নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ বিশেষ বঁটাৰ বাবে নির্বাচিত বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস

নিয়মীয়া বার্তা, ১৪ আগষ্টঃ কার্বি পাহাৰৰ বোকাজান মহকুমাৰ পৰা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস মুখ্যমন্ত্রীৰ বিশেষ পাৰদর্শিতা বঁটাৰ বাবে নির্বাচিত হৈছে৷ ২০২০ বর্ষত অসম আৰক্ষীৰ ২৯ গৰাকীকৈ আৰক্ষী বিষয়া আৰু জোৱান মুখ্যমন্ত্রীৰ এই বিশেষ পাৰদর্শিতা বঁটাৰ বাবে নির্বাচিত হৈছে৷ এই বঁটাসমূহ কাইলৈ অর্থাৎ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনা প্রদান কৰিব বুলি জানিব পৰা গৈছে৷

  উল্লেখ্য যে পাহাৰীয়া জিলা কার্বিআংলঙৰ অসম–নগালেণ্ড সীমান্তত গঁড চিকাৰী, উগ্রপন্থী সংগঠন, আন্তঃৰাজ্যিক গাডী চুৰি চক্রৰ দুর্ধর্ষ গাডী চোৰ, অবৈধ মাৰণাস্ত্রৰ সৰবৰাহ, ড্রাগ্ছ, গাঁজা, নিচাজাতীয় টেবলেট আদিৰ বিৰুদ্ধে বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে বোকাজানত যোগদান কৰিবৰ দিনাৰে পৰা বিভিন্ন দুষ্কার্যৰ বিৰুদ্ধেও সজোৰে তীব্র অভিযান অব্যাহত ৰাখিছে৷

আৰক্ষী বিষয়াগৰাকী মুখ্যমন্ত্রীৰ এই বিশেষ বঁটাৰ বাবে নির্বাচিত হোৱাত বোকাজানৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, দল–সংগঠন, জ্যেষ্ঠ নাগৰিক, সমাজ সচেতক ব্যক্তিসকল, আৰক্ষী লোকসকলে যথেষ্ট সন্তোষ প্রকাশ কৰিছে৷

You might also like