নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ আজি পুৱতি নিশা সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ অভিযানত বৰ লুইতেৰে চোৰাংকৈ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ গৈ থকা দুখনকৈ নাৱৰ পৰা কেইবা লক্ষাধিক টকা মূল্যৰ চেনি হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভে জানিব পৰা মতে, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শিশুমাৰা আৰু বৰাইৰ আলগাৰ সীমান্ত নীৰিক্ষণ চকী দুটাত কৰ্মৰত ৪৫ বিএন বিএছএফৰ এটি দলে আজি পুৱতি নিশা অঞ্চলটোৰ বৰলুইতত টহল দি আছিল। সেই সময়ত অকষ্মাতে বিএছএফৰ সেই টহলদাৰৰ দলটোৰ দুখনকৈ ইঞ্জিনচালিত নাও দৃষ্টিগোচৰ হয় আৰু তেতিয়া দলটোৱে ততাতৈয়াকৈ অভিযান চলায়। সেই অভিযানত নাও দুখনৰ পৰা সৰ্বমুঠ ২২৮টা চেনিৰ বস্তা জব্দ কৰে বিএসএফ। জব্দকৃত চেনিখিনিৰ বজাৰ মূল্য আনুমানিক ভাবে ৪,৫৬,০০০ টকা বুলি প্ৰকাশ। অৱশ্যে ঘন কুঁৱলিৰ সুযোগ লৈ নাও দুখনত থকা চেনীৰ চোৰাং সৰবৰাহকাৰীৰ দলটোৱে পলায়ন কৰিবলৈ সক্ষম হয়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী