নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুলভ মূল্য–অন্ন যোজনাৰ চাউলৰ পৰা বঞ্চিত হ’ব বিপিএল পৰিয়াল

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ক’ভিড–১৯এ দেশজুৰি অর্থনৈতিক বিপর্যয় মাতি অনাৰ সময়তে ৰাজ্যৰ ৫৭.৮ লাখ দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ২.৫২ কোটি লোকৰ বাবে এতিয়া মূৰত সৰগ ভাঙি পৰা সংবাদ৷ কাৰণ অচিৰেই বন্ধ হ’ব ৰাজ্যৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা৷ একমাত্র ৰাজ্য চৰকাৰৰ অকর্মণ্যতাৰ বাবেই বঞ্চিত হ’ব ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ বৃহৎসংখ্যক হিতাধিকাৰী৷ ৰাজ্যৰ দৰিদ্র লোকসকলক ইমান দিন অন্ন যোগান ধৰি অহা সুলভ মূল্যৰ ব্যৱসায়ীসকলেই এতিয়া পোৱা নাই দুমুঠি অন্ন৷ লকডাউন, আর্থ–সামাজিক অৱৰোধৰ মাজত যোৱা এপ্রিল মাহৰ পৰা ৰাজ্যৰ দৰিদ্র লোকসকলে বিনামূলীয়াকৈ চাউল লাভ কৰি আহিছে যদিও সুলভ মূল্যৰ দোকানীসকলে বছৰ বছৰ ধৰি ৰাজ্য চৰকাৰৰ দ্বাৰা প্রতাৰিত হৈ আহিছে৷ সেয়েহে উপায়ান্তৰ হৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত চাউলৰ যোগান বন্ধ কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছে ৩৮,২৩৫গৰাকী চৰকাৰী অনুমোদিত সুলভ মূল্যৰ দোকানীসকলৰ সংগঠন সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সংস্থাই৷

উত্থাপিত অভিযোগ অনুসৰি ২০১৯ চনৰ আগষ্ট মাহৰ পৰা ৰাজ্যৰ বি পি এল পৰিয়ালসমূহক যোগান ধৰি অহা চাউলৰ ‘কমিছন’ৰ বাবদ সুলভ মূল্যৰ দোকানীসকলৰ প্রাপ্য ৫১৯,৯৭,৮০,৪৫২ (প্রায় ৫২০ কোটি) টকা ৰাজ্য চৰকাৰে আদায় দিয়া নাই৷ তদুপিৰ কেন্দ্রীয় চৰকাৰৰ ২০১৫ চনৰ ১৭ আগষ্টত অধ্যাদেশ জাৰি কৰি বিশেষ ৰাজ্যৰ স্বীকৃতি প্রদান কৰা অসমৰ সুলভ মূল্যৰ দোকানীক প্রতি কুইণ্টল খাদ্য সুৰক্ষাৰ চাউল বিতৰণৰ বাবদ ১৪৩ টকাৰ কমিছন ধার্য কৰি দিয়া হৈছিল যদিও দোকানীসকলে ১৪৩ টকাৰ পৰিৱর্তে ১০০.১০ টকাহে ২০১৯ চনৰ জুলাই মাহলৈকে লাভ কৰিছিল৷ সেয়েহে ৰাজ্য চৰকাৰে যোৱা বছৰ জুলাই মাহলৈকে কুইণ্টলেপতি কাটি ৰখা ৪২.৯০ টকাৰ লগতে চলিত বছৰৰ জুলাই মাহলৈকে বকেয়াসহ প্রায় ৫২০ কোটি টকা মোকালাই নিদিয়ালৈকে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সংস্থাই ৰাজ্যৰ ২.৫২ কোটি লোকক চাউল যোগান ধৰাৰ পৰা বিৰত থকাৰ এক কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

সংস্থাৰ মুখপাত্র গুঞ্জন বৰাই অসমৰ পৰা টেলিফোনত এই প্রতিবেদকৰ আগত প্রকাশ কৰা মতে, শেহতীয়াকৈ সংস্থাৰ সাধাৰণ সভাত আনুষ্ঠানিকভাৱে এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ ১২ জুলাইৰ বৈঠকত ৰাজ্যৰ সকলো জিলা সমিতিয়ে ৰাজ্যিক সংস্থাই গ্রহণ কৰা সিদ্ধান্তত সন্মতি প্রকাশ কৰিছে৷ সংস্থাৰ এই সিদ্ধান্তৰ কথা আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীক স্মাৰক–পত্রযোগে জনাইছে সংগঠনটোৱে৷ সংস্থাৰ পৰা প্রেৰণ কৰা চৰম পত্রত কোৱা হৈছে অহা ১৫ আগষ্টৰ ভিতৰত অসমৰ সুলভ মূল্যৰ দোকানীসকলৰ প্রাপ্য ৫২০ কোটি টকা মোকালাই দিয়া নহ’লে তেওঁলোক খাদ্য সুৰক্ষা আইনৰ জৰিয়তে ৰাজ্যৰ ৫৭,৭৭,৯৯৩টা দুখীয়া পৰিয়ালৰ মুঠ ২.৫২ কোটি লোকে লাভ কৰি অহা বিনামূলীয়া চাউলৰ যোগান বন্ধ কৰি দিব৷ ১ ছেপ্ঢেম্বৰৰ পৰা প্রযোজ্য হ’বলগীয়া এই সিদ্ধান্তৰ জৰিয়তে দোকানীসকলে সুলভ মূল্যৰ চাউল বিতৰণ প্রক্রিয়া বন্ধ কৰি দিব৷ বৰাই লগতে প্রকাশ কৰা মতে, ক’ৰোনা অতিমাৰীৰ সংক্রমণৰ সময়ত দুখীয়া জনগণক সকাহ দিয়াৰ লক্ষ্যৰে প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন যোজনা আঁচনিৰ জৰিয়তে যোৱা তিনি মাহ অতিৰিক্তভাৱে বিনামূলীয়াকৈ বিতৰণ কৰি অহা চাউল আৰু দাইলৰ প্রাপ্য কমিছনো ৰাজ্যৰ সুলভ মূল্যৰ দোকানীসকলে লাভ কৰা নাই৷ লগতে ২০০৮ চনৰ ছেপ্ঢেম্বৰ মাহৰ পৰা দোকানীসকলে পাবলগীয়া অন্ত্যোদয়া চাউল আৰু বিদ্যালয়সমূহত মধ্যাহ্ণ ভোজনৰ চাউল বিতৰণৰ বাবদ পাবলগীয়া পৰিবহণ ভাট্টাও মোকলাই দিয়া নাই ৰাজ্য চৰকাৰে৷ আনহাতে, বিটিচি, কার্বি আংলং আৰু ডিমা হাছাও অঞ্চলৰ পৰিষদীয় এলেকাসমূহত যোৱা ২২ মাহলৈকে দোকানীসকলৰ কমিছন অনাদায় হৈ থকাৰ উপৰি ডিমা হাছাও এলেকাৰ দোকানীসকলক প্রতি কুইণ্টলত ১৪৩ টকাৰ বিপৰীতে মাত্র ৭০ টকাকৈ কমিছন আদায় দি ৰাজ্য চৰকাৰে খাদ্য সুৰক্ষা আইন ভংগ কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সংস্থাই৷ সংস্থাৰ মুখপাত্র গুঞ্জন বৰাই নিজৰ ক্ষোভ ব্যক্ত কৰি কয় যে সুলভ মূল্যৰ দোকানীসকলো ভাৰতীয় নাগৰিক৷

অসমত এখন জনপ্রিয় চৰকাৰ প্রতিষ্ঠা কৰাত তেওঁলোকৰো বহুতো অৱদান আছে৷ তেওঁলোকৰ এই সমস্যাসমূহ বহুবাৰ ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু যোগানমন্ত্রী ফণীভূষণ চৌধুৰীক অৱগত কৰোৱা হৈছে৷ তদুপৰি সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ এই দুৰৱস্থাত ৰাজ্য চৰকাৰৰ কোনো সঁহাৰি এতিয়ালৈকে তেওঁলোকে লাভ কৰা নাই৷ সেয়েহে উপায়ান্তৰ হৈ চাউল যোগান বন্ধ কৰাৰ তেওঁলোকে যি সিদ্ধান্ত গ্রহণ কৰিছে, সেই কথা পুনৰ মুখ্যামন্ত্রীৰ লগতে এইবাৰ প্রধানমন্ত্রীকো পত্রযোগে জনাই দিয়া হৈছে বুলি বৰাই স্পষ্ট কৰি দিয়ে৷ লগতে কেন্দ্রীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রী ৰামবিলাস পাছোৱানকো ৰাজ্য চৰকাৰৰ হেমাহিৰ কথা সংস্থাৰ তৰফৰ পৰা অৱগত কৰা হৈছে৷ উল্লেখ্য যে ২০১৩ চনৰ খাদ্য সুৰক্ষা আইনৰ অধীনত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমৰ ৩৮,২৩৫গৰাকী চৰকাৰী অনুমোদিত সুলভ মূল্যৰ দোকানীয়ে ২.৫২ কোটি হিতাধিকাৰীক বিনামূলীয়াকৈ প্রতি মাহে ১,৩৫,৪৭৯ মেড্রিকটন চাউল বিতৰণ কৰি আহিছে৷

You might also like