নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জত বাংলাদেশী যুৱকক আটক বিএছএফৰ

🔹 কুশিয়াৰা নৈৰে সাঁতুৰি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল চাহাবে

নিয়মীয়া বাৰ্তা, ১১ মে’ : কৰিমগঞ্জত বি এছ এফে আটক কৰিলে এজন বাংলাদেশী যুৱকক। অবৈধভাৱে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰাৰ সময়ত বাংলাদেশী যুৱকজনক আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে। উন্মুক্ত সীমান্তৰে কুশিয়াৰা নৈ সাঁতুৰি কৰিমগঞ্জ সীমাত প্ৰৱেশ কৰাত বাংলাদেশী যুৱকজনক আটক কৰে সীমান্ত সুৰক্ষা বাহিনীৰ ১৬নং বেটেলিয়নে। ধৃত বাংলাদেশী যুৱকজনৰ পৰা উদ্ধাৰ কৰা হয় এটা বেগ আৰু কাপোৰ-কানি। যুৱকজনৰ ঘৰ বাংলাদেশৰ ছিলেট জিলাৰ জকিগঞ্জ উপ-জিলাৰ পিৰেৰচক গাঁৱত। উল্লেখ্য যে কৰিমগঞ্জ চহৰৰ চাৰি কিলোমিটাৰ নদী সীমান্ত আজিও উন্মুক্ত হৈ আছ। চাহাব উদ্দিন চাপুৰীয়াই চহৰৰ উন্মুক্ত নদী সীমান্তৰে কুশিয়াৰা নৈ সাঁতুৰি চ’ৰা কুৰি এলেকাত প্ৰৱেশ কৰোঁতে পি টি জেড কেমেৰাত দেখা পায়। ইপিনে, বাংলাদেশৰ ফালৰ পৰা নৈৰে সাঁতুৰি অহা দেখা পায় পেট্ৰলিঙত থকা বি এছ এফৰ সদস্যসকলে। লগে লগে দায়িত্বত থকা বি এছ এফৰ সদস্যসকলে নৈখনলৈ দৌৰি গৈ যুৱকজনক ধৰি চ’ৰা কুৰি বিঅ’পিলৈ আনে। তাত সোধা-পোছা চলাই যুৱকজনৰ নাম চাহাব উদ্দিন চাপুৰীয়া বুলি নিশ্চিত হয়। ঘৰ বাংলাদেশৰ ছিলেট জিলাৰ জকিগঞ্জ উপ-জিলাৰ পিৰেৰচক গাঁৱত বুলি বি এছ এফৰ সোধা-পোছাত জনায়। কামৰ সন্ধানত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা বুলি বি এছ এফৰ সূত্ৰে জানিব পৰা গৈছে। যুৱকজনক বি এছ এফে কৰিমগঞ্জ আৰক্ষীক চমজাই দিয়ে।

প্ৰেৰক অসীম দেব

You might also like