নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলঙৰ অভাৱে কন্দুৱাইছে ভাৰত-ভূটান সীমান্তবাসীক

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : দেশে স্বাধীনতা লাভ কৰা সাতটাকৈ দশক অতিক্ৰম কৰাৰ পিছতো পৰাধীনৰ দৰে বসবাস কৰিবলগীয়া হৈছে দেশৰ জনগণে৷ যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক ডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন ৰচিছে তথা দেশক আগুৱাই লৈ যোৱাত প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেই সময়তে দেশৰ জনগণে এটিয়াও ৰাস্তা-ঘাট, দলং, খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ এনে অৱস্থাত নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া কিমান সাৰ্থক হ’ব, সেয়া এক ডাঙৰ প্ৰশ্ন উঠিছে৷ বিটিএডিৰ ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ অন্তৰ্গতবৃহত্তৰ নালাপাৰা, ৰজাগড়, বাদলাপাৰা, ভোলাটাৰ, টেংকেবস্তী, ভাতেডিকুৰা, ঘোপাকোণা অঞ্চল৷ একাধিক সমস্যাৰে ককবকাই থকা গাঁওবাসীৰ প্ৰধান সমস্যা হ’ল নালানদী, বাদলাপাৰা নদী আৰু ভোলাটাৰ নৈত স্বৰাজত্তৰ ৭০ বছৰ পাছতো এখন পকী দলং নিৰ্মাণ নকৰাত যাৰবাবে জীয়াতু ভুগি আহিছে সীমান্তবাসীয়ে ৷ সীমান্তবাসীয়ে বহিঃবিশ্বৰ সৈতে যোগাযোগ কৰিবলগীয়া হ’লে এই তিনিওখন নদী পাৰ হৈ যাবলগীয়া হয় ৷ কিন্তু বাৰিষাৰ সময়ত ভূটান পাহাৰৰ পৰা বৈ অহা বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চলটো যোগাযোগ বিচ্ছিন্ন কৰি দিয়ে ,ফলত একপ্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত ৷ নদীত দলং নোহোৱাৰ বাবে বিদ্যালয়,মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ -ছাত্ৰী, শিক্ষক- কৰ্মচাৰী,চাহ খেতিয়ক জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি নিজ কৰ্তব্যস্থলীলৈ যাবলগীয়া হয় ৷ কেতিয়াবা হঠাৎ নদীত পানী আহিলে ওৰে নিশা নদীৰ সিপাৰে থাকিবলগীয়া হয় স্থানীয় লোক৷ ভূটান সীমান্তত সেউজ বিপ্লব কঢ়িয়াই অনা ক্ষুদ্ৰ চাহ খেতিয়কে নিজৰ কেঁচা চাহপাত ডিআই ট্ৰাকেৰে এই পথেৰে হাতীগড়, ভুটিয়াচাং, কোৰামোৰ চাহ কোম্পানীলৈ লৈ যায়৷ কিন্তু এই পথত তিনিখন নদী অতিক্ৰম কৰিবলগীয়া হোৱাত চাহ খেতিয়কে অধিক লোকচানৰ সন্মুখীন হ’বলগীয়া হয় ৷ কাৰণ নদীত অধিক সময় অতিক্ৰম কৰিবলগীয়া হোৱাত চাহ খেতিয়কৰ কেঁচা চাহপাত গাড়ীতে নষ্ট হয় আৰু কোম্পানী গোষ্ঠীয়ে ঘূৰাই পঠিয়াই দিয়ে৷ নালাপাৰা,ৰাজাগড়, বাদলাপাৰাবাসীয়ে কেইবাবাৰো এই নদীত অঘটন হোৱা পৰিলক্ষিত হৈছে যদিও নদীত দলং দিয়াৰ কোনো আঁচনি গ্ৰহণ নকৰিলে৷ পৰিৱৰ্তনকামী চৰকাৰেও ভূটান সীমান্তৰ এই জ্বলন্ত সমস্যা সমাধানৰ বাবে আজিলৈ একো ব্যৱস্থা হাতত নল’লে৷ স্থানীয় জনপ্ৰতিনিধিৰো নাই একো কাণসাৰ৷ মুঠতে মাহীআইৰ দৃষ্টিৰে চোৱা হ’ল সীমান্তবাসীক৷ পৰৱৰ্তী সময়ত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ভূটান সীমান্তৰ এই জ্বলন্ত সমস্যা সমাধানৰ বাবে কেনেধৰণৰ ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰে , সেয়া লক্ষণীয় বিষয় হ’ব ৷

প্ৰেৰক পৱন নাথ

You might also like