নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগপুৰত বিজয়া দশমী উৎসৱত আৰএছএছপ্ৰধানৰ বিশেষ ভাষণ

ডাঃ মোহন ভাগৱত

আজিৰ কার্যক্রমৰ প্রমুখ অতিথি আদৰণীয় শ্রীশংকৰ মহাদেৱনজী, মঞ্চত উপৱিষ্ট মাননীয় সৰকার্যবাহদেৱ, বিদর্ভ প্রান্তৰ মাননীয় সংঘচালক, নাগপুৰ মহানগৰৰ মাননীয় সংঘচালক, নাগপুৰ মহানগৰৰ মাননীয় সহঃ সংঘচালক, অন্যান্য অধিকাৰীবৃন্দ, নাগৰিক সজ্জন, আইমাতৃ–ভগিনী তথা আত্মীয় স্বয়ংসেৱক ভাইসকল৷ দানৱতাৰ ওপৰত মানৱতাৰ পূর্ণ বিজয়ৰ শক্তি পর্ব হিচাপে প্রতিবছৰে বিজয়া দশমী উৎসৱ পালন কৰা হয়৷ এইবছৰ এই পর্বই আমাৰ বাবে গৌৰৱ, আনন্দোল্লাস তথা উৎসাহ বৃদ্ধিৰ পূর্ণ আয়োজন লৈ আহিছে৷

এই বছৰটোত আমাৰ দেশ জি–২০ নামৰ মুখ্য ৰাষ্ট্রৰ সন্মিলনৰ পুৰোহিত আছিল৷ বছৰটোত সদস্য ৰাষ্ট্রসমূহৰ ৰাষ্ট্রপ্রমুখ, মন্ত্রীবর্গ, প্রশাসক তথা প্রমুখ মনীষীসকলৰ অনেক কার্যক্রম ভাৰতৰ ভিন ভিন স্থানত সম্পন্ন হয়৷ ভাৰতীয়সকলৰ আন্তৰিক আতিথ্যৰ অনুভৱ ভাৰতৰ গৌৰৱশালী অতীত তথা বর্তমানৰ আশাপূর্ণ আকাশলংঘী বিচৰণে সকলো দেশৰে সহযোগীসকলক প্রভাৱিত কৰিলে৷ আফ্রিকা ইউনিয়নক সদস্যভুক্ত কৰি স্বীকৃতিপ্রাপ্ত কৰোৱাত তথা প্রথম দিনটোতেই পৰিষদৰ ঘোষণা প্রস্তাৱ সর্বসন্মতিক্রমে গ্রহণ কৰোৱাত ভাৰতৰ বিশ্বাসযোগ্য সদ্ভাৱনা তথা ৰাজনৈতিক বিচক্ষণতাক সকলোৱে অনুভৱ কৰিছে৷ ভাৰতৰ বিশিষ্ট বিচাৰ–বিবেচনা আৰু দৃষ্টিৰ কাৰণেই সম্পূর্ণ বিশ্বৰ চিন্তনত বসুধৈব কুটুম্বকমৰ দিশ নির্দেশত উজলি উঠিছে৷ জি–২০ৰ অর্থকেন্দ্রিক বিচাৰ এতিয়া মানৱকেন্দ্রিক হৈ পৰিছে৷ ভাৰতক বিশ্বৰ মঞ্চত এক প্রমুখ ৰাষ্ট্র হিচাপে দৃঢ়তাৰে স্থাপন কৰাৰ অভিনন্দনীয় কার্য এই প্রসংগৰ জৰিয়তে আমাৰ নেতৃত্বই কৰিছে৷

এইবাৰ আমাৰ দেশৰ খেলুৱৈসকলে এছিয়ান গেমছত প্রথমবাৰৰ বাবে ১০০তকৈ অধিক ১০৭টা পদক (২৮ স্বর্ণ, ৩৮ ৰূপ, ৪১ ব্রঞ্জ) জিকি আমাৰ আটাইৰে উৎসাহ বৃদ্ধি কৰিছে৷ তেওঁলোকক আমি অভিনন্দন জনাইছোঁ৷ উদীয়মান ভাৰতৰ শক্তি, বুদ্ধি তথা যুক্তিৰ চমকনি চন্দ্রযান প্রসংগতো বিশ্বই দেখিছে৷ আমাৰ বৈজ্ঞানিকসকলৰ বিজ্ঞান আৰু প্রযুক্তি কুশলতাৰ সৈতে নেতৃত্বৰ ইচ্ছাশক্তি যুক্ত হৈ পৰিছে৷ চন্দ্রৰ দক্ষিণ অংশত মহাকাশ যুগৰ ইতিহাসত প্রথমবাৰলৈ ভাৰতৰ বিক্রম লেণ্ডাৰে অৱতৰণ কৰিলে৷ ই সমগ্র ভাৰতীয়ৰ গৌৰৱ আৰু আত্মবিশ্বাস বৃদ্ধি কৰিছে৷ এই কার্য সম্পন্ন কৰোঁতা বৈজ্ঞানিক তথা তেওঁলোকক শক্তি প্রদান কৰোঁতা নেতৃবৃন্দক সমগ্র দেশেই অভিনন্দন জনাইছে৷ এখন ৰাষ্ট্রৰ পুৰুষার্থইহে সেই ৰাষ্ট্রৰ জাগতিক প্রয়োজন সফল কৰাব পাৰে৷ আৰু ই নিহিত থাকে ৰাষ্ট্রীয় আদর্শত৷ সেইবাবে আমাৰ মূল সংবিধানৰ পৃষ্ঠাত ঁকা ধর্মৰ মূর্তমান প্রতীক শ্রীৰামৰ বালক ৰূপ মন্দিৰ অযোধ্যাত নির্মিত হৈ আছে৷ অহা ২২ জানুৱাৰীত মন্দিৰৰ গর্ভগৃহত শ্রীৰামলালাৰ প্রাণ প্রতিষ্ঠা হ’ব, এই ঘোষণা ইতিমধ্যে হৈ গৈছে৷ ব্যৱস্থাগত জটিলতা তথা সুৰক্ষাৰ সাৱধানতাৰ পৰিপ্রেক্ষিতত সেই পৱিত্র ক্ষণত অযোধ্যাত সীমিতসংখ্যক লোকহে উপস্থিত থাকিব পৰিব৷ শ্রীৰাম আমাৰ দেশৰ আচৰণৰ মর্যাদাৰ প্রতীক, কর্তব্য পালনৰ প্রতীক, স্নেহ আৰু কৰুণাৰ প্রতীক৷ নিজৰ নিজৰ ঠাইত এনে বাতাৱৰণ নির্মাণ হওক৷ ৰাম মন্দিৰত শ্রীৰামলালাৰ প্রৱেশমাত্রকে প্রত্যেকৰে হূদয়ত, নিজৰ মনত ৰামক জাগৃত কৰি মনৰ অযোধ্যা সাজি সর্বত্র স্নেহ, পুৰুষার্থ তথা সদ্ভাৱনাৰ বাতাৱৰণ উন্নত হওক, এনে ধৰণৰ ভিন ভিন ঠাইত সৰু সৰু কার্যক্রমৰ আয়োজন কৰিব লাগে৷ শতাব্দীজোৰা সংকটক পৰম্পৰাৰে যুঁজি যশস্বী হৈ বর্তমান আমাৰ ভাৰত ভৌতিক আৰু আধাত্মিক উন্নতিৰ পথত নিশ্চিতৰূপে অগ্রসৰ হৈ আছে৷ আমি আটায়ে এনে সংকেত প্রদান কৰা এই ঘটনাসমূহৰ সৌভাগ্যশালী সাক্ষী হৈছোঁ৷

সম্পূর্ণ বিশ্বক নিজৰ জীৱনেৰে অহিংসা, জীৱৰ প্রতি দয়া আৰু সদাচাৰ শিকোৱা, সত্য পথ প্রদান কৰোঁতা শ্রীমহাবীৰ স্বামীৰ ২৫৫০সংখ্যক নির্বাণ বর্ষ, বিদেশীৰ ৩৫০ বছৰীয়া পৰাধীনতাৰ পৰা মুক্ত হৈ হিন্দু সাম্রাজ্যৰ স্থাপনা তথা ন্যায়পূর্ণ জনহিতকাৰী পৰিচালনাৰ বাট দেখুওৱা ছত্রপতি শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেকৰ ৩৫০সংখ্যক বর্ষ তথা ইংৰাজৰ পৰাধীনতাৰ পৰা মুক্তি পাবৰ বাবে সম্পূর্ণ দেশৰ জনমানসক আমাৰ স্বৰূপৰ স্পষ্ট আৰু যথাযথ দর্শন, সত্যার্থ প্রকাশৰ জৰিয়তে কৰাওতা মহর্ষি দয়ানন্দ সৰস্বতীৰ ২০০সংখ্যক জয়ন্তী আমি পালন কৰি আছোঁৱেই৷ অহা বছৰ এনে প্রকাৰৰ ৰাষ্ট্রীয় পুৰুষার্থৰ শাশ্বত প্রেৰণাস্বৰূপ দুজন মহাপুৰুষৰ সোঁৱৰণী বর্ষও আহি আছে৷ অস্মিতা আৰু স্বতন্ত্রতাৰ হকে প্রাণ বলিদান দিওতা, উদ্যম, সাহস, ধৈর্য, বুদ্ধি, শক্তি আৰু পৰাক্রমৰ লগতে নিজৰ প্রশাসন কুশলতা আৰু প্রজাহিতকৰ দক্ষতাৰ বাবে আদর্শ মহাৰাণী দুর্ঘাবতীৰ এয়া ৫০০সংখ্যক জয়ন্তী বর্ষ৷ ভাৰতীয় মহিলাৰ সর্বগামী কর্তৃত্ব, নেতৃত্ব ক্ষমতা, উজ্জ্বল চৰিত্র তথা জাজ্বল্যমান দেশভক্তিৰ তেওঁ দোদীপ্যমান আদর্শ আছিল৷ এনেকুৱা প্রজাহিত দক্ষতা তথা শাসন পটুতাৰ লগতে সামাজিক অসমতাক শিপাৰে সৈতে নির্মূল কৰাৰ বাবে আজীৱন নিজৰ সর্বশক্তি প্রয়োগ কৰা কোন্থাপুৰ (মহাৰাষ্ট্র)ৰ শাসক ছত্রপতি শাহুজী মহাৰাজৰ এইটো ১৫০সংখ্যক জয়ন্তীবর্ষ৷

দেশৰ স্বাধীনতাৰ প্রেৰণা যোগোৱা কাম যিজনে নিজৰ যৌৱনকালতেই আৰম্ভ ক ৰিছিল, দুখীয়াক অন্নদান কার্যক্রমৰ বাবে জ্বলোৱা প্রথম চৌকা যি আজিও তামিলনাডুত জ্বলি আছে আৰু নিজৰ কাম নিৰন্তৰ কৰি আছে, সেই তামিলসন্ত শ্রীমৎ ৰামলিংগ বল্ললাৰৰ ২০০সংখ্যক বর্ষ বর্তমান এইমাহত সম্পন্ন হৈ গৈছে৷ স্বাধীনতাৰ লগে লগে সমাজৰ আধ্যাত্মিক–সাংস্কৃতিক জাগৃতি তথা সামাজিক অসমতা সম্পূর্ণ নির্মূল কৰাৰ বাবে তেওঁ গোটেই জীৱন কার্যৰত আছিল৷

এই প্রেৰণাদায়ী মহাপুৰুষসকলৰ জীৱন সোঁৱৰণৰ যোগেদি আমি আটায়ে আমাৰ স্বতন্ত্রতাৰ অমৃত মহোৎসৱ সম্পন্ন হোৱা সময়ত সামাজিক সমতা, একাত্মতা তথা আমাৰ স্বৰক্ষাৰ বার্তা লাভ কৰোঁ৷ স্বকীয় পৰিচয় সুৰক্ষিত কৰি ৰখাটো মানুহৰ স্বাভাৱিক ইচ্ছা আৰু সৰল প্রয়াস৷ দ্রুতগতিৰে পৰস্পৰ ওচৰ চপা বিশ্বত আজিকালি সকলো ৰাষ্ট্রৰ এনে চিন্তা কৰাৰ প্রবৃত্তি বাঢ়িছে৷ সম্পূর্ণ বিশ্বক এক ৰঙেৰে ৰঙাই তোলা, একৰূপতাৰ যিকোনো প্রয়াস এতিয়ালৈ সফল হোৱা নাই, আগলৈও সফল হোৱাৰ সম্ভাৱনা নাই৷ ভাৰতৰ পৰিচয়, হিন্দু সমাজৰ অস্মিতা সুদৃঢ় কৰি ৰখাৰ বিচাৰ নিশ্চয়কৈ স্বাভাৱিক৷ বিশ্বৰ বর্তমানকালীন সময়ৰ আৱশ্যকতাসমূহ পূর্ণ কৰাৰ কাৰণে আমাৰ নিজৰ মূল্যবোধৰ আধাৰত সময়োচিত, নতুন ৰূপত ভাৰত থিয় হওক, এইটো বিশ্বয়ো আশা কৰে৷ মত সম্প্রদায়ক লৈ উৎপন্ন হোৱা কট্টৰতা, অহংকাৰ আৰু উন্মাদনাক বিশ্বই আজি ভুগিব লাগিছে৷ স্বার্থৰ খকা–খুন্দা তথা উগ্রবাদৰ কাৰণে উৎপন্ন হোৱা ইউক্রেইন অথবা গাজাপট্টিৰ যুদ্ধৰ দৰে কাজিয়াৰ কোনো সমাধান দেখা পোৱা নাই৷ প্রকৃতিবিৰুদ্ধ জীৱনশৈলী, স্বেচ্ছাচাৰিতা তথা অবাধ উপভোগৰ কাৰণে ন ন শাৰীৰিক আৰু মানসিক ৰোগ উৎপন্ন হৈ আছে৷ বিকৃতি আৰু অপৰাধ বাঢ়ি গৈ আছে৷ অত্যধিক ব্যক্তিবাদৰ কাৰণে পৰিয়াল ভাঙি পৰিছে৷ প্রকৃতিৰ সীমাহীন শোষণৰ কাৰণে প্রদূষণ, জাগতিক তাপমান বৃদ্ধি, ঋতুৰ ভাৰসাম্যহীনতা আদিৰ ফলত প্রাকৃতিক দুর্যোগ বৃদ্ধি হৈ গৈ আছে৷ আতংকবাদ, শোষণ আৰু অতি ক্ষমতা মুকলিকৈ এৰি দিয়া হৈছে৷ নিজৰ আধামুদা চকুৰে বিশ্বই এই সমস্যাবোৰৰ সন্মুখীন হ’ব নোৱাৰিব, এইটো স্পষ্ট৷ সেইবাবে আমাৰ সনাতন মূল্যবোধ আৰু সংস্কাৰৰ আধাৰত ভাৰতে নিজৰ উদাহৰণেৰে সামগ্রিক সুখ–শান্তিৰ নৱপথ বিশ্বক দেখুৱাওক, এনে আশাৰ উদয় হৈছে৷ এই পৰিস্থিতিৰ এক সৰু পুনৰাবৃত্তি ভাৰতবর্ষতো আমাৰ সন্মুখত বিদ্যমান হৈছে৷ উদাহৰণস্বৰূপে, বর্তমান অৱস্থাত হিমালয় ক্ষেত্রত হিমাচল আৰু উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰি চিকিমলৈ অবিৰাম প্রাকৃতিক দুর্যোগৰ প্রাণঘাতী খেল আমি দেখা পাই আহিছেছা৷ ভৱিষ্যতে কোনো গম্ভীৰ আৰু ব্যাপক সংকটৰ পূর্বাভাস এই ঘটনাসমূহৰ দ্বাৰা হৈ আছে আৰু এনে শংকাক লৈ আলোচনাও হৈছে৷

দেশৰ সীমা সুৰক্ষা, জল সুৰক্ষা, পর্যাবৰণৰ সুস্থতাৰ বাবে ভাৰতৰ উত্তৰ সীমা সুনিশ্চিত কৰা এই অঞ্চল অত্যন্ত মহত্ত্বপূর্ণ আৰু যিকোনো মূল্যৰ বিনিময়ত সর্বকালৰ বাবে সুৰক্ষিত কৰিবলগীয়া৷ সুৰক্ষা, পর্যাবৰণ, জনসংখ্যা আৰু বিকাশৰ দৃষ্টিৰে এই সম্পূর্ণ অঞ্চলটো এক সমষ্টি বুলি ধৰি লৈ হিমালয় অঞ্চলৰ বিচাৰ–বিবেচনা কৰিব লাগিব৷ প্রকৃতিৰ এই অঞ্চলটো ভূতত্ত্ববিদ্যাৰ দৃষ্টিৰে নতুন, বর্তমানো নির্মাণৰত আৰু সেইবাবেই অস্থিৰ৷ তাৰ ভূ–পৃষ্ঠ, ভূ–গর্ভ, জৈৱ–বিবিধতা আৰু জলসম্পদৰ বিশেষতা নজনাকৈ বিকাশৰ মনেগঢ়া যোজনা ক্রিয়ান্বিত কৰা হৈছে৷ এই ল’ৰা–ধেমালীৰ ফলস্বৰূপেই এই অঞ্চলটো আৰু ইয়াকে লৈ সম্পূর্ণ দেশ সংকটপূর্ণ অৱস্থালৈ আহিব ধৰিছে৷ আমি আটায়ে জানো যে ভাৰতসহ পূর্ব আৰু দক্ষিণ–পূর্ব এছিয়াৰ সকলো দেশকেই পানীৰ যোগান ধৰোঁতা এই অঞ্চলটোৱেই৷ এই অঞ্চলতেই ভাৰতৰ উত্তৰ সীমাত চীনৰ প্রত্যাহ্বান কেইবাবছৰৰ পৰা শুনা পোৱা গৈছে৷ সেইবাবে এই অঞ্চলটোৰ বিশেষ ভূতাত্ত্বিক, সামৰিক আৰু ভূ–ৰাজনৈতিক মহত্ত্ব আছে৷ এইবোৰৰ প্রতি ধ্যান ৰাখি এই অঞ্চলটোক পৃথক দৃষ্টিৰে বিচাৰ কৰিব লাগিব৷

যিহেতু এই ঘটনাসমূহ হিমালয় অঞ্চলত অধিক ঘটি আছে, সমগ্র দেশৰ বাবে তাৰ এক স্পষ্ট সংকেত দেখা পোৱা যায়৷ আধৰুৱা, অতি জডবাদী তথা অত্যধিক উপভোগবাদী দৃষ্টি আধাৰত বিকাশ পথৰ কাৰণে, মানৱতা আৰু প্রকৃতি ধীৰে ধীৰে কিন্তু নিশ্চিতৰূপে বিনাশৰ দিশে অগ্রসৰ হৈ আছে৷ সমগ্র বিশ্বতে এই চিন্তা বাঢ়িছে৷ সেই অসফল পথবোৰ ত্যাগ কৰি অথবা ধীৰে ধীৰে ওভতাই যোৰাই দি ভাৰতীয় প্রমূল্যৰ ওপৰত তথা ভাৰতৰ সমগ্র একাত্ম্য দৃষ্টিৰ ওপৰত আধাৰিত, সময়োচিত আৰু সম্পূর্ণ, আমাৰ পৃথক বিকাশ পথ ভাৰতে নির্মাণ কৰিবই লাগিব৷ ই ভাৰতৰ বাবে সকলো প্রকাৰে উপযুক্ত তথা বিশ্বৰ বাবেও অনুকৰণীয় আর্হি হ’ব পাৰিব৷ ঘঁহা–পিহাৰ অসফল আশাত বন্দী হৈ থাকি, অন্ধানুকৰণ, জডতা আৰু পুথিগত নিষ্ঠাৰ প্রবৃত্তি এৰিব লাগিব৷ উপনিৱেশী মানসিকতাৰ পৰা মুক্ত হৈ, বিশ্বৰ পৰা যিখিনি অনুকূল সেইখিন ল’ব লাগিব৷ আমাৰ দেশত যিখিনি আছে তাকেই যুগানুকূল কৰি গঢ়ি আমি আমাৰ স্ব–আধাৰত স্বদেশী বিকাশ পথ গ্রহণ কৰিব লাগিব– এয়াই সময়ৰ আৱশ্যকতা৷ এই দৃষ্টিৰে কিছু নীতিগত পৰিৱর্তন যে যোৱা দিনবোৰত হৈছে, ই বোধগম্য হয়৷ সমাজত কৃষি, উদ্যোগ আৰু ব্যৱসায়ৰ সেই সম্বন্ধীয় সেৱা ক্ষেত্রত, সমবায় আৰু আত্মনির্ভৰশীলতাৰ ক্ষেত্রত, নতুন সফল প্রয়োগৰ সংখ্যা বৃদ্ধিও নিৰন্তৰ হৈ আছে৷ কিন্তু প্রশাসনীয় সকলো ক্ষেত্রত চিন্তন কৰোঁতা আৰু দিশ–নির্দেশনা দিওঁতা বুদ্ধিজীৱীসকলৰ এনে ধৰণৰ জাগৃতিৰ আৰু অধিক আৱশ্যকতা আছে৷ প্রশাসনৰ স্ব–আধাৰিত যুগানুকূল নীতি, প্রশাসনৰ তৎপৰতা, সুসংগত আৰু জনকল্যাণমুখী কার্য তথা সমাজৰ মন, বচন, কর্মৰে সহযোগ আৰু সমর্থনেহে দেশক পৰিৱর্তনৰ দিশে আগুৱাই নিব৷

কিন্তু এইটো সম্ভৱ নহওক, সমাজৰ সামূহিকতা ছিন্ন–ভিন্ন হৈ পৃথকতা আৰু সংঘাত বাঢ়ক, এনে ধ্বংসকাৰী প্রয়াসো বৃদ্ধি হৈ গৈ আছে৷ নিজৰ অজ্ঞান, অবিবেক, পৰস্পৰ অবিশ্বাস উপদ্রৱ আৰু ফাট বাঢ়ি গৈ থকাও দেখা পোৱা গৈছে৷ ভাৰতৰ উত্থানৰ প্রয়োজনীয়তাই হৈছে বিশ্ব কল্যাণ৷ কিন্তু এই উত্থানৰ স্বাভাৱিক পৰিণাম সম্পর্কে স্বার্থপৰ, বিভেদকামী তথা ছল–কপটৰ আধাৰত নিজৰ স্বার্থ পূৰণ কৰোঁতা শক্তিসমূহে কিবা নহয় কিবা বিচাৰধাৰাৰ আৱৰণ পিন্ধি লয়, কোনো মনোলোভা ঘোষণা অথবা লক্ষ্যৰ বাবে কার্যৰত হোৱাৰ ছদ্মৱেশ ধাৰণ কৰে, তেওঁলোকৰ বাস্তৱিক উদ্দেশ্য কিন্তু আন কিবাহে থাকে৷ বিশ্বাসযোগ্যতা আৰু নিঃস্বার্থভাৱে কাম কৰা লোক যি বিচাৰ ধাৰাৰেই হওক, যিকোনো ধৰণৰ কার্যই হওক, তেওঁলোকৰ বাবে বাধা থাকেই৷

আজিকালি এই সর্বভক্ষী শক্তিৰ লোকসকলে নিজেই নিজকে সাংস্কৃতিক মার্ক্সবাদী বুলি কয়৷ কিন্তু মার্ক্সকো তেওঁলোকে ১৯২০ চনৰ পৰাই পাহৰাই ৰাখিছে৷ বিশ্বৰ সকলো সু–ব্যৱস্থা, মাংগলিক, সংস্কাৰ তথা সংযমৰ প্রতি তেওঁলোকৰ বিৰোধ থাকে৷ এমুঠিমান লোকৰ নিয়ন্ত্রণ সম্পূর্ণ মানৱ জাতিৰ ওপৰত থাকক, সেইবাবে অৰাজকতা আৰু স্বৈৰচাৰিতাৰ প্রতি, প্রশংসা, প্রচাৰ আৰু প্রসাৰ তেওঁলোকে কৰে৷ মাধ্যম তথা শিক্ষানুষ্ঠানসমূহক হাতত লৈ দেশৰ শিক্ষা, সংস্কাৰ, ৰাজনীতি আৰু সামাজিক বাতাৱৰণক ভ্রম আৰু ভ্রষ্টতাৰ চিকাৰ বনোৱা তেওঁলোকৰ কার্যশৈলী৷ এনে বাতাৱৰণত অসত্য, বিপর্যস্ত তথা অতিৰঞ্জিত তথ্যৰ দ্বাৰা ভয়, ভ্রম তথা দ্বেষ সহজতে বিয়পাই তোলে৷ নিজৰ ভিতৰৰ কাজিয়াত সাঙোৰ খাই অনৈক্য আৰু দুর্বলতাৰ ফান্দত পৰা আৰু ভাগি পৰা সমাজ অনায়াসে এই সকলোতে অতি ক্ষমতা বিচাৰ বিধ্বংসকাৰী শক্তিৰ লক্ষ্য হৈ পৰে৷ আমাৰ পৰম্পৰাত এনে প্রকাৰে কোনো ৰাষ্ট্রৰ জনতাৰ মাজত অনাস্থা, দিগভ্রম আৰু পৰম্পৰাত এনে প্রকাৰে কোনো ৰাষ্ট্রৰ জনতাৰ মাজত, দিগভ্রম আৰু পৰম্পৰ দ্বেষ উৎপন্ন কৰা কার্যপ্রণালীক মন্ত্র বিপ্লৱ বুলি কোৱা হয়৷

দেশত ৰাজনৈতিক স্বার্থৰ কাৰণে ৰাজনৈতিক প্রতিদ্বন্দ্বীক পৰাজিত কৰাৰ বাবে এনে অবাঞ্ছিত শক্তিবোৰৰ সৈতে গোটবন্ধন কৰাটো বিবেকহীনতা৷ সমাজ পূর্বৰ পৰাই আত্মবিস্মৃত হৈ অনেক প্রকাৰৰ ভেদাভেদেৰে জর্জৰিত হৈ স্বার্থযুক্ত ধ্বংসাত্মক প্রতিযোগিতা, ঈর্ষা আৰু দ্বেষত লিপ্ত হৈ আছে৷ সেইবাবে এই আসুৰিক শক্তিসমূহে, সমাজ অথবা ৰাষ্ট্রক ভাঙিব বিচৰা শক্তিসমূহে, বাহিৰৰ শক্তিসমূহৰ সৈতেও লগ লাগে৷

মণিপুৰৰ বর্তমান স্থিতিৰ প্রতি দৃষ্টি দিলেও এই কথাৰ সত্যাসত্য প্রতিপন্ন হয়৷ প্রায় এক দশক ধৰি শান্ত মণিপুৰত আচম্বিতে নিজৰ ভিতৰতে বিভেদৰ জুই কেনেকৈ লাগিল? হিংসা কৰা লোকসকলৰ মাজত সীমাৰ সিপাৰৰ উগ্রবাদীও আছিল? নিজৰ অস্তিত্বৰ ভয়াৱহ ভৱিষ্যতৰ প্রতি শংকাত ভোগা মণিপুৰী মেইটেই সমাজ আৰু কুকি সমাজৰ নিজৰ ভিতৰত সংঘর্ষক সাম্প্রদায়িক ৰূপ দিয়াৰ প্রয়াস কিয় আৰু কাৰ দ্বাৰা হ’ল ? কেইবাবছৰৰ পৰা তাত সকলোৰে প্রতি সমদৃষ্টি ৰাখি সেৱাকার্যত ব্রতী সংঘৰ দৰে সংগঠনক বিনাকাৰণে ইয়াত টানি অনাৰ প্রয়াস কৰাত কাৰ স্বার্থ নিহিত হৈ আছে? এনেকুৱা সীমাৱর্তী এলেকাত নাগালেণ্ড আৰু মিজোৰামৰ মাজত অৱস্থিত মণিপুৰত এনেধৰণৰ অশান্তি আৰু অস্থিৰতা বৃদ্ধি কৰিবলৈ কোন বিদেশী ক্ষমতাৰ ৰুচি থাকিব পাৰে৷ এই ঘটনাসমূহৰ কাৰণ পৰম্পৰাত জানো? দক্ষিণ–পূব এছিয়াৰ ভূ–ৰাজনীতিৰো কোনো ভূমিকা আছে? দেশত মজবুত চৰকাৰ থকাৰ পাছতো এই হিংসা কাৰ সহযোগত ইমানদিনে বিনাবাধাই চলি আছে? যোৱা ৯ বছৰে চলি থকা শান্তিপূর্ণ অৱস্থা অব্যাহত ৰাখিব বিচৰা চৰকাৰ থকাৰ পাছতো কেনেকৈ এই হিংসা ভমককৈ জ্বলি উঠিল আৰু চলি থাকিল? আজিৰ অৱস্থাত যেতিয়া সংঘর্ষৰত দুয়ো পক্ষই শান্তি বিচাৰিছে, এই দিশত কোনো যোগাত্মক পদক্ষেপ লোৱা দেখিলেই কোনো দুর্ঘটনা ঘটাই, পুনৰ বিদ্বেষ আৰু হিংসাৰ প্রতি উচতোৱা সেই শক্তি কোন? এই সমস্যাবোৰৰ সমাধানৰ বাবে বহুমাত্রিক প্রয়াসৰ আৱশ্যকতা আছে৷ এইকাৰণে য’ত ৰাজনৈতিক ইচ্ছাশক্তি, তদনুৰূপ সক্রিয়তা আৰু পাৰদর্শিতা সময়ৰ দাবী, তেনেদৰে ইয়াৰ লগে লগে দুর্ভাগ্যপূর্ণ পৰিস্থিতিৰ কাৰণে উৎপন্ন হোৱা পৰস্পৰ অবিশ্বাসৰ ব্যৱধান দূৰ কৰাৰ কাৰণে সমাজৰ প্রবুদ্ধ নেতৃত্বয়ো এক বিশেষ ভূমিকা পালন কৰিব লাগিব৷ সংঘৰ স্বয়ংসেৱক সমাজৰ সকলো স্তৰতে অবিৰাম সকলোৰে সেৱা আৰু সাহায্য প্রদান কার্য কৰি থকাৰ লগে লগে সমাজৰ সজ্জন শক্তিক শান্তিৰ বাবে আহ্বান কৰি আছে৷ সকলোৱে নিজৰ বুলি ভাবি, সকলো প্রকাৰৰ মূল্য প্রদান কৰি বুজাই–মেলি, সুৰক্ষিত, ব্যৱস্থিত, সদ্ভাবেৰে পৰিপূর্ণ আৰু শান্তিপূর্ণ অৱস্থালৈ অনাৰ প্রয়াস সংঘই কৰি আছে৷ এনে ভয়ংকৰ আৰু উদ্বিগ্ণপূর্ণ পৰিস্থিতিত চেঁচা মগজুৰে আমাৰ কার্যকর্তাসকলে যেনেদৰে তাত সকলোকে চম্ভালাৰ কাম কৰি আছে, তেওঁলোকৰ প্রতি তথা সেই স্বয়ংসেৱকসকলৰ প্রতি আমি গর্ববোধ কৰিছোঁ৷

আমাৰ নিজৰ ভিতৰতে কোনো সমস্যা নাই? আমাৰ জানো নিজৰ বিকাশৰ বাবে কোনো আৱশ্যকতা, আশা নাই? আমাৰ জানো বিকাশৰ বাবে নিজৰ ভিতৰতে প্রতিযোগিতা নচলে? আমি জানো আটায়ে মন, বচন, কর্মৰে এই একাত্মতা সূত্র মানি ব্যৱহাৰ কৰোঁ? সকলোৱে জানে যে সকলোৱে এনেকুৱা নহয়৷ কিন্তু এনেকুৱা হওক, এই ইচ্ছা পোষণ কৰাসকলে এনেকৈ ক’লে নহ’ব যে প্রথমে সমস্যাসমূহ সমাপ্ত হওক, প্রথমে প্রশ্ণবোৰৰ সমাধান হওক, পাছত আমি একতাৰ কথাৰ প্রতি ধ্যান দিম৷ আটায়ে এইটো বুজিব লাগিব যে আপোনাৰ দৃষ্টি গ্রহণ কৰি ব্যৱহাৰ কৰিলে হয়তো তাৰ পৰাই সমসাৰ সমাধনো ওলাব৷ অ’ত–ত’ত ঘটা ঘটনাবোৰত বিচলিত নহৈ শান্তি আৰু সংযমেৰে কাম কৰিব লাগিব৷ সমস্যাসমূহ বাস্তৱিক, কিন্তু সেয়া কেৱল এটা জাতি, বর্গৰ বাবেই নহয়৷ তাক সমাধান কৰাৰ প্রয়াসৰ লগে লগে আত্মীয়তা আৰু একতাৰ মানসিকতাও নির্মাণ কৰিব লাগিব৷ ভুক্তভোগীসকলৰ মানসিকতা, এজনে আনজনক অবিশ্বাসৰ দৃষ্টিৰে চোৱা অথবা ৰাজনৈতিক ক্ষমতাধাৰীসকলৰ পাশাখেলৰ পৰা পৃথক হৈ চলিব লাগিব৷ এনে কামবোৰত ৰাজনীতি বাধাস্বৰূপ হৈ পৰে৷ ই কোনো শৰণাগত বা বাধ্যবাধকতা নহয়৷ যুদ্ধৰত দুটা পক্ষৰ চীজফায়াৰো নহয়৷ ভাৰতৰ সকলো বিবিধতাৰ মাজত পৰস্পৰ একতাৰ যি সূত্র বিদ্যমান, সেই সূত্রৰ আপোনত্বৰ ই আহ্বান৷ আমাৰ ভাৰতবর্ষৰ সংবিধানৰো ৭৫ সংখ্যক বর্ষ চলি আছে৷ এই সংবিধানে আমাক এই দিশলৈকে আঙুলিয়ায়৷ পূজনীয় ডাঃ বাবাচাহেব আম্বেদকাৰদেৱে সংবিধান প্রদান কৰাৰ সময়ত সংবিধান সভাত যি দুটা ভাষণ দিছিল, তাৰ প্রতি ধ্যান দিলে এই সাৰমর্ম বোধ হ’ব৷

এইটো আচম্বিতে হ’ব লগা কাম নহয়৷ পুৰণি সংঘর্ষৰ কটু স্মৃতি সমূহীয়াভাৱে আজিও আছে৷ দেশ বিভাজনৰ নির্মম বিভীষিকাৰ আঘাত বৰ গভীৰ৷ তাৰ ক্রিয়া–প্রতিক্রিয়াৰ কাৰণে যি ক্ষোভ মনত ওপজে, তাৰ শোককথা আৰু ব্যৱহাৰত প্রকট হয়৷ এজনে আনজনৰ চুবুৰিত ঘৰ নোপোৱাকে আৰম্ভ কৰি এজনে আনজনৰ প্রতি উচ্চ–নীচৰ, তিৰস্কাৰৰ দৰে ব্যৱহাৰলৈকে কটু অনুভৱ আমাৰ আছে৷ হিংসা, সংঘর্ষ, প্রতাৰণা আদি ঘটনাৰ দোষ এজনে আনজনৰ ওপৰত জাপি দিয়াৰ প্রসংগও ঘটে৷ কিছুলোকে কৰাটো সম্পূর্ণ সমাজে কৰা, এনে বিবেচনাৰে বক্তব্য, মত প্রকাশ কৰে৷ আহ্বান, প্রতি– আহ্বান দিয়া হয়, যিটোৱে উচটনিৰ কাম কৰে৷

আমাৰ মাজত কাজিয়া লগাই দেশখন থানবান কৰিব বিচৰা শক্তিসমূহেও ইয়াৰ সম্পূর্ণ লাভ লয়৷ চাওঁতে চাওঁতে সৰু ঘটনা এটাক ডাঙৰ কৰি প্রচাৰ কৰা হয়৷ দেশ–বিদেশৰ পৰা চিন্তা ব্যক্ত কৰা আৰু সাৱধানবাণী শুনোৱা বক্তব্য প্রকাশ কৰা হয়৷ হিংসা বিয়পোৱা চক্র সক্রিয় হৈ পৰে আৰু পৰম্পৰা, অবিশ্বাস আৰু দ্বেষ অধিক বঢ়াই তোলা হয়৷

সমাজত সমৰসতা বিচৰা সকলোৱেই এই প্রাণনাশক খেলৰ মায়াৰ পৰা ৰক্ষা পৰিব লাগিব৷ এই সকলোবোৰ সমস্যাৰ নিদান ধীৰে ধীৰেহে ওলাব৷ তাৰ বাবে দেশত বিশ্বাসৰ তথা সৌহার্দ্যৰ বাতাৱৰণ নির্মাণ কৰাটোৱে হ’ব পূর্বচর্ত৷ নিজৰ মন স্থিৰ কৰি, বিশ্বাস ৰাখি, পৰম্পৰা কথা–বতৰা বাঢ়ে, পৰস্পৰ বুজাবুজি বাঢ়ে, পৰম্পৰাৰ মাজত শ্রদ্ধা–সন্মান উৎসৱ হয় আৰু সকলোৰে মিলামিছা বাঢ়ে– এনেধৰণে আমাৰ মন, বচন, কর্ণৰে আমি চলিব লাগিব৷ প্রচাৰ অথবা ধাৰণাৰে নহয়, বাস্তৱিকতা চাই কাম কৰিব লাগিব৷ ধৈর্যৰে, সংযম আৰু সহনশীলতাৰ সৈতে নিজৰ কথা–বতৰা তথা কামৰ উগ্রতা, ক্রোধ তথা ভয় পৰিত্যাগ কৰি দৃঢ়তাৰে সংকল্পবদ্ধ হৈ, দীঘলীয়া সময়লৈ সততে প্রয়াস কৰি থকাৰ অনিবার্যতা আছে৷ বিশুদ্ধ মনেৰে কৰা সংকল্প তেতিয়াহে পূর্ণ হয়৷

যিকোনো অৱস্থাত, যিমানেই উচটনিমূলক হওক, আইন ব্যৱস্থা, নাগৰিক অনুশাসন তথা সাংবিধানিক নিয়ম পালন কৰি চলাটো অনিবার্য৷ স্বতন্ত্র দেশত এনে ব্যৱহাৰেই দেশভক্তিৰ অভিব্যক্তি বুলি মনা হয়৷ মাধ্যমক ব্যৱহাৰ কৰি কৰা উত্তেজক অপপ্রচাৰত তথা তাৰ ফলস্বৰূপে উৎপন্ন হ’ব পৰা আৰোপ–প্রত্যাৰোপৰ প্রতিযোগিতাৰ জালত যাতে নপৰে, সমাজত মাধ্যমৰ ব্যৱহাৰ সৎ আৰু আত্মীয়তাৰ প্রসাৰৰ কাৰণে হওক৷ হিংসা আৰু গুণ্ডাবাজীৰ ক্ষেত্রত সঠিক উপায় হ’ল সংগঠিত শক্তিসম্পন্ন সমাজৰ আইন আৰু সুব্যৱস্থা ৰক্ষাত তৎপৰ হৈ শাসক–প্রশাসনক উচিত সহযোগ কৰাটো৷

অহাবছৰৰ আৰাম্ভণীতেই লোকসভাৰ নির্বাচন আছে৷ নির্বাচনী পাশাখেলত ভাবনাক উচটাই ভোট সংগ্রহ কৰাৰ প্রয়াস আমি নিবিচাৰিলেও ই হয়৷ সমাজক বিভাজন কৰা এনে কথাৰ পৰা আমি সাৱধান হ’ব লাগে৷ ভোট দিয়াটো প্রতিজন নাগৰিকৰে কর্তব্য৷ তাক নিশ্চয়কৈ পালন কৰিব লাগে৷ দেশৰ একাত্মতা, অখণ্ডতা, অস্মিতা তথা বিকাশৰ বিষয়ত বিচাৰ–বিবেচনা কৰি ভোট দিব লাগে৷

২০২৫ৰ পৰা ২০২৬লৈ সংঘৰ ১০০ বছৰ পূর্ণ হোৱাৰ পাছৰ বছৰ৷ ওপৰত বর্ণোৱা সকলো কথাতেই সংঘৰ স্বয়ংসেৱকে নিজৰ খোজ পেলাব, তাৰ প্রস্তুতি কৰি আছে৷ সমাজৰ আচৰণত, উচ্চাৰণত সম্পূর্ণ সমাজ আৰু দেশৰ প্রতি আপোনত্বৰ ভাব প্রকট হ’ব লাগে৷ মন্দিৰ, পানী, শ্মশানত যদি ক’ৰবাত ভেদ ভাবৰ অৱশিষ্ট আছে, তাক সমাপ্ত কৰিব লাগে৷ পৰিয়ালৰ সকলো সদস্যৰ মাজত সদায় মংগলজনক কথা–বতৰা, সংস্কাৰযুক্ত ব্যৱহাৰ আৰু সংবেদনশীলতা অটুট থাকে, বৃদ্ধি হৈ গৈ থাকে আৰু তেওঁলোকৰ দ্বাৰা সমাজৰ সেৱা হৈ থাকে৷ সৃষ্টিৰ সৈতে সম্বন্ধৰ আচৰণ নিজৰ ঘৰখনত পানী বচাই, প্লাষ্টিক আঁতৰাই আৰু ঘৰৰ চোতালত তথা আশে–পাশে সেউজ আৱৰণ বৃদ্ধি কৰা হওক৷ স্বদেশী আচৰণৰ দ্বাৰাই স্ব–নির্ভৰতা আৰু স্বাৱলম্বন বৃদ্ধি হওক৷ আজে–বাজে খৰচ বন্ধ হওক৷ দেশৰ ৰোজগাৰ বাঢ়ক আৰু দেশৰ পইচা দেশতেই কামত আহক৷ সেইবাবে স্বদেশীৰ আচৰণো ঘৰৰ পৰাই আৰম্ভ হ’ব লাগে৷ আইন ব্যৱস্থা আৰু নাগৰিকতাৰ নিয়মসমূহ পালন হওক তথা সমাজত পৰস্পৰ সদ্ভাব আৰু সহযোগৰ প্রবৃত্তি সর্বত্র ব্যপ্ত হওক– এই পাঁচটা আচৰণাত্মক কথা হোৱাটো সকলোৱেই বিচাৰে৷ কিন্তু সৰু সৰু কথাৰে আৰম্ভ কৰি তাৰ আভাসৰ দ্বাৰা এই আচৰণ নিজৰ স্বভাৱলৈ অনাৰ বাবে সততে প্রয়াসৰ আৱ্যশকতা আছে৷ সংঘৰ স্বয়ংসেৱকে অহা দিনবোৰত সমাজৰ অভাৱগ্রস্ত ভাইসকলক সেৱা কৰাৰ লগতে এই পাঁচ প্রকাৰৰ সামাজিক কর্তব্যৰ আচৰণ নিজে কৰি সামজকো তাত সহভাগী আৰু সহযোগী কৰাৰ প্রয়াস কৰিব৷ সমাজহিতৰ প্রতি শাসন, প্রশাসন তথা সামজৰ সজ্জন শক্তিয়ে যি কৰি আছে অথবা কৰিব বিচাৰে, তাত সংঘৰ স্বয়ংসেৱকৰ যোগদান সদায়ে চলি থাকিব৷

সমাজৰ একতা, সজাগতা আৰু সকলো দিশতেই নিঃস্বার্থ উদ্যম, জনহিতকাৰী শাসন আৰু জনমুখী প্রশাসন স্ব–ধিষ্ঠানত থিয় হৈ পৰস্পৰ সহযোগিতাৰে প্রয়াসৰত হৈ থাকিলেহে ৰাষ্ট্র শক্তিমন্ত, বৈভৱসম্পন্ন হ’ব পাৰে৷ বল আৰু বৈভৱেৰে সম্পন্ন ৰাষ্ট্রৰ লগত যেতিয়া আমাৰ সনাতন সংস্কৃতিৰ দৰে সকলোকে নিজৰ কুটুম্ব বুলি ভবা, এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা, অসত্যৰ পৰা সত্যৰ পিনে লৈ যোৱা তথা মর্ত জীৱনৰ পৰা সার্থকতাৰ অমৃত জীৱনৰ পিনে লৈ যোৱাৰ সংস্কৃতি থাকে, তেতিয়া সেই ৰাষ্ট্রই বিশ্বৰ হেৰাই যোৱা ভাৰসাম্যতা ওভতাই আনি বিশ্বক সুখ–শান্তিময় নৱজীৱনৰ বৰদান কৰে৷ বর্তমান সময়ত আমাৰ অমৰ ৰাষ্ট্রৰ নৱোত্থানৰ এয়াই প্রয়োজন৷

চক্রবর্তিয়ো কি সন্তান, লেকৰ জগত গুৰু কা জ্ঞান,
বঢ়ে চলে তো অৰূপ বিহান, কৰনে কো আত্র অভিষেক,
প্রশ্ণ বহুত সে উত্তৰ এক৷
ভাৰত মাতা কী জয়৷

(নাগপুৰত অনুষ্ঠিত বিজয়া দশমী উৎসৱত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে প্রদান কৰা ভাষণৰ সম্পাদিত ৰূপ)

You might also like