নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্দিতা বুঢ়াগোহাঁইৰ কাব্যগ্ৰন্থ ‘শুকান পাতৰ চিঠি’ উন্মোচন

বিশেষ বাৰ্তাঃ ৬ জানুৱাৰীঃ ‘কবিতা প্ৰকৃততে এক তৈলচিত্ৰৰ দৰে। সেয়েহে কবিতা বুজিবলৈ টান। যুদ্ধোত্তৰ কালত কবিতাৰ ব্যাপক পৰিৱৰ্তন হয়। তাৰ পিছত কবিতাৰ এটা বস্তহে থাকি যোৱা পৰিলক্ষিত হয়। সেয়া হৈছে ‘লয়’।’ উদীয়মান কবি বন্দিতা বুঢ়াগোহাঁইৰ নতুন কাব্যগ্ৰন্থ ‘শুকান পাতৰ চিঠি’ৰ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি, বিশিষ্ট ভাষাবিদ ড° বসন্ত কুমাৰ গোস্বামীয়ে। তেওঁ লগতে কয়- কবিয়ে শব্দৰ যোগেদি শব্দৰ সৈতে আৰু শব্দৰ যোগেদি জগতৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰিব লাগিব। কিন্তু তাৰ বাবে সাধনাৰ প্ৰয়োজন বুলিও তেওঁ লগতে উল্লেখ কৰে। প্ৰসংগক্ৰমে সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতিজনে নবীন কবি- লেখক-লেখিকাসকলৰ প্ৰতি আহ্বান জনাই কয়- কলম হাতত তুলি লোৱাৰ আগেয়ে অভিধান হাতত তুলি ল’ব লাগিব। অভিধান পঢ়িলেহে শব্দৰ ভৰাঁ‌ল চহকী হ’ব আৰু তেতিয়াহে নিজৰ লেখনিত সফল হ’ব পাৰিব বুলি বিশিষ্ট ভাষাবিদজনে আহ্বান জনায়। যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত ‘শুকান পাতৰ চিঠি’ কাব্যগ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক-সমালোচক, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড° মানিক শইকীয়াই কবিতাৰ সম্পৰ্কে সাৱলীল বক্তব্য প্ৰদান কৰি কয়- কবিতাই হৈছে এনে এক মাধ্যম যাৰ যোগেদি নিজৰ লগতে আনকো ফাঁ‌কি দিব নোৱাৰে। কবিতাই যি ক’ব খুজিছে সেইয়াই সত্য আৰু শুদ্ধ। সেয়েহে সাম্প্ৰতিক কালত কবিতাক অধিক মূল্য দিব লগীয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ ব্যঞ্জনাৰ ৰূপে কবিতাক সমৃদ্ধ কৰে যদিও বিষয়ৰ নিৰ্বাচনেহে এটা কবিতাক জীয়াই ৰাখিব পাৰে বুলি উল্লেখ কৰি কবিসকলক বিষয়ৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে তেওঁ বহু লোকে কবিতা বুজি নাপাও বুলি কোৱা প্ৰসংগ উল্লেখ কৰি কয়- কবিতা বুজি নাপাও বুলি ‘গৌৰৱ’ কৰিবলৈ যোৱাতো আচলতে মূৰ্খামিহে। কাৰণ যিজনে তেনে কথা কয় সেইজন প্ৰকৃততে কবিতা বুজি পাব পৰা স্থানলৈ যাবই পৰা নাই বুলি মন্তব্য কৰে। বিশিষ্ট সাহিত্যিকজনে বন্দিতা বুঢ়াগোহাঁইৰ কাব্যগ্ৰন্থ ‘শুকান পাতৰ চিঠি’ নামতো যথেষ্ট অৰ্থবহ হোৱা বুলি উল্লেখ কৰি এই কাব্যগ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে। যুৱ কবি-লেখক ৰঞ্জিত গগৈৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখন বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি, গৱেষক ড° পৰাণ বৰুৱাই। বৰ্ণবাক প্ৰকাশে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ সম্পৰ্কে উল্লেখ কৰি কবি বন্দিতা বুঢ়াগোহাঁইয়ে তেওঁ কিদৰে কাব্যচৰ্চাৰ সৈতে জড়িত হ’ল সেই বিষয়ে উল্লেখ কৰাৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ আশীৰ্বাদত অধিক কবিতা লিখিবলৈ উৎসাহিত-অনুপ্ৰাণিত হোৱা বুলি মন্তব্য কৰে। কবিগৰাকীয়ে লগতে কাব্যগ্ৰন্থখনৰ নাম ‘শুকান পাতৰ চিঠি’ কিয় দিব লগা হ’ল সেই সম্পৰ্কতো নিজ বক্তব্যত উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক প্ৰকাশক আৰু কবিগৰাকীৰ তৰফৰ পৰা বিপুল আদৰণি জনোৱা হয়। মৰিয়নিৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘এনাজৰী’ৰ সদস্যাসকলে পৰিৱেশন কৰা সমবেত সংগীতৰ লগতে কন্ঠশিল্পী বেদীকংকনাৰ গীত পৰিৱেশনে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাখনত জ্যেষ্ঠ সাংবাদিক উৎপল বৰাইয়ো বক্তব্য প্ৰদান কৰি কবিগৰাকীক উৎসাহিত কৰে। এই অনুষ্ঠানতে কাব্যগ্ৰন্থখনৰ প্ৰকাশক তথা জনপ্ৰিয় কবি পৰাগজ্যোতি মহন্তই আঁ‌ত ধৰা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী হেমকান্ত বুঢ়াগোহাঁই, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূদ্ৰ গগৈ, শিক্ষাবিদ নেকিবুল ইছলাম, কৰঙা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৰূপ নাথ, যুৱ কবি দেৱজিত গোস্বামী, জ্যেষ্ঠ সাংবাদিক উৎপল বৰা, সংবাদকৰ্মী চক্ৰসেন গগৈ আদি কেবাজনকো সম্বৰ্দ্ধনা জনোৱা হয়। গাম্ভীৰ্যপূৰ্ণ সভাখনত শতাধিক কবি, শুভাকাংক্ষী, সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like