে ত্যাজ্যপুত্ৰৰ মৃতদেহ চমজি লবলৈ অস্বীকাৰ কৰে পিতৃ পৰিয়ালে। সোম বাৰে দুৰ্ঘটনাত মৃত্যু হোৱা অমল বৰঠাকুৰৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ পাছত চমজি লয় পত্নীয়ে। মৃতদেহটো চমজি লৈ পত্নীয়ে ৰাইজৰ সৈতে মৃতদেহৰ গাড়ী তাপতলা অমল বৰঠাকুৰৰ নিজা ঘৰলৈ বুলি লৈ আহে। কিন্তু মৃতদেহৰ গাড়ী প্ৰবেশ কৰাত পৰিয়ালৰ লোকে বাধা প্ৰদান কৰি গেট বন্ধ কৰি দিয়ে। মৃতদেহ ঘৰত সোমোবাত বাধা প্ৰদান কৰাত অমল বৰঠাকুৰৰ পদুলিত কেবা শতাধিক লোক সমবেত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাইজে পৰিয়ালৰ বাধা নামানি গেট ভাঙি মৃতদেহৰ গাড়ী সুমোৱাই দিয়ে মৃত বৰঠাকুৰৰ পিতৃ গৃহৰ চোতালত। ক্ষুব্ধ ৰাইজে এনে পৰিস্থিতিৰ সৃষ্টি কৰাত গতি বিষম দেখি পৰিয়ালৰ লোক সকলে দুৱাৰ খিৰিকি বন্ধ কৰি সোমাই থাকে ঘৰত। অৱশেষত ঘটনাস্থলীত উপস্থিত হয়হি ভুৰাগাঁও আৰক্ষী। ইফালে গাঁৱৰ একাংশ লোকে কৰা অভিযোগ মতে ৰাইজৰ সৈতে সহযোগ কৰাৰ বিপৰীতে মৃতকৰ পৰিয়ালৰ সদস্যই ৰাইজক অভব্য ব্যৱহাৰ কৰাত অতিষ্ঠ হৈ মৃতদেহ চোতালতে পেলাই থৈ ঘৰাঘৰি গুছি যায় ৰাইজ। ফলত মৃতদেহ টো সৎকাৰক লৈ আৰক্ষী বিবুধিত পৰে আৰক্ষী। সন্ধ্যা পাছ বাজি যোৱাৰ পাছতো মৃতদেহটো ঘৰৰ চোতালতে পৰি থাকে। আৰক্ষীয়ে যিকোনো কৌশল গ্ৰহণ কৰি হলেও মৃতদেহটোৰ সৎকাৰৰ ব্যৱস্থা যে কৰিব সেয়া প্ৰায় নিশ্চিত। কিন্তু বিজ্ঞানৰ চুড়ান্ত শিখৰত আৰোহন কৰা মানৱ সমাজত এনে একোটা ঘটনাই সকলোকে লজ্জানত কৰিছে। কুসংস্কাৰৰ বাবে মানুহ কিমান অমানবীয় হব পাৰে তাৰেই যেন জলন্ত নিদৰ্শন এনেবোৰ ঘটনা।
প্ৰেৰক আবুল কালাম