নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰত সাতটা বৃহৎ প্রকল্পৰ আধাৰশিলা গৃহমন্ত্রীৰ

বিটিআৰ চুক্তিৰ প্রথম বর্ষপূর্তি অনুষ্ঠানত লক্ষাধিক লোকৰ সমাৱেশ

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ বড়োভূমিত এতিয়া হিংসা আৰু অস্থিৰতাৰ যুগ সমাপ্ত হৈ শান্তি আৰু উন্নয়নৰ যুগ আৰম্ভ হৈছে৷ বহু হাজাৰ লোকৰ প্রাণ লোৱা হিংসাত্মক পৰিৱেশৰ অৱসান ঘটি এক শান্তিৰ পৰিৱেশৰ সূচনা হছে৷ ঐতিহাসিক বডো শান্তি চুক্তিয়ে বডোফা উপেন্দ্র নাথ ব্রহ্মকে ধৰি বডো জাতিৰ স্বাধিকাৰ ৰক্ষাৰ সংগ্রামত অগ্রণী ভূমিকা গ্রহণ কৰা মহান ব্যক্তিসকলৰ সপোন বাস্তৱায়িত হোৱাৰ পথ প্রশস্ত কৰিছে৷’ –আজি কোকৰাঝাৰৰ বডোফা নগৰৰ গ্রীন ফিল্ডত আয়োজিত বি টি আৰ চুক্তিৰ প্রথম বর্ষপূর্তি উদ্যাপনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এইদৰে কয়৷ এই অনুষ্ঠানতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে বিটিচিৰ বাবে ডিজিটেল অফিচ মেনেজমেণ্ট ছিষ্টেমৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ লগতে কেইবাখনো আঁচনিৰ আধাৰশিলাও স্থাপন কৰে৷ এই আঁচনিসমূহ হৈছে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত বডোলেণ্ড গ্রামোন্নয়ন প্রতিষ্ঠান, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত পলিটেকনিক আৰু বৃত্তিমুখী প্রশিক্ষণ প্রতিষ্ঠান, কুমাৰীকাটাত বাথৌ হাৰিমাফুৰী, ভেৰগাঁৱত খেৰাইচালি চেণ্টাৰ ফৰ বডো আর্ট এণ্ড কালচাৰ ৱিথ ড্রাইবেল আর্ট গেলাৰী কাম মিউজিয়াম, চিৰাঙত গোর্খা ভৱন, দোতমাৰ থুলুংগাপুৰীত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ নামত সাংস্কৃতিক প্রকল্প আৰু উৎকর্ষতাৰ কেন্দ্র আৰু বাক্সা জিলাৰ তামুলপুৰত এখন নতুন চিকিৎসা মহাবিদ্যালয়৷ অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে বডো সংগ্রামৰ কেইবাটাও শ্বহীদ পৰিয়ালক ৫ লাখ টকাৰ আর্থিক সাহায্যৰ চেকো প্রদান কৰে৷ ১ লক্ষাধিক লোকৰ উপস্থিতিত আয়োজিত এই বিশাল জনসভা সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ জীৱনত বহুতো বৃহৎ জনসমাৱেশত অংশগ্রহণ কৰিছে যদিও আজিৰ এই সমাৱেশত অংশগ্রহণ কৰি বিশেষ আনন্দ অনুভৱ কৰিছে৷ দীর্ঘদিনীয়া এক অস্থিৰতাৰ অৱসান ঘটাই আজি এটা বছৰ পূর্বে স্বাক্ষৰিত বডো শান্তি চুক্তিয়ে এই অঞ্চলৰ ৰাইজক যি আনন্দ প্রদান কৰিছে, সেয়া আজি প্রতিফলিত হৈছে৷

বড়ো, অবড়ো আদি প্রতিটো জনগোষ্ঠীৰ লোকেই স্বতঃস্ফূর্তভাৱে অংশগ্রহণ কৰা এই সমাৱেশে বডোলেণ্ড অঞ্চললৈ অহা পৰিৱর্তনৰ কথা প্রমাণ কৰিছে৷ তেওঁ কয় যে বডো–বডো সকলো অসম তথা ভাৰতবাসীৰে সন্তান৷ সকলোকে লগত লৈ দেশ তথা অসমক বিকাশৰ পথলৈ লৈ যাব লাগিব৷ অসমত যিসকলে অশান্তি বিয়পাইছে, এই সভা তাৰ উত্তৰ৷ বি টি আৰত বিজেপিয়ে ইউ পি পি এলৰ সৈতে চৰকাৰ গঠন কৰাৰ দৰে আগন্তুক দিনত ইউ পি পি এলৰ সৈতে অসমতো চৰকাৰ গঠন কৰিব৷ এই অঞ্চলত শান্তি প্রতিষ্ঠাৰ বাবে কংগ্রেছ দলটোৱে সুদীর্ঘ কাল ধৰি কোনো ধৰণৰ পদক্ষেপ গ্রহণ কৰা নাছিল৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে আলাপ–আলোচনাৰ জৰিয়তে অঞ্চলটোৰ উগ্রপন্থী সমস্যা সমাধান কৰি সকলোকে মূলসুঁতিলৈ ঘূৰাই অনাৰ জৰিয়তে হিংসাৰ সেই পৰিৱেশৰ অৱসান ঘটালে৷ কংগ্রেছ দলটোৱেও পূর্বতে বিভিন্ন চুক্তি স্বাক্ষৰ কৰিছিল যদিও কোনো এখন চুক্তিকেই বাস্তৱায়িত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰা নাছিল৷ কিন্তু নৰেন্দ্র মোদীৰ চৰকাৰে যি চুক্তি স্বাক্ষৰ কৰে, তাক নিজৰ কার্যকালৰ ভিতৰতে ৰূপায়ণৰ পদক্ষেপ গ্রহণ কৰে৷ বডো শান্তি চুক্তিৰো প্রতিটো দফা ৰূপায়ণৰ বাবে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰৰ সহযোগত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷ উত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ বাবে প্রধানমন্ত্রীৰ যি ভৱিষ্যদর্শন, এই চুক্তি তাৰে এক অংশ বুলি উল্লেখ কৰি তেওঁ কয় যে উত্তৰ–পূর্বাঞ্চলৰ সন্ত্রাসবাদ সমস্যা সমাধানৰ পদক্ষেপ বি টি আৰ চুক্তিৰ মাধ্যমেৰে আৰম্ভ কৰা হৈছে৷ বডো জাতিৰ অর্থনৈতিক, সামাজিক, ৰাজনৈতিক অধিকাৰ সুৰক্ষিতকৰণৰ লগতে ভাষা–সংস্কৃতিৰ সুৰক্ষা আৰু সংবর্ধনৰ বাবে কেন্দ্রীয় চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতিৰ আধাৰত অঞ্চলটোৰ প্রতিটো জাতি–জনগোষ্ঠীৰে সম–উন্নয়নৰ বাবে চৰকাৰে কাম কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত কালি ৰাজ্যৰ লক্ষাধিক খিলঞ্জীয়া পৰিয়াললৈ ভূমিপট্টা বিতৰণৰ প্রসংগ উত্থাপন কৰি তেওঁ কয় যে প্রমোদ বডো নেতৃত্বাধীন বিটিচিৰ নতুন চৰকাৰখনেও কালিৰে পৰা অঞ্চলটোৰ বাসিন্দাসকলক মাটিৰ পট্টা প্রদানৰ পদক্ষেপ আৰম্ভ কৰি অঞ্চলটোৰ এক দীর্ঘদিনীয়া সমস্যা সমাধানৰ কাম আৰম্ভ কৰিছে৷ নিজৰ ভাষণত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ক’ভিড–১৯ নিয়ন্ত্রণৰ বাবে অসম চৰকাৰে গ্রহণ কৰা পদক্ষেপৰো ভূয়সী প্রশংসা কৰে৷ সমাৱেশত উপস্থিত জনতাক বডো ভাষাতে সম্বেবাধন কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঐতিহাসিক বডো শান্তি চুক্তিৰ প্রথম বর্ষপূর্তি উপলক্ষে অঞ্চলটোৰ ৰাইজলৈ অভিনন্দন জ্ঞাপন কৰে৷ শান্তি অবিহনে প্রগতি কেতিয়াও সম্ভৱ নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ বিশেষ তৎপৰতাত বি টি আৰ চুক্তি স্বাক্ষৰৰ জৰিয়তে অঞ্চলটোত তিনি দশকজোৰা অস্থিৰতাৰ অৱসানৰ বাবে যি পদক্ষেপ গ্রহণ কৰিলে, সেয়া ৰাইজে সদায়ে মনত ৰাখিব৷

বিটিচি অঞ্চলৰ ৰাইজে কঠোৰ পৰিশ্রমেৰে এখন আত্মনির্ভৰশীল অসম আৰু আত্মনির্ভৰশীল ভাৰত গঢ়াৰ দিশত উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এক ভাৰত শ্রেষ্ঠ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আমি সকলোৱে একেলগে কাম কৰিব লাগিব৷ বি টি আৰ চুক্তিৰ দ্রুত ৰূপায়ণৰ বাবে অসম চৰকাৰে এটা এটাকৈ সকলো প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কেন্দ্র আৰু ৰাজ্য দুয়োখন চৰকাৰে প্রমোদ বডো নেতৃত্বাধীন বিটিচিৰ পৰিষদীয় চৰকাৰক সকলো সময়তে প্রয়োজনীয় সহযোগিতা আগবঢ়াই যাব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডোৱে কয় যে এসময়ত বডো ৰাইজে যথেষ্ট কষ্টৰে দিন অতিবাহিত কৰিবলগীয়া হৈছিল৷ বি টি আৰ চুক্তিয়ে এই অঞ্চলৰ অনিশ্চয়তাৰ পৰিৱেশৰ অৱসান ঘটাই শান্তি আৰু সমন্বয়ৰ এক পৰিৱেশ সৃষ্টি কৰিলে৷ বডোভূমিক শান্তিৰ ভূমি হিচাপে প্রতিষ্ঠা কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে ক্ষুদ্র ক্ষুদ্র জাতিগত স্বার্থৰ বাবে কাম নকৰি আমি অঞ্চলটোৰ বৃহত্তৰ স্বার্থৰ বাবে কাম কৰিব লাগিব৷ বি টি আৰ চুক্তিৰ ৰূপায়ণ দ্রুততাৰে আগবঢ়াৰ কথা জানিবলৈ দি তেওঁ এই অঞ্চলত এতিয়াও বাজেয়াপ্ত নকৰা অবৈধ অস্ত্রসমূহ শীঘ্রে বাজেয়াপ্ত কৰাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ প্রতি আহ্বান জনায়৷
এক ফেব্রুৱাৰীৰ পৰা বি টি আৰত হ’ব মাটি কিনা–বেচাঃ ড০ হিমন্ত বিশ্ব শর্মা
চলিত বর্ষৰ পহিলা ফেব্রুৱাৰীৰ পৰাই বি টি আৰত মাটি কিনা–বেচা আৰম্ভ হ’ব৷ আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সন্মুখত এই ঘোষণা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ গ্রীন ফিল্ডত আয়োজিত বি টি আৰ চুক্তিৰ প্রথম বর্ষপূর্তিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রীগৰাকীয়ে এই ঘোষণা কৰি কয় যে বি টি আৰৰ বাসিন্দাসকলে ইয়াৰ বাবে আন জিলালৈ যাব নালাগে৷ নিজ নিজ জিলাতে মাটি কিনা–বেচা কৰাৰ সুবিধা লাভ কৰিব বুলিও সদৰী কৰে বিশাল জনসভাত৷ কেৱল মাটি কিনা–বেচাই নহয়, আৰু কেইবাটাও গুৰুত্বপূর্ণ বিষয়ৰ ঘোষণা আগবঢ়ায়৷ তাৰ ভিতৰত অন্যতম হৈছে বি টি আৰৰ যাতায়াত ব্যৱস্থা সুচল কৰি উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ ৰাস্তা–ঘাটৰ বাবে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা৷ বাক্সা আৰু চিৰাং জিলাত নতুন মডেল মহাবিদ্যালয় স্থাপনৰ লগতে ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰি চৰকাৰে বি টি আৰ চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰিব বুলি আশ্বাস দিয়ে৷ ইপিনে মন্ত্রী ড০ শর্মাই নিজৰ উদাত্ত ভাষণত সভাত অংশগ্রহণ কৰা জনগণক দীঘলীয়া হাত চাপৰি বজাই গৃহমন্ত্রী অমিত শ্বাহক অভিনন্দন জ্ঞাপন কৰাৰ বাবে আহ্বান জনায়৷ আজিৰ দিনটো প্রাপ্তি আৰু আনন্দৰ দিন বুলি উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক জাতীয় নেতা আখ্যা দি কয়– আগন্তুক ২৯ জানুৱাৰীৰ ভিতৰত বিটিচি নির্বাচনত দিয়া প্রতিশ্রুতি অনুযায়ী তামুলপুৰত পাগলাদিয়া নৈৰ ওপৰত দলং নির্মাণৰ কাম আৰম্ভ কৰাৰ ঘোষণা কৰে৷ উল্লেখ্য যে বি টি আৰৰ মুখ্য কার্যবাহী প্রমোদ বড়োৱে কালিৰ পৰা খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা আৰু আবণ্টনৰ কাম আৰম্ভ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

You might also like