নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সাম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে জনমত গঠনৰ উদ্দেশ্যেৰে অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ, অ’ মোৰ চিকুণীৰ দেশ’ৰ তালে তালে আজি পাঠশালাৰ ৰাজপথত দৃশ্যমান হয় অসম জাতীয় পৰিষদৰ এক বিশাল পথযাত্ৰা৷ উল্লেখ্য যে এক অসম গঢ়াৰ সংকল্প সাৰ্থক কৰিবলৈ ৰাইজৰ পৰা ইতিমধ্যে অসম জাতীয় পৰিষদে লাভ কৰিবলৈ সক্ষম হৈছে অভূতপূৰ্ব মৰম, চেনেহ আৰু আন্তৰিক সমৰ্থন৷ অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে এক অসম, ঐক্যবদ্ধ অসমৰ বাণীৰে সাম্প্ৰতিকতা, ঘৃণা আদি ওফৰাই সুদুৰ ধুবুৰীৰ পৰা শদিয়াৰ লৈ আৰম্ভ কৰা “এক অসম যাত্ৰা” কাৰ্যসূচীত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি যেন সকলোকে এক আত্মীয় ভাবেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে নতুন প্ৰজন্মৰ জাতীয়তাবাদী নেতা লুৰীণজ্যোতি গগৈৰ পথ যাত্ৰাত৷ কালি সন্ধিয়া বৰপেটাৰ পৰা কয়াকুছি হৈ পাঠশালাত উপস্থিত হোৱা নেতাজনক কালি নিশাই পাঠশালাত বিপুলভাবে আদৰণি জনোৱা হয়৷ নিশাটো পাঠশালাৰ মাৰোৱাৰী সেৱা সদনত জিৰণি লোৱাৰ পিছত আজি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ অনুসৰি দিনৰ প্ৰায় ১০ বজাত পুনৰ আৰম্ভ কৰে “এক অসম যাত্ৰা” কাৰ্যসূচী৷ উল্লেখ্য যে আজিৰ দিনটোতে দেশৰ হকে প্ৰাণৰ আহুতি দিয়া ১৯৪২ৰ বজালীৰ বীৰ শ্বহীদ মদন বৰ্মন আৰু ৰাউতা ৰাম কোচলৈ শ্ৰদ্বাঞ্জলী জনাই দলীয় সতীৰ্থ, শুভাকাংক্ষী আৰু স্থানীয় ৰাইজক লৈ পাঠশালাৰ পৰা বাঘমাৰা হৈ ৰিহাবাৰী-চৈবাৰীলৈ আৰু চৈবাৰীৰ পৰা নিত্যানন্দ হৈ পাটাছাৰকুছি শিৱ ধামত এই যাত্ৰাৰ আজিৰ দিনটোৰ সামৰণি পৰে৷ আজি এই যাত্ৰাপথত ইতিমধ্যে ৰাইজৰ মাজত বহুল ভাবী চৰ্চিত হৈ থকা জাতীয়তাবাদী নেতাজনক সকলোৱে বিপুলভাবে আদৰণি জনায়৷ যাত্ৰা পথত সাংবাদিকক সম্বোধন কৰি গগৈয়ে কয়, “সাতামপুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰতিৰ বৰভেটি ভাঙি থানবান কৰি দিবৰ কাৰণে অশুভ শক্তিসমুহক নাশ কৰিবৰ বাবে আমি আটায়ে ঐক্যবদ্ধ হব লাগিব। শঙ্কৰ-আজানৰ আদৰ্শ আমি হৃদয়ত স্থাপন কৰিব লাগিব আৰু সেই আদৰ্শৰে সমাজখনক আগুৱাই নিব লাগিব৷ উল্লেখ্য যে এই যাত্ৰাত লুৰীণজ্যেতি গগৈৰ সৈতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ সভাপতি দুলু আহমেদ আদিকে ধৰি ভালেই সংখ্যক নেতা কৰ্মী তথা ভিন্ন স্তৰৰ লোক উপস্থিত থাকে৷ আনহাতে পদযাত্ৰাত বজালী কংগ্ৰেছেও সহযোগ কৰি বজালী জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা গিৰীশ পাটগিৰিৰ লগতে শৈলেন্দ্ৰ নাথ দাস, নিৰ্মল দাস, অৰুণ দাস, সুৰেশ বৰুৱা আদি কংগ্ৰেছৰ নেতা কৰ্মীসকলেও পদযাত্ৰাৰ সহযোগী হয়৷

প্ৰেৰক কল্যাণ কলিতা৷

You might also like