নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত প্ৰাকৃতিক পৰিৱেশৰ মাজত শিশু দিৱস পালন

🟢গোগামুখৰ ব্যক্তিগত শিক্ষানুষ্ঠান পাইন ভিউ স্কুলৰ ব্যতিক্ৰমী প্ৰয়াস

নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : আজি দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ওপজা দিন। নেহৰুৰ প্রতি সন্মান প্রদর্শন আৰু শিশু সকলৰ প্রতি তেওঁৰ ভালপোৱাৰ বাবেই তেওঁৰ জন্ম দিনটোত আমাৰ দেশত শিশু দিৱস হিচাবে পালন কৰা হয়। এই দিনটো আমাৰ প্রত্যেককেই শিশুসকলৰ মঙ্গলৰ বাবে কৰা আমাৰ অঙ্গীকাৰৰ কথা মনত পেলায় আৰু তেওঁলোকক চাচা নেহেৰুৰ গুনাগুণ আৰু সপোনক সাকাৰ কৰিবলৈ শিকায়। সমগ্ৰ দেশৰ লগতে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে শিশু দিৱস।ঢকুৱাখনাৰ ডিমৰুগুৰি পঞ্চায়তৰ বেলুনপৰাত এক প্ৰাকৃতিক পৰিৱেশত গোগামুখৰ এখন বিদ্যালয়ে দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে শিশু দিৱস।বিদ্যালয়ৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহি গোগামুখৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান পাইন ভিউ স্কুলৰ ছাত্ৰ-ছাত্ৰী ,শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ব্যতিক্ৰমী ৰূপত শিশু দিৱস উদযাপন কৰিলে বিশিষ্ট চিকিৎসক তথা প্ৰকৃতিপ্ৰেমী ডা:মতিলাল পাতিৰে প্ৰায় ষাঠি বিঘা ভূমিত গঢ়ি তোলা তিতাচপা গছৰ বিশাল অৰণ্যৰ মাজত। শিক্ষাৰ্থীসকলক প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ সুযোগ প্ৰদান আৰু সামগ্ৰিক জৈৱ বৈচিত্ৰ্যক সূক্ষ্মভাৱে নিৰীক্ষণ কৰোৱাৰ উদ্দেশ্যে সেইজ অৰণ্যৰ মাজত পালন কৰা হয় শিশু দিৱসৰ।এই উপলক্ষে আজি পুৱা জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত চিকিৎসক তথা পাইন ভিউ স্কুলৰ সঞ্চালক ডা:মতিলাল পাতিৰে এগছি বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰে শিশু দিৱসৰ কাৰ্যসূচী।ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে পুষ্পাঞ্জলি অৰ্পণ কৰি ‘নেহৰু খুড়া’ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।পাইন ভিউ স্কুলৰ অধ্যক্ষ পিংকি পাতিৰ টায়ে আঁতধৰা অনুষ্ঠানত শিশুসকলৰ প্ৰিয় নেহৰু খুড়াৰ জীৱন আৰু কৰ্মৰ লগতে শিশু দিৱসৰ বিষয়ে আলোকপাত কৰি শিক্ষক সদন স্বৰ্গীয়াৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই।পৰৱৰ্তী সময়ত শিশু দিৱসৰ লগত সংগতি ৰাখি গছ-গছনিৰ মনোৰম পৰিবেশৰ তলত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰকৃতি সজাগতামূলক নৃত্য-গীতৰ লগতে কবিতা আবৃত্তি, ৰচনা আৰু কুইজকে ধৰি বিভিন্ন সাংস্কৃতিকমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।এনে এক ব্যতিক্ৰমী পৰিৱেশত, ব্যতিক্ৰমী ৰূপত “শিশু দিৱস”টি উদযাপন কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰে
গোগামুখৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান পাইন ভিউ স্কুলৰ শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে। সভাত ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকাসকলৰ লগতে প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like