নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ সেয়া আছিল ১৯৪২ চনৰ ২৫ ছেপ্টেম্বৰ৷ দেশত ভাৰত ত্যাগ আন্দোলনৰ দাবানল৷ অসমতো প্ৰান্তে প্ৰান্তে জ্বলিছিল বৃটিছৰ বিৰুদ্ধে যুঁজ৷ আন্দোলনৰ মাত্ৰা ক্ৰমে তীব্ৰৰ পৰা তীব্রতৰ হৈছিল বজালী অঞ্চলটো৷ সেই আন্দোলনৰে ফলত বজালীৰ ৰিহাবাৰীত বৃটিছৰ পুলিচ বাহিনীৰ গুলীত ২৫ ছেপ্টেম্বৰত নিহত হৈছিল বজালীৰ ভোগপুৰৰ স্কুলীয়া ছাত্র মদন বৰ্মন আৰু সাদেৰী গাঁৱৰ খেতিয়ক ৰাউতাৰাম কোচ৷ এনেকুৱা শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত আজি আমাৰ দেশ স্বাধীন হ’ল৷ বজালীৰ সেই দুই বীৰ সন্তানক স্মৰণ কৰি প্ৰতি বছৰৰ দৰে আজিও বজালীত পালন কৰা হয় শ্বহীদ দিৱস৷ দেশৰ স্বাধীনতাৰ হকে আত্মবলিদান দিয়া শ্বহীদ মদন বৰ্মণ আৰু শ্বহীদ ৰাউতাৰাম কোঁচৰ স্মৃতি যুগমীয়া কৰাৰ হেতুকে দুই শ্বহীদে প্ৰাণ ত্যাগ কৰা বজালীৰ ৰিহাবাৰীত তেওঁলোকৰ দুটি ব্ৰঞ্জৰ আৱক্ষ মূৰ্ত্তি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ ৰিহাবাৰী গঞা ৰাইজৰ উদ্যোগত অনুষ্ঠিত শ্বহীদ দিৱস অনুষ্ঠানত প্ৰতিমুৰ্তি দুটা উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয় যে বজালীৰ শ্বহীদসকলৰ অৱদানক চিৰযুগমীয়া কৰাৰ লগতে তেওঁলোকক জনমানসত জীয়াই ৰখাটো আমাৰ দায়িত্ব-কৰ্তব্য আৰু সেয়েহে যোৱা বছৰো আজিৰ দিনটোতেই শ্বহীদ দুগৰাকীৰ নিজ নিজ বাসভৱনত তেওঁলোকৰ প্ৰতিমুৰ্তি প্ৰতিষ্ঠা কৰি বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰী দাসে দুয়োগৰাকী শ্বহীদলৈ সন্মান প্ৰদৰ্শন কৰে৷ আজিৰ এই শ্বহীদ দিৱসৰ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা মহেন্দ্ৰ নাৰায়ন চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুৰাৰী মোহন দত্ত, বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈ সমন্বিতে কেবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে৷ ইপিনে আজি বজালীৰ বৰসাদেৰীস্থিত শ্বহীদ ৰাউতা ৰাম কোচৰ বাসগৃহ, পশ্চিম ভোগপুৰস্থিত শ্বহীদ মদন বৰ্মনৰ বাসগৃহ, বৰসাদেৰীৰ ৰাজহুৱা পুখুৰীৰ পাৰ, পাঠশালাস্থিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে আদি কৰি বজালীৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন কৰি ৪২ৰ শ্বহীদ দুগৰাকীৰ স্মৃতিচাৰণ কৰে৷
প্ৰেৰক কল্যাণ কলিতা