ৰাজ্যিক পেৰাস্প’ৰ্টছত দুটাকৈ সোণৰ পদক বোকাখাতৰ জিণ্টু দলেৰ
বিশেষ বাৰ্তা, ১১ আগষ্ট : গুৱাহাটীৰ সৰুসজাই এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পঞ্চম সদৌ অসম পেৰাস্পৰ্টছত বোকাখাতৰ জিণ্টু দলেই গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰি দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ এফ ৪০ শাখাত অংশগ্রহণ কৰি শ্বটপুট আৰু জেভেলিন থ্ৰ’ত প্ৰথম স্থান লাভ কৰে। এই প্ৰদৰ্শনৰ ভিত্তিত খেলুৱৈগৰাকীয়ে আগন্তুক উত্তৰ-পূব মণ্ডল প্ৰতিযোগিতাৰ বাবে অসম দলত অন্তর্ভুক্ত হোৱাৰ যোগ্যতা অর্জন কৰিছে।
বোকাখাতৰ ১নং বালিজান মিচিং গাৱঁৰ অমৰ দলে আৰু কুঁৱৰী দলেৰ সন্তানগৰাকীয়ে প্ৰবীণ খেলৱৈ তথা ক্ৰীড়া কৰ্মী সুবোধ বৰা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলীট ধৰাশ্ৰী ৰাজাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। উল্লেখ্য যে জিণ্টু দলেই ইতিমধ্যে মল্লযুঁজত অসমক প্ৰতিনিধিত্ব কৰাৰ উপৰি ৰাজ্যিক পেৰা বডীবিল্ডিং প্ৰতিযোগিতাতো ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। খেলুৱৈগৰাকীৰ এই সাফল্যই বোকাখাতৰ ক্ৰীড়া মহলক উৎফুল্লিত কৰিছে।
প্ৰেৰক অমৰ শৰ্মা