উৎকোচ লৈ হাতে–লোটে গ্রেপ্তাৰ আবকাৰী অধীক্ষক–চতুর্থবর্গ কর্মচাৰী
তিনিচুকীয়াৰ উপায়ুক্ত কার্যালয়ত দুর্নীতি নিবাৰকৰ অভিযান
নিয়মীয়া বাৰ্তা ৭ মেঃ তিনিচুকীয়া জিলা উপায়ুক্ত কার্যালয়ত আজি উৎকোচ লৈ থকা অৱস্থাত হাতে–লোটে ধৰা পৰিল এজন আবকাৰী অধীক্ষক৷ দুর্নীতি নিবাৰক শাখাই আজি উপায়ুক্তৰ কার্যালয়ত চলোৱা এই অভিযানত ধৰা পৰা বিষয়াজন হ’ল মানসজ্যোতি দাস৷ অভিযোগ অনুসৰি অধীক্ষকগৰাকীৰ হৈ অর্জুন ৱাচপ’ৰ নামৰ এজন পিয়নে প্রতিখন সুৰা বিপণীৰ পৰা প্রতিমাহে ২,০০০ টকাকৈ সংগ্রহ কৰিছিল৷ এনেদৰে ভাবুকিৰে ধন সংগ্রহ কৰা আবকাৰী অধীক্ষকজনৰ বিৰুদ্ধে দুর্নীতি নিবাৰক শাখাত দাখিল কৰা হৈছিল এটা গোচৰ৷
উক্ত গোচৰৰ ভিত্তিতে বৃহস্পতিবাৰে অভিযান চলাই হাতে–লোটে ধৰা পেলায় মানসজ্যোতি দাস আৰু পিয়ন অর্জুন ৱাচপ’ক৷ বর্তমান দুয়োজনক তিনিচুকীয়া জিলা উপায়ুক্ত কার্যালয়ৰ আবকাৰী বিভাগৰ অধীক্ষকগৰাকীৰ কক্ষতে মাৰাথন জেৰা চলাই আছে দুর্নীতি নিবাৰক শাখাই৷ আবকাৰী বিভাগৰ অধীক্ষক এগৰাকীয়ে তিনিচুকীয়া জিলাৰ উপায়ুক্ত কার্যালয়তে বহি এইদৰে উৎকোচ লৈ থকা লজ্জাজনক কার্যই তিনিচুকীয়া জিলাখনত চলি থকা অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়ৰ প্রকৃত স্বৰূপ দাঙি ধৰিছে৷
মন কৰিবলগীয়া যে যোৱা ফেব্রুৱাৰী মাহত ধুবুৰীৰ পৰা তিনিচুকীয়ালৈ বদলি হৈ আহিছিল মানসজ্যোতি দাস৷ কর্তব্যত যোগদান কৰিয়ে লুণ্ঠনত নামি পৰা এইজন আবকাৰী অধীক্ষকে পিয়ন অর্জুন ৱাচপ’ৰ জৰিয়তে সুৰাৰ বিপণীৰ স্বত্বাধিকাৰক উৎকোচ বিচাৰি হাৰাশাস্তি কৰি আহিছিল৷ প্রতিদিনে ধন বিচাৰি ফোন কৰা আবকাৰী অধীক্ষকজনে উৎকোচ নাপালে নানা অজুহাত দেখুৱাই সুৰাৰ বিপণীৰ অনুজ্ঞাপত্র নাকচ কৰাৰ ভাবুকি দিয়ে৷ বৃহস্পতিবাৰে দুয়োকে দুর্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰি প্রটক’ল অনুসৰি ক’ভিড টেষ্ট কৰোঁতে মানসজ্যোতি দাসৰ ক’ভিড নিগেটিভ হোৱাৰ বিপৰীতে পিয়ন অর্জুন ৱাচপ’ৰ পজিটিভ চিনাক্ত হয়৷ দুর্নীতি নিবাৰক শাখাই এইক্ষেত্রত আৰু তদন্ত অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে৷