নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিতুল শইকীয়াক উদ্ধাৰত গৃহ বিভাগ-অ’ এন জি চিৰ চূড়ান্ত গাফিলতি : বৰহোলাত ১৩ দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল:  আলফা (স্বা) ৰ দ্বাৰা অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ শুংসূত্ৰ উলিৱাৰ ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগ আৰু অ’ এন জি চিৰ কৰ্তপক্ষই চূড়ান্ত গাফিলতি কৰাৰ অভিযোগ তুলি আজি পুৱাৰে পৰা ১৩ টা দল-সংগঠনে বৰহোলাৰ শিলডুবিত অ’ এন জি চিৰ বিৰুদ্ধে আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচী। চুতীয়া যুৱ সন্মিলন, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্র সন্থা, বীৰ লাচিত সেনা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, শিলডুবি-চাংপাং চাৰ্ক’ল ইক’টুৰিজিম ডেভেলপমেণ্ট চ’ছাইটি, বৰহোলা তৈল ক্ষেত্ৰ এলেকাৰ নিবনুৱা সন্থা, চুতীয়া জাতি সন্মিলন আদি সংগঠনৰ প্ৰায় শতাধিক কৰ্মীয়ে শিলডুবিৰ জি জি এছৰ সন্মুখত বহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শিলডুবি-গড়াজান চাৰিআলিৰ পথৰ মাজত বাঁহৰ দাং লগাই অ’ এন জি চিৰ সকলো যান-বাহনৰ যাতায়ত বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে অপহৰণৰ পিছতে সন্ধানহীন হৈ পৰা তিতাবৰ মহকুমাৰ বৰহোলাৰ যুৱক ৰিতুল শইকীয়াৰ স্থিতি স্পষ্ট কৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগ আৰু অ’ এন জি চিক দল-সংগঠন সমূহে সম্পূৰ্ণ ২৪ ঘণ্টাৰ সময়সীমা দিছিল। কিন্তু সময়সীমা উকলি যোৱাৰ পিছতো গৃহ বিভাগ আৰু অ’ এন জি চিয়ে ৰিতুল শইকীয়াৰ ক্ষেত্ৰত কোনো নিৰ্ভৰযোগ্য তথ্য সদৰী নকৰিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ষুব্ধ হৈ পৰা দল-সংগঠনসমূহৰ কৰ্মীসকলে এনেদৰে অ’ এন জি চিৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জানিব পৰা গৈছে। প্ৰতিবাদৰ নেতৃত্বত থকা তিতাবৰ জিলা চুতীয়া যুৱ সন্মিলনৰ সভাপতি ধৰণীধৰ শইকীয়াই সংবাদ মাধ্যমৰ আগত চৰকাৰৰ দূৰ্বল ভূমিকাক তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে অপহৃত তিনিজনৰ দুজনক আৰক্ষী প্ৰশাসনে ঠিকেই উদ্ধাৰ কৰিলে। কিন্তু ৰিতুল শইকীয়াক আজি পৰ্যন্ত প্ৰশাসনে ঘূৰাই অনাৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰাটো অতি ৰহস্যজনক। অসম চৰকাৰ তথা সেনা, আৰক্ষী প্ৰশাসন আৰু আলফা(স্বা)এ ৰিতুল শইকীয়াৰ ক্ষেত্ৰত প্ৰত্যেক দিনাই দায়সৰা মন্তব্য দি অহাহে পৰিলক্ষিত হৈছে। আমাৰ স্পষ্ট দাবী যে ৰিতুল শইকীয়াক প্ৰশাসনে সুঁশৰীৰে ঘূৰাই আনি পৰিয়াল বা ৰাইজক গতাই দিবই লাগিব। অন্যথা অ’ এন জি চিৰ বিৰুদ্ধে আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন এই প্ৰতিবাদ আৰু অধিক জোৰদাৰ হৈ উঠিব বুলি প্ৰকাশ কৰে ধৰণীধৰ শইকীয়াই। প্ৰতিবাদস্থলীত উপস্থিত থকা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলা সমিতিৰ সভাপতি বিজয় হাজৰিকাই কয় যে সন্ধানহীন ৰিতুল শইকীয়াক উদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰৰ গৃহ বিভাগ আৰু অ’ এন জি চিয়ে চূড়ান্ত গাফিলতি কৰাটো বৰ্তমান স্পষ্ট হৈ পৰিছে। বিগত এসপ্তাহে প্ৰশাসন, অ’ এন জি চিৰ কাম কাজ বিলাক আমি দেখি আহিছোঁ। ৰিতুল শইকীয়াক লৈ তেওঁলোকে যি অনিহা প্ৰদৰ্শন কৰিছে তাক আমি কঠোৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ। সভাপতিগৰাকীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আৰু কয় যে আজি পুৱাৰে পৰা কেইবাটাও দল-সংগঠন একত্ৰিত হৈ ৰিতুল শইকীয়াৰ মুক্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু আবেলি ২ বজাৰ পৰ্যন্ত প্ৰশাসন অথবা অ’ এন জি চি কোনো এজন উচ্চপদস্থ বিষয়া আহি প্ৰতিবাদকাৰীৰ সৈতে ক্ষন্তেক সময়ো বাৰ্তালাপ নকৰাটো অতি দুৰ্ভাগ্যজনক। অসম চৰকাৰৰ বিফলতা আৰু অ’ এন জি চিৰ দায়িত্বজ্ঞানহীনতা বৰ্তমান প্ৰমাণিত হৈছে। ৰিতুল শইকীয়া ঘূৰি নহা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখা হ’ব বুলি হুংকাৰ দিয়ে বিজয় হাজৰিকাই। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ মুখ্য উপদেষ্টা অমল সোণোৱাল, চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক পলাশ হাজৰিকা, কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলাৰ সহকাৰী সম্পাদক ৰাজীৱ চুতীয়া, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সুপ্ৰতীম ৰাজখোৱা, তিতাবৰ জিলা চুতীয়া যুৱ সন্মিলনৰ সাংগঠনিক সম্পাদক যদুমণি চুতীয়া, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ বৰহোলা আঞ্চলিকৰ সভাপতি দেৱজিৎ পাঠক, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি পাপু চুতীয়া, তিতাবৰ মহকুমা চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক পল্লৱ হাজৰিকা আদি বহুকেইজন নেতৃত্বই ৰিতুল শইকীয়াক সোঁশৰীৰে ঘৰলৈ ঘূৰাই আনিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনায়। প্ৰতিবাদস্থলীত উপস্থিত হোৱা তিতাবৰ মহকুমা আৰক্ষী বিষয়া গৰাকীক ৰিতুল শইকীয়াৰ সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত বৰ্তমান তেওঁ একো প্ৰকাশ কৰিব নোৱাৰিম বুলি কোৱাৰ লগতে মাত্ৰ অৱৰোধ কাৰ্যসূচীটোৰ বাবেহে ইয়ালৈ আহিছে বুলি ব্যক্ত কৰে। উল্লেখ্য যে আবেলি ধৰ্মঘটস্থলীত অ’ এন জি চিৰ চাৰিজন বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে বাৰ্তালাপ কৰিছিল যদিও ৰিতুল শইকীয়াৰ সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য দিব নোৱাৰাত প্ৰতিবাদ অব্যাহত থাকে।

# বৰহোলা আঞ্চলিক ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট :
সন্ধানহীন ৰিতুল শইকীয়াৰ ক্ষেত্ৰত অসম চৰকাৰে স্থিতি স্পষ্ট কৰাৰ লগতে ৰিতুলক শীঘ্ৰে উদ্ধাৰৰ ব্যৱস্থা কৰি শোকাস্তব্ধ পৰিয়ালটোত আস্বস্ত কৰাৰ দাবীত আজি দুপৰীয়া বৰহোলা আঞ্চলিত ছাত্র সন্থাই কাৰ্যালয়ৰ সন্মুখতে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্মঘটস্থলীৰ পৰাই তিতাবৰ মহকুমা ছাত্র সন্থাৰ সভাপতি মাধুৰ্য পাঠকে চৰকাৰক আহ্বান জনাই কয় যে অসম চৰকাৰ আৰু অ’ এন জি চিয়ে শীঘ্ৰে ৰিতুল শইকীয়াৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিব লাগে। অ’ এন জি চিয়ে অসমক মাত্ৰ সম্পদ আহৰণৰ ঠাই হিচাপে ব্যৱহাৰ কৰিছে নেকি ? অ’ এন জি চিয়ে আজি নিজৰ কৰ্মচাৰীক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা দেখা গৈছে। আজি এসপ্তাহ পাৰ হোৱাৰ পিছতো অসম চৰকাৰে আনুষ্ঠানিক ভাবে কোনো মন্তব্য নিদিয়া বিষয়টোৱে পৰিয়ালটোক দুমোজাত পেলাইছে। নিজৰ থলগিৰিৰ ওপৰত আক্ৰমণ কৰা এইয়া আলফা(স্বা)ৰ কেনে বিপ্লৱ বুলিও প্ৰশ্ন উত্থাপন কৰে মাধুৰ্য পাঠকে। ধৰ্মঘট স্থলীতে বৰহোলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ভাস্কৰজ্যোতি নেওগ, সাধাৰণ সম্পাদক প্ৰদীপ বৰুৱাৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ তিতাবৰৰ মহকুমাধিপতিৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

You might also like