নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাস্কৰনগৰত বৃহৎ পৰিমাণৰ টকাসহ ধৃত ১

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ মহানগৰীৰ চানমাৰি থানাৰ অন্তর্গত ভাস্কৰনগৰৰ পৰা চানমাৰি আৰক্ষীয়ে  বৃহৎ পৰিমাণৰ টকাসহ এজন যুৱকক আটক কৰে৷ আটকাধীন যুৱকজন ভাস্কৰনগৰৰ চাহিল আলী ওৰফে আশ্রাফুল আলী বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষী সূত্রই জনোৱা মতে, কোনো লোকে টকাখিনি তিনিটা প্লাষ্টিকৰ বেগত ভৰাই জাবৰৰ দ’মত পেলাই থৈ যায়৷

জাবৰৰ দ’মত পৰি থকা টকাৰ বেগ তিনিটা যুৱকজনে লৈ আহে৷ এই খবৰ পোৱাৰ লগে লগে চানমাৰি আৰক্ষী উপস্থিত হৈ টকাখিনি জব্দ কৰাৰ লগতে যুৱকজনক আটক কৰে৷ আৰক্ষীয়ে জব্দ কৰা টকাখিনি ১০, ২০ আৰু ৫০ টকীয়া নোটৰ ২৬ হাজাৰ আৰু প্রায় ৫ হাজাৰ টকাৰ খুচুৰা পইচা থকা বুলি জানিবলৈ দিছে৷ কিন্তু কোনে টকাখিনি জাবৰৰ দ’মত পেলাই থৈ গ’ল, সেই সন্দর্ভত সঠিক তথ্য পোহৰলৈ অহা নাই যদিও তদন্তত সকলো তথ্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্রত প্রকাশ৷

You might also like