নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত দ্য কেৰালা ষ্টোৰী উপভোগ পশ্চিমবংগৰ দৰ্শকৰ

বিশেষ বাৰ্তা, ১৫ মেঃ বঙাইগাঁৱৰ নিকটৱৰ্তী চাপাগুৰীস্থিত ইউনিভাৰচেল ষ্টুডিঅত আজি দ্যা কেৰেলা ষ্টোৰী নামৰ চিনেমা  চাবলৈ আহিল চুবুৰীয়া ৰাজ্যৰ পৰা  আহিল শতাধিক লোক ৷ দ্যা কেৰেলা ষ্টৰী চাবলৈ পশ্চিম বংগৰ পৰা অসমলৈ আহিল শতাধিক লোক ৷ চুবুৰীয়া ৰাজ্যখনত চিনেমাখন নিষিদ্ধ কৰাৰ বাবে পশ্চিমবংগত পৰা চিনেমাখন উপভোগ কৰিবলৈ বাছ ভাড়া কৰি আহিল শতাধিক লোকসকল৷ দুখন বাছ ভাড়া কৰি প্ৰায় ১২০গৰাকী দৰ্শক আহি চাপাগুৰীৰ ইউনিভাৰচেল হলত চিনেমা উপভোগ কৰা পৰিলক্ষিত হয়। প্ৰাক্তন সাংসদ দশৰথ তিৰ্কীৰ প্ৰমুখ্য কৰি এই সকল লোকে চিনেমা উপভোগ কৰি সন্তোষ প্ৰকাশ কৰে ৷ পশ্চিম বংগ চৰকাৰে চিনেমাখন নিষিদ্ধ কৰাক লৈও কঠোৰ সমালোচনা কৰে  চুবুৰীয়া ৰাজ্যৰ পৰা অহা এই সকল লোকে ৷ পশ্চিম বংগৰ পৰা অহা দৰ্শক সকলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চিনেমাখন চাই ৰাজ্যবাসীক চিনেমাখন চাবলৈ আহ্বান জনোৱা কাৰ্যক আদৰণি জনায় ৷
প্ৰেৰক উপানন্দ শৰ্মা
You might also like