বিশেষ বাৰ্তা, ২২ জুলাই : গুৱাহাটীত উকীল সন্থাই সংবাদ মেলৰ আয়োজন কৰি ৰাজ্য চৰকাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত অস্থায়ীভাৱে স্থানান্তৰৰ বিৰোধিতা কৰে। সংবাদ মেলত তেওঁলোকে কয় যে চিজেএম আদালত যদি স্থানান্তৰ কৰে, তেতিয়াহ’লে অকল উকীল সন্থাৰে নহয়, জনসাধাৰণৰো বহু অসুবিধা হব । এই সন্দৰ্ভত উকীল সন্থাই মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিব বুলিও জনায় সংবাদ মেলত । তেওঁলোকে কয়- উকীল সন্থা গুৱাহাটী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক ঐতিহ্যমণ্ডিত অনুষ্ঠান। সন্থাক অৱগত নকৰাকৈ আদালত চৌহদ অস্থায়ীভাৱে স্থানান্তৰিত কৰাৰ সিদ্ধান্ত কোনোপধ্যে মানি নলয় বুলি সন্থাই জনায়। লগতে উত্তৰ-পূবৰ সৰ্ববৃহৎ পুথিভঁৰাল থকা এই উকীল সন্থাৰ কাৰ্যালয়ৰ স্মৃতিবোৰ ধ্বংসৰ গৰাহত যাব বুলি উকীল সন্থাই মত পোষণ কৰে । এই সিদ্ধান্ত যদি সলনি নহয়, তেন্তে উকীল সন্থা গুৱাহাটীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনায় ।
Next Post
You might also like