নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কাটলা পথাৰ গাঁৱত নিজৰ ককায়েকে সৰু ভায়েকক হত্যা কৰাৰ উপৰি সৰু ভায়েকৰ গুপ্তাংগ কাটি পেলোৱা এক জঘন্য কাণ্ড সংঘটিত হোৱাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া তথা চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱানিশা সংঘটিত হৈছে এই জঘন্য কাণ্ডটো। উল্লেখ্য যে যোৱানিশা কাটলা পথাৰ গাঁৱৰ বাসিন্দা প্ৰাঞ্জল ৰয় (২৯) আৰু তেওঁৰ সৰু ভাতৃ ধনঞ্জিত ৰয় (২৪)ৰ মাজত নিজ গৃহতেই কাজিয়া হৈছিল। অভিযোগ অনুযায়ী পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত হৈছিল কাজিয়া। প্ৰাঞ্জল আৰু ধনঞ্জিতৰ পিতৃয়ে কৰা অভিযোগ অনুসৰি মাজনিশা তেওঁৰ সৰু পুত্ৰ ধনঞ্জিতে শুই থকা অৱস্থাত ডাঙৰ পুত্ৰ প্ৰাঞ্জলে ধনঞ্জিক ডিঙিত গামোছাৰে মেৰিয়াই হত্যা কৰিছে।আন এক উল্লেখ্য যে প্ৰাঞ্জল ৰয়ে সৰু ভায়েক ধনঞ্জিত ৰয়ক হত্যা কৰি চোকা অস্ত্ৰৰে ধনঞ্জিতৰ গুপ্তাংগ কাটি বিচনাতে পেলাই থয়। এই জঘন্য ঘটনা সংঘটিত কৰি হত্যাকাৰী প্ৰাঞ্জল ৰয়ে তেওঁৰ পত্নীসহ পলায়ন কৰে।বৌৱেকৰ লগত পৰকীয়া প্ৰেমৰ সন্দেহতেই এই হত্যাকাণ্ডটোত সংঘটিত হোৱাৰ সন্দেহ কৰাৰ উপৰি ককায়েক প্ৰাঞ্জল ৰয় আৰু তেওঁৰ পত্নীয়ে লগ লাগি ধনঞ্জিত ৰয়ক হত্যা কৰাৰো সন্দেহ কৰিছে আৰক্ষীয়ে।বাতৰি লিখা পৰলৈকে হত্যাকাৰী প্ৰাঞ্জল ৰয় আৰু তেওঁৰ পত্নীয়ে পলাতক হৈ আছে।ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ধনঞ্জিতৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সংঘটিত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক : ভূষণ তালুকদাৰ