নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত লেহেম গতিত দলং নিৰ্মাণ

📌 গড়কাপ্টানী বিভাগৰ বিষয়া-কৰ্মচাৰী, ঠিকাদাৰৰ ওপৰত ক্ষোভ বিধায়ক নাৰ্জাৰীৰ

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ অন্তৰ্গত কেইবাখনো দলং নিৰ্মাণৰ কাম লেহেমীয়া হোৱাত ক্ষুব্ধ হৈছে বিধায়ক ৰবিৰাম নাৰ্জাৰী । আজি সমষ্টিৰ কেইবাখনো দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে গড়কাপ্টানী বিভাগৰ বিষয়া, ঠিকাদাৰৰ অৱহেলাৰ বাবে ২০১৬-১৭ চনৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই । মোৰ সমষ্টি কোনোবা বিষয়া, ঠিকাদাৰৰ কাৰণে পিছ পৰি থকাটো মই নিবিচাৰোঁ। এনে ধৰণৰ অৱহেলা মই কেতিয়াও সহ্য নকৰোঁ । মই কোনো ঠিকাদাৰৰ পৰা তামোল এখনো খোৱা নাই । মোৰ সমষ্টিৰ উন্নতি হ’বই লাগিব, ৰাইজৰ উন্নতি হ’বই লাগিব । মই সংগঠন কৰি অহা মানুহ । ৰাইজৰ কাম হ’ব লাগিব । এনেধৰণৰ লেহেম গতিৰ কামৰ বাবে মই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি লিখিত অভিযোগ দাখিল কৰিম। কোনোবা বিষয়া, ঠিকাদাৰৰ বাবে ৰাইজে কষ্ট ভোগ কৰিব নোৱাৰে। এনে ধৰণৰ অৱহেলাৰ বাবে বিষয়াসকল জবাবদিহি হ’ব লাগিব । ঠিকাদাৰক ধৰাৰ আগতে মই অফিচাৰবিলাকক ধৰিম বুলি উল্লেখ কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like