নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিৰ ১২ সমষ্টিতে সুৰক্ষিত নহয় হাগ্রামাৰ বিপিএফ

কিংমেকাৰ হ’ব খোজা মহিলাৰীৰ নিজৰে থৰক–বৰক অৱস্থা

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে ৰাজ্যত পৰৱর্তী চৰকাৰ গঠনৰ ক্ষেত্রত কিং মেকাৰ হোৱাৰ হুংকাৰ দিছে৷ সেই লক্ষ্যত উপনীত হোৱাৰ বাবে বি পি এফে ইতিমধ্যে আসন্ন বিধানসভা নির্বাচনত বিটিচিৰ অধীনস্থ ১২টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ লগতে বড়ো জনগোষ্ঠীৰ ভোটাৰ থকা বিটিচিৰ বাহিৰৰ আন ২৬টা সমষ্টিতো এইবাৰ প্রার্থী থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে৷ মূলতঃ বিজেপিক প্রতিহত কৰাৰ বাবেই বি পি এফে এই ৰণনীতি যুগুতাইছে৷ পিছে একে সময়তে বিটিচিৰ অধীনস্থ ১২টা বিধানসভা সমষ্টিতে হাগ্রামা মহিলাৰীৰ বি পি এফ দল বর্তমান সুৰক্ষিত অৱস্থাত নাই৷ ২০১৬ চনৰ বিধানসভা নির্বাচনৰ ফলাফল আৰু শেহতীয়াকৈ বিটিচি নির্বাচনৰ ফলাফলতে সেই ছবিখন পৰিস্ফুত হৈ পৰিছে৷ নির্বাচন আয়োগৰ তথ্য অনুসৰি যোৱাবাৰ বিধানসভা নির্বাচনৰ ফলাফলত বি পি এফ দলে গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, তামুলপুৰ, বৰমা, চাপাগুৰি, পানেৰী, কলাইগাঁও, ওদালগুৰি আৰু মাজবাট সমষ্টিত জয়লাভ কৰে৷ গোসাঁইগাঁও সমষ্টিত বি পি এফৰ মাজেন্দ্র নার্জাৰীয়ে এ আই ইউ ডি এফৰ লগত তীব্র প্রতিদ্বন্দ্বিতাৰ অন্তত মাত্র ৬,০৪১টা ভোটৰ ব্যৱধানতহে জয়লাভ কৰে৷ সেইদৰে চিদলী সমষ্টিত বি পি এফৰ উপ–সভাপতি চন্দন ব্রহ্মই ইউ পি পি এলৰ ৰণগৌৰা নার্জাৰীৰ লগত তীব্র প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হৈ মাত্র ৮,৯৮৮টা ভোটৰ ব্যৱধানতহে বিজয়ৰ মুখ দেখে৷ একেদৰে বিজনী সমষ্টিত বি পি এফৰ কমল সিং নার্জাৰীয়ে ভাৰতীয় গণ পৰিষদ দলৰ প্রার্থীগৰাকীৰ সৈতে তুমুল প্রতিদ্বন্দ্বিতাৰ অন্তত ১,৬৭৮টা ভোটৰ ব্যৱধানতহে জয়লাভ কৰে৷ অনুৰূপ ধৰণে বৰমা সমষ্টিত বি পি এফৰ মনেশ্বৰ ব্রহ্মই নির্দলীয় ৰেখাৰাণী দাস বড়োৰ সৈতে হোৱা তীব্র প্রতিদ্বন্দ্বিতাৰ পাছত মাত্র ৯,৭৯৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ চাপাগুৰি সমষ্টিতো থানেশ্বৰ বসুমতাৰীয়ে মাত্র ১,৪৮১টা ভোটৰ ব্যৱধানতহে জয়লাভ কৰে৷ নির্বাচনী ফলাফল অনুসৰি বিটিচিৰ অধীনস্থ ১২টা সমষ্টিৰ ভিতৰত ৫টাতে বি পি এফে ১০,০০০ৰ কম ভোটৰ ব্যৱধানতহে জয়লাভ কৰিছে৷ আনকি গোসাঁইগাঁও, কলাইগাঁও আৰু মাজবাট সমষ্টিত এ আই ইউ ডি এফে বি পি এফৰ সন্মুখত প্রবল প্রত্যাহ্বান হিচাপে থিয় দিছিল৷ তদুপৰি সদ্যসমাপ্ত বিটিচি নির্বাচনৰ ফলাফল অনুসৰি ওদালগুৰি আৰু বাক্সা জিলাত বি পি এফৰ গণভিত্তি পূর্বৰ তুলনাত বহুলাংশে হ্রাস পাইছে৷ দলটোৰ জনপ্রিয়তা বর্তমান কোকৰাঝাৰ আৰু চিৰাং জিলাত সীমাবদ্ধ আছে যদিও তাতো তুমুল প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়৷ এনে অৱস্থাত আসন্ন বিধানসভা নির্বাচনত বড়ো জনগোষ্ঠীৰ ভোটাৰ থকা ২৬টাকৈ সমষ্টিত নিজা প্রার্থী থিয় কৰাই বি পি এফে কাক উপকৃত কৰিব, সেয়া বেলেগ কথা যদিও নিজ গৃহভূমি বিটিচিতেই কিন্তু বি পি এফ এইবাৰ সুৰক্ষিত হৈ থকা নাই৷ দলৰ তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী ইতিমধ্যে বিজেপিত যোগদান কৰিছে৷ একেদৰে বিগত নির্বাচনত বৰমাত প্রত্যাহ্বান সৃষ্টি কৰা নির্দলীয় ৰেখাৰাণী দাস বড়োৱেও ইতিমধ্যে গেৰুৱা বসন পৰিধান কৰিছে৷

এই প্রসংগতে উল্লেখনীয় এয়ে যে কেৱল ২০১৬ চনৰ বিধানসভা নির্বাচনতেই নহয়, বি পি এফ দল জন্মলগ্ণৰে পৰাই প্রতিটো নির্বাচনতে প্রত্যাহ্বানৰ সন্মুখীন হৈ আহিছে৷ এবছু–ইউ পি পি এলৰ উপৰি সমষ্টিয়ে সমষ্টিয়ে এ আই ইউ ডি এফ, কংগ্রেছ, চি পি আই (এম) আদি দল আৰু নির্দলীয় প্রার্থীৰ পৰা প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ ২০১১ চনত বিটিচিৰ গাতে লাগি থকা গৌৰীপুৰ সমষ্টি বি পি এফ দলে লাভ কৰে যদিও সমষ্টিটোত এ আই ইউ ডি এফৰ সৈতে তুমুল প্রতিদ্বন্দ্বিতা হয়৷ সমষ্টিটোৰ বি পি এফৰ প্রার্থী বনেন্দ্র মুছাহাৰীৰ জৰিয়তে সেইবাৰ সমষ্টিটো দখল কৰে যদিও শেহতীয়াকৈ মুছাহাৰী বিজেপিত যোগদান কৰিছে৷ গোসাঁইগাঁও সমষ্টিতো সেইবাৰ এ আই ইউ ডি এফৰ সৈতে বি পি এফৰ তুমুল প্রতিদ্বন্দ্বিতা হয়৷ কোকৰাঝাৰ পশ্চিম সমষ্টি বি পি এফৰ প্রদীপ কুমাৰ ব্রহ্মই দখল কৰে যদিও ইউ পি পি এলৰ উর্খাও গৌৰা ব্রহ্মৰ সৈতে তীব্র প্রতিদ্বন্দ্বিতা চলে৷ সেইদৰে কোকৰাঝাৰ পূব, চিদলী, বিজনী সমষ্টিত বি পি এফে জয়লাভ কৰিলেও এবছু–ইউ পি পি এল প্রধান প্রতিদ্বন্দ্বী আছিল৷ তামুলপুৰ সমষ্টিত ইমানুৱেল মুছাহাৰীয়ে নির্দলীয় চণ্ডী বসুমতাৰীৰ পৰা প্রবল প্রত্যাহ্বানৰ সন্মুখীন হৈ মাত্র ৪,৬০৮টা ভোটৰ ব্যৱধানতহে জয়লাভ কৰে৷ বৰমা সমষ্টিতো বি পি এফৰ মনেশ্বৰ ব্রহ্মই ৰেখাৰাণী দাস বড়োৰ পৰা প্রবল প্রত্যাহ্বানৰ সন্মুখীন হয়৷ চাপাগুৰি সমষ্টিত বি পি এফৰ হিতেশ বসুমতাৰী জয়লাভ কৰে৷ সমষ্টিটোত বি পি এফৰ প্রধান প্রতিদ্বন্দ্বী আছিল অগপ৷ পানেৰী সমষ্টিত বি পি এফৰ কমলী বসুমতাৰীয়ে মাত্র ৫৫৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ সেইবাৰ সমষ্টিটোত বি পি এফৰ প্রধান প্রতিদ্বন্দ্বী আছিল কংগ্রেছৰ শান্তিউজ কুজুৰ৷ কুজুৰ এতিয়া বিজেপিৰ নেতা৷ সেইদৰে ওদালগুৰি সমষ্টিত বি পি এফৰ ৰিহণ দৈমাৰী আৰু মাজবাট সমষ্টিত বি পি এফৰ ৰাখেশ্বৰ ব্রহ্মই জয়লাভ কৰে৷ নির্বাচনী ফলাফল অনুসৰি ৰাখেশ্বৰ ব্রহ্মই মাত্র ১,৬২৬টা ভোটৰ ব্যৱধানত কংগ্রেছৰ জিতু কিষাণক পৰাভূত কৰিছে৷ ২০০৬ চনৰ বিধানসভা নির্বাচনতো বি পি এফে ১২টা সমষ্টিত জয়লাভ কৰে৷ উক্ত ১২টা সমষ্টিৰ ভিতৰত গোসাঁইগাঁৱত মাজেন্দ্র নার্জাৰীয়ে মাত্র ৪,২১৭টা, কোকৰাঝাৰ পশ্চিমত পৰমেশ্বৰ ব্রহ্মই ১৩১টা, কোকৰাঝাৰ পূবত প্রমীলাৰাণী ব্রহ্মই ২,২৩৫টা, চিদলীত চন্দন ব্রহ্মই ৫,৬২৩টা, বিজনীত কমল সিং নার্জাৰীয়ে ২,৮৮৮টা, তামুলপুৰত চন্দী বসুমতাৰীয়ে ৩,৩৫০টা, বৰমাত মহেশ্বৰ ব্রহ্মই ২,৭০৩টা, পানেৰীত কমলী বসুমতাৰীয়ে ৫,১০৪টা, কলাইগাঁৱত মহেশ্বৰ বড়োৱে ৪,১৪৫টা, ওদালগুৰিত ৰিহণ দৈমাৰীয়ে ৪,৮৭৫টা আৰু মাজবাটত কৰেন্দ্র বসুমতাৰীয়ে ৪,৯৭২টা ভোটৰ ব্যৱধানতহে জয়লাভ কৰে৷ সেই নির্বাচনত কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী সমষ্টিত এবছু–বর্তমানৰ ইউ পি পি এলৰ প্রার্থীৰ সৈতে প্রতিদ্বন্দ্বিতা হয়৷ ইয়াৰ বিপৰীতে বিজনীত চি পি আই (এম), তামুলপুৰ–কলাইগাঁৱ্ অগপ, বৰমা–পানেৰী–ওদালগ্ কংগ্রেছ আৰু মাজবাটত এ আই ইউ ডি এফৰ প্রার্থীৰ সৈতে মূল প্রতিদ্বন্দ্বিতা হয়৷

বি পি এফৰ জন্মলগ্ণৰে পৰা প্রতিটো নির্বাচনৰ ফলাফল বিশ্লেষণ কৰিলে দেখা যায় যে বিভিন্ন ৰাজনৈতিক সমীকৰণৰ জৰিয়তে হাগ্রামা মহিলাৰীৰ দলে অঞ্চলটোৰ ১১টাৰ পৰা ১২টা সমষ্টিত জয়লাভ কৰি আহিলেও প্রবল প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে৷ তদুপৰি সেই নির্বাচনসমূহত কেতিয়াবা কংগ্রেছ, কেতিয়াবা বিজেপিৰ পৰা তেওঁলোকে সমর্থন লাভ কৰি আহিছে৷ কিন্তু ২০২১ চনৰ বিধানসভা নির্বাচনত বি পি এফ দল এককভাৱে অৱতীর্ণ হৈ পূর্বৰ বিজয়ৰ ধাৰা কেনেদৰে অক্ষুণ্ণ ৰাখে, সেয়াহে লক্ষণীয় হ’ব৷ তদুপৰি বিটিচিৰ শাসনৰ দায়িত্বত যিহেতু বি পি এফ দল এতিয়া নাই, সেয়ে বিধানসভা নির্বাচনতো যে তাৰ প্রভাৱ নপৰিব, সেই কথা উলাই কৰিব নোৱাৰি৷

You might also like