নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীত পঞ্চম শ্রেণীৰ ছাত্রীৰ ধর্ষণ–হত্যাই জোকাৰিছে ৰাজ্য

নিয়মীয়া বাৰ্তা ৭ মেঃ শিশুৰ বধ্যভূমিত পৰিণত হৈছে অসম৷ এটাৰ পিছত আন এটা নাবালক শিশুৰ হত্যাকাণ্ডই জোকাৰি গৈছে প্রতিগৰাকী নাগৰিকৰ বিবেক৷ অমানৱীয়, নৃশংস, জঘন্য কোনো শব্দৰেই ৰিজাব নোৱৰা অপৰাধ সংঘটিত হ’বলৈ লৈছে এইখন অসমত৷ নগাঁৱৰ ৰহাত সৌ সিদিনা এগৰাকী বনকৰা কিশোৰীক অকথ্য নির্যাতন চলাই জ্বলাই দিয়া হ’ল৷ এগৰাকী নিষ্পাপ কিশোৰীৰ ছাই হৈ পৰা অৱয়ৱ দেখি কঁপি উঠিছিল সকলো৷ সেই দৃশ্য আজিও বহুতে পাহৰিব পৰা নাই৷

তাৰ মাজতে লখিমপুৰ জিলাৰ বগীনদীত সংঘটিত হৈছে আন এক সভ্যতাক কলংকিত কৰা, হূদয় চূর্ণ কৰি যোৱা ঘটনা৷ বগীনদীৰ থেকেৰাগুৰিত পঞ্চম শ্রেণীত পঢ়ি থকা এগৰাকী ৯ বছৰীয়া নাবালিকাক হত্যা কৰি নিজ ঘৰতে ওলমাই থৈ যোৱা হ’ল৷ বুধবাৰে সন্ধিয়া সংঘটিত হৈছে এই নির্মম হত্যাকাণ্ড৷ থেকেৰাগুৰিৰ এই ঘটনাই এতিয়া জোকাৰণি তুলিছে সমগ্র ৰাজ্যত৷ উল্লেখ্য যে পঞ্চম শ্রেণীৰ ছাত্রীগৰাকীক ঘৰৰ বাৰাণ্ডাত চিপ লৈ থকা অৱস্থাত প্রত্যক্ষ কৰে চুবুৰীয়া লোকে৷

তাৰ পিছত প্রথমে খবৰ দিয়ে চাউলধোৱা আৰক্ষীক৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷ কিন্তু কোনেও এয়া আত্মহত্যাৰ ঘটনা হিচাপে মানি ল’ব পৰা নাই৷ কিয়নো পঞ্চম শ্রেণীত পঢ়ি থকা এগৰাকী নাবালিকা ছাত্রীয়ে কোনো পৰিস্থিতিতে আত্মহত্যাৰ চিন্তা মনলৈ নানে৷ সকলোৰে অভিযোগ– ঘৰত কোনো নথকা অৱস্থাত ছাত্রীগৰাকীক কোনো বর্বৰ লোকে নির্যাতন চলাইছে৷ এই পাশৱিক কাণ্ড লুকুৱাবৰ বাবেই হত্যা কৰি ওলমাই থৈ আহিছে৷ স্থানীয় লোকে সন্দেহবশতঃ ওচৰতে টাৱাৰ নির্মাণত জড়িত ১৭গৰাকী শ্রমিকক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছে৷ ৰহাৰ পিছতে বগীনদীত সংঘটিত এই পাশৱিক কাণ্ডক অসমবাসীয়ে একমুখে গৰিহণা দি দোষীৰ ফাঁচিৰ দাবী তুলিছে৷
গোগামুখত আছুৰ মানৱ শৃংখল কার্যসূচী, প্রাক্তন বিদ্যা ভাৰতীৰ ছাত্র–ছাত্রীৰ মৌন সমদল
লখিমপুৰ সীমামূৰীয়া চাউলধোৱা থেকেৰাগুৰিত সংঘটিত হ’ল মানৱ সভ্যতাক লজ্জানত কৰা এক নাৰকীয় ঘটনা৷ যোৱা মঙলবাৰে আবেলি প্রায় ৩.৩০ বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনো লোকে গোগামুখ শংকৰদেৱ শিশু নিকেতনৰ ছাত্রীগৰাকীক বলাৎকাৰ কৰাৰ পিছত গামোচাৰে ওলমাই থৈ যোৱা বুলি সকলোৱে সন্দেহ কৰিছে৷ এই ঘটনাত জড়িত দোষীক কঠোৰৰ পৰা কঠোতম শাস্তি বিহিবলৈ দাবী জনাইছে ৰাইজে৷ সদৌ অসম ছাত্র সন্থাৰ গোগামুখ আঞ্চলিক আছুৱে আজি এই ঘটনা সন্দর্ভত ‘মানৱ শৃংখল’ কার্যসূচী ৰূপায়ণ কৰে৷ গোগামুখ আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা ঋতুপর্ণ কোচ, সভাপতি সত্য চেতিয়া, সম্পাদক অনির্বাণ শইকীয়া আৰু দিগন্ত বৰুৱা আদিয়ে অংশগ্রহণ কৰি দোষীক শীঘ্রে চিনাক্ত কৰি শাস্তি বিহিবলৈ প্রশাসনক দাবী জনায়৷

ইফালে, গোগামুখত নাবালিকাক ধর্ষণ কৰি হত্যা কৰা কাণ্ডৰ বিৰুদ্ধে মহিলা–ছাত্র–ছাত্রীস সমদল কৰি আহি গোগামুখ নগৰৰ মাজমজিয়াত এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ গোগামুখ শংকৰদেৱ শিশু নিকেতনৰ প্রাক্তন ছাত্র–ছাত্রীৰ লগতে প্রাক্তন ভাৰতী ছাত্র–ছাত্রীসকলে গোগামুখ শংকৰদেৱ শিশু নিকেতনৰ পৰা গোগামুখ চাৰিআলিৰ মাজমজিয়ালৈ মৌন সমদল উলিয়ায়৷ শতাধিক লোকে অংশগ্রহণ কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনায়৷
চাউলধোৱা–থেকেৰাগুৰ্ ছাত্রীৰ ৰহস্যজনক আত্মহত্যা কাণ্ডক লৈ ধেমাজি–লখিমপুৰত প্রতিক্রিয়া
উচিত তদন্তৰ আশ্বাস লখিমপুৰৰ জিলা আৰক্ষী অধীক্ষকৰ
লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তর্গত তথা চাউলধোৱা আৰক্ষী চকী এলেকাৰ থেকেৰাগুৰিৰ গোগামুখ শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম শ্রেণীত পঢ়ি থকা এগৰাকী ছাত্রীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক লৈ আজি লখিমপুৰ জিলাৰ লগতে ধেমাজি জিলাতো ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷ আজি আছুৰ লখিমপুৰ জিলা সমিতি, চাউলধোৱা–বগীনদী আঞ্চলিক সমিতি আৰু গোগামুখ আঞ্চলিক সমিতি, এ জে ৱাই চি পিৰ চাউলধোৱা, গোগামুখ আঞ্চলিক সমিতি, আগছু, কোচ ৰাজবংশী ছাত্র সন্মিলনী, চুতীয়া ছাত্র সন্থাৰ এক প্রতিনিধি দলে ছাত্রীগৰাকীৰ গৃহলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰি মৃত্যুৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়৷

আনহাতে, লখিমপুৰ জিলা প্রশাসনে কালিৰ পৰাই তদন্তৰ কাম ক্ষিপ্রতৰ কৰি তুলিছে৷ জানিব পৰা মতে, বিষয়টোক লৈ লখিমপুৰ জিলাৰ উপ–আৰক্ষী অধীক্ষকে কালি সন্ধিয়া চাউলধোৱা আৰক্ষী চকীত গৈ সমগ্র পৰিস্থিতিৰ বুজ লয়৷ আজি জিলা আৰক্ষী অধীক্ষক লংনিট টেৰণে চাউলধোৱা আৰক্ষী চকীত উপস্থিত হৈ ৰাইজে ছাত্রীগৰাকীৰ মৃত্যুৰ ঘটনাত জড়িত থকা বুলি সন্দেহ কৰা এন এইচ পি চিৰ ১৭জন শ্রমিকক পুনৰ সোধা–পোছা কৰি এই ঘটনাৰ উচিত তদন্ত কৰাৰ আশ্বাস দিয়ে৷ তেওঁ নিজে তদন্তৰ দায়িত্ব লোৱাৰ কথা প্রকাশ কৰে৷ বগীনদী আৰক্ষীয়ে প্রকাশ কৰা তথ্য মতে ছাত্রীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰাৰ উপৰি মৃতদেহৰ কেতবোৰ স্পর্শকাতৰ অংগ ফৰেনছিক পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰা হৈছে৷ এই সকলো পৰীক্ষাৰ প্রতিবেদন লাভ কৰি যদিহে ছাত্রীগৰাকীৰ মৃত্যুৰ কাৰণ হত্যা অথবা ধর্ষণ হয়, তেনে ক্ষেত্রত কোনো কাৰণতে আৰক্ষীৰ পৰা অপৰাধী সাৰি যাব নোৱাৰে বুলি ভাৰপ্রাপ্ত আৰক্ষী বিষয়া উত্তম অধিকাৰীয়ে প্রকাশ কৰে৷
উচিত তদন্তৰ দাবী চুতীয়া ছাত্র সন্থাৰ
পঞ্চম শ্রেণীৰ নাবালিকা ছাত্রীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাক লৈ আজি সদৌ অসম চুতীয়া ছাত্র সন্থাই তীব্র প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে৷ চুতীয়া ছাত্র সন্থাৰ কেন্দ্রীয় সম্পাদক ৰাজু চুতীয়াৰ নেতৃত্বত যোৱা ছাত্র কর্মীৰ দলটোৱে আজি ছাত্রীগৰাকীৰ গৃহলৈ গৈ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে এগৰাকী অবুজ নাবালিকা ছাত্রীৰ আত্মহত্যাৰ ঘটনাক সহজভাৱে ল’ব নোৱাৰি বুলি প্রতিক্রিয়া প্রকাশ কৰে৷ সংগঠনটোৱে এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ লখিমপুৰ জিলা প্রশাসনক দাবী জনাইছে৷

You might also like