বিটিচিত বিপিএফ–ইউপিপিএল জিএছপিক একত্রিত কৰাৰ উদ্যোগ হাগ্রামা মহিলাৰীৰ
নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ বিপিএফ দলে গুৱাহাটী উচ্চ ন্যায়ালয়ত প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল–বিজেপি–জি সন্মিলিত বিটিচি পৰিষদখন অবৈধ বুলি প্রত্যাহ্বান জনোৱাৰ পিছত আজি ন্যায়ালয়ে অহা ২৬ ডিচেম্বৰৰ ভিতৰত নৱগঠিত পৰিষদখনক আস্থা ভোট তথা শক্তি প্রদর্শনৰ বাবে গুৰুত্বপূর্ণ ৰায় দিয়ে৷ ন্যায়ালয়ে দিয়া এই ৰায়ৰ পিছতেই কোকৰাঝাৰৰ বিপিএফৰ কেন্দ্রীয় কার্যালয়ত বিয়লিৰ ভাগত বিপিএফ দলে এখন সংবাদ মেলৰ আয়োজন কৰে৷ বিপিএফপ্রধান হাগ্রামা মহিলাৰীয়ে সংবাদ মেলখনত কয় যে বিটিচিৰ অস্তিত্ব আমি বর্তাই ৰাখিব লাগিব৷ বহুত ত্যাগ আৰু কষ্টৰ বিনিময়ত গঠন হোৱা বিটিচিৰ শাসনভাৰ আঞ্চলিক দলৰ হাতত থাকিব লাগে বুলি বিটিচিবাসী সকলো শ্রেণীৰ ৰাইজে বিচাৰিছে৷ সেয়ে মই বিটিচিত বিপিএফ, ইউপিপিএল, জিএছপিৰ দৰে আঞ্চলিক দলবোৰৰ চৰকাৰ হোৱাটো বিচাৰোঁ৷ ৰাষ্ট্রীয় দলবোৰক সমালোচনা কৰি তেওঁ কয় যে বিটিচিত ৰাষ্ট্রীয় দলসমূহে চৰকাৰ গঠন কৰিলে বিটিচিৰ কোনো অস্তিত্বই নাথাকিব৷ ৰাষ্ট্রীয় দলৰ আগ্রাসনে এদিন বিটিচিৰ লগতে আমাক সকলোকে নিঃশেষ কৰিব৷ বিটিচিত তেওঁৰ চীফ বা ডেপুটী চীফ হোৱাৰ কোনো হাবিয়াস নাই বুলি উল্লেখ কৰি কয় যে মুঠতে আঞ্চলিক দলসমূহ এই সময়ত একত্রিত হ’ব লাগে৷ ৰাইজেও সেইটো বিচাৰিছে আৰু ময়ো উপলব্ধি কৰিছোঁ– আঞ্চলিক দলসমূহ ঐক্যবদ্ধ হ’ব লাগে৷ ইপিনে, কালি হঠাতে মহিলাৰীয়ে তেওঁৰ লগত নিয়োজিত হৈ থকা গৃহৰক্ষী, নিৰাপত্তাৰক্ষী সকলো এৰি দিয়াৰ সম্পর্কত সাংবাদিকৰ আগত কয় যে কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ চৰকাৰে তেওঁৰ নিৰাপত্তাৰক্ষী আৰু হাউছগার্ড হঠাৎ হ্রাস কৰি দিয়ে৷ সেয়ে তেওঁ নিজেই কোনোধৰণৰ নিৰাপত্তাৰক্ষী নালাগে বুলি কালি বিটিএডিৰ আইজিপিলৈ পত্র প্রেৰণ কৰি সকলো নিৰাপত্তাৰক্ষী এৰি দিয়ে৷ আজি বিটিএডিৰ আইজিপিৰ কার্যালয়ৰ পৰা তেওঁক কেবিনেট মন্ত্রী পর্যায়ৰ নিৰাপত্তা প্রদান কৰা হ’ব বুলি জনাইছে যদিও তেওঁ সেই প্রস্তাৱো প্রত্যাখ্যান কৰিছে৷ মহিলাৰীৰ মতে, তেওঁ কেবিনেট ৰেংক আদি একো বুজি নাপায়৷ যদি নিৰাপত্তাৰক্ষী দিয়ে, তেনেহ’লে পূর্বতে যেনেধৰণৰ ষ্টেটাছত আছিল, সেই একেই ষ্টেটাছ দিব লাগিব৷ অর্থাৎ নিৰাপত্তাৰক্ষী দিলে পূর্বৰ দৰেই নিৰাপত্তাৰক্ষী বাহাল থাকিব লাগিব৷ সংবাদ মেলখনত মহিলাৰীৰ সৈতে বিটিচিৰ প্রাক্তন উপ–মুখ্য কার্যবাহী খাম্ফা বৰগয়াৰী, বিপিএফৰ দুই এমচিএলএ দেৰহাছাৎ বসুমতাৰী আৰু দনেশ্বৰ গয়াৰী উপস্থিত থাকে৷