বিশেষ বাৰ্তা, ২২ জুলাই : মহানগৰীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো ঘৰৰ ভিতৰত বিছনাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে। হেঙেৰাবাৰী উজ্জ্বল পথৰ ১০নং ঘৰত সংঘটিত হৈছে এই ঘটনা। মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাম ছাইনজলী ৱাৰিছা (৪৫)। ৱাৰিছাৰ ঘৰ উত্তৰ কাছাৰত । এল আই চি এজেণ্ট হিচাপে কৰ্মৰত আছিল মহিলাগৰাকী । তুলেশ্বৰ পেগু নামৰ লোকজনৰ ঘৰত ভাৰাত আছিল মহিলাগৰাকী । ২ মাহ পূৰ্বে ঘৰটো ভাৰাত লৈছিল মহিলাগৰাকীয়ে । ওচৰৰ আন আৱাসীয়ে গোন্ধ পোৱাৰ পিছত খিৰিকী খুলি চোৱাতহে মৃতদেহটো প্ৰত্যক্ষ কৰে । ৫/৬ দিন পূৰ্বে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । এয়া মৃত্যু নে হত্যাকাণ্ড, আৰক্ষীৰ তদন্তৰ পিছতহে সকলো পোহৰলৈ আহিব ।