নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰ চুক্তিয়ে শান্তি-বিকাশৰ নতুন অধ্যায়ৰ সূচনা কৰিছে : মুখ্যমন্ত্রী

🟢বিটিআৰ মিত্রজোঁট চৰকাৰৰ তিনি বছৰীয়া বৰ্ষপূর্তিত অংশগ্রহণ মুখ্যমন্ত্রীৰ

🟢বিটিআৰত ৬টা প্রকল্পৰ আধাৰশিলা স্থাপন

🟢আজি হাতত অস্ত্র লোৱাৰ প্রয়োজন নাই, এতিয়া প্রয়োজন মাথোঁ শিক্ষা গ্রহণৰ

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনে )বিটিআৰ) আজি শক্তিশালী বিকাশৰ দিশেৰে আগুৱাই গৈছে৷ বিটিআৰ চুক্তিয়ে এই অঞ্চলটোত শান্তি আৰু সম্প্রীতিৰ এটা নতুন যুগৰ সূচনা কৰিছে৷ বিটিআৰৰ বর্তমানৰ মিত্রজোঁট চৰকাৰৰ তিনি বছৰীয়া পূর্তি উপলক্ষে আজি বিজনী ক্রীড়া সন্থাৰ খেলপথাৰত আয়োজিত বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই আজি তৃতীয় বড়ো শান্তি চুক্তিৰ অধীনত প্রায় ১১৬ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ৬টা প্রকল্পৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা প্রকল্পকেইটা হৈছে– কোকৰাঝাৰৰ পর্বতঝাৰাত পলিটেকনিক আৰু ভকেশ্যনেল ইনষ্টিটিউট, কোকৰাঝাৰৰ আমগুৰিত বীৰছা মুণ্ডা কমপ্লেক্স, তামুলপুৰত পেৰামেডিকেল আৰু নার্ছিং সেৱাৰ ইনষ্টিটিউট, বাক্সা জিলাৰ গোৱর্ধনাত পলিটেকনিক আৰু ভকেশ্যনেল ইনষ্টিটিউট, গৱেষণাগাৰৰ সৈতে গোর্খা ভৱন আৰু ওদালগুৰিত পেৰামেডিকেল আৰু নার্ছিং সেৱাৰ ইনষ্টিটিউট৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ২০২০ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত স্বাক্ষৰিত বিটিআৰ চুক্তিৰ ফলত অঞ্চলটোৰ শান্তি-সম্প্রীতিৰ এক নতুন অধ্যায়ৰ সূচনা হৈছে৷ শান্তিপূর্ণ এই পৰিৱেশৰ বাবে বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ নেতৃত্বত বিটিআৰৰ মিত্রজোঁট চৰকাৰে অঞ্চলটোত উন্নয়নৰ নতুন প্রৱাহ বোৱাই আনিছে৷ মহান জাতীয়তাবাদী নেতা বড়ো জাতিৰ অন্যতম পথিকৃৎ উপেন্দ্রনাথ ব্রহ্মৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে তেওঁৰ প্রচেষ্টাতে বড়োসকলৰ আত্মনিয়ন্ত্রণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল৷ অসমৰ বর্ণাঢ্য সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ বড়োসকল এক সমৃদ্ধ আৰু লোকজীৱনৰ অধিকাৰী বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে কামৰূপ, প্রাগজ্যোতিষপুৰ পিছলৈ অসম নামেৰে জনাজাত এই ঐতিহাসিক ভূখণ্ডত বড়োসকলৰ কেইবাশ বছৰীয়া সাংস্কৃতিক ইতিহাস ঠাহ খাই আছে৷ তেওঁ কয় যে এক কর্মঠ জনগোষ্ঠী হিচাপে পৰিচিত বড়োসকলৰ গতিশীল চেতনাই অসমীয়া জাতিৰ প্রাণ সঞ্জীৱিত কৰিছে৷ কেইবাগৰাকী পুৰোধা ব্যক্তিৰ কর্ম আৰু জীৱন দর্শনে বড়ো জাতিক সদায়ে প্রেৰণা যোগাই আহিছে বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই লগতে কয় যে বড়ো জাতিৰ নায্য আন্দোলনক মান্যতা প্রদান কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো জনজাতীয় সংগঠনৰ মাজত স্বাক্ষৰিত চুক্তিয়ে শান্তি আৰু উন্নয়নৰ যাত্রা আৰু অধিক ত্বৰান্বিত কৰি তুলিলে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অঞ্চলটোত চিৰস্থায়ী শান্তি প্রতিষ্ঠাৰ বাবে যি ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিলে তাৰ ফলত বড়ো জাতিৰ আর্থ-সামাজিক আৰু ৰাজনৈতিক দিশত পৰিৱর্তনৰ জোৱাৰ আহিছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে সম্প্রীতি মিত্রজোঁটৰ চৰকাৰৰ দিনত বড়ো ভূমিত হিংসা আৰু অস্থিৰতাৰ অৱসান হৈছে৷ আনহাতে শান্তি-সম্প্রীতি আৰু উন্নয়নৰ নৱযুগৰ সূচনা হৈছে৷ আজিৰ নৱপ্রজন্মই কর্মৰ জৰিয়তে বড়ো ভূমিৰ পৰিৱর্তন সাধন কৰিবলৈ আগুৱাই আহিছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে কেন্দ্র আৰু ৰাজ্য চৰকাৰে বিটিআৰ চুক্তিৰ প্রতিটো দফা সম্পূর্ণৰূপে ৰূপায়ণৰ পদক্ষেপ লৈছে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শৰ্মাই প্রাক্তন এনডিএফবি কেডাৰক আর্থিক অনুদান প্রদান, ২৭৪টাতকৈ অধিক গোচৰ প্রত্যাহাৰ, বড়োলেণ্ড আন্দোলনৰ শ্বহীদৰ পৰিয়ালসমূহক এককালীন আর্থিক সাহায্য প্রদান আদিৰ কথা উল্লেখ কৰে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে আজি অসম চৰকাৰ আৰু বিটিআৰ পৰিষদীয় চৰকাৰৰ যৌথ প্রচেষ্টাৰে বিটিআৰ অঞ্চলটো আত্মনির্ভৰ অঞ্চলৰূপে গঢ়ি তোলাৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ তেওঁ লগতে কয় যে অঞ্চলটো পশু খাদ্য উৎপাদনৰ দিশত আত্মনির্ভৰশীল কৰি ভাৰতবর্ষৰ বিভিন্ন অঞ্চলৰ লগতে চুবুৰীয়া দেশলৈ পশুখাদ্যৰ ৰপ্তানিকাৰক হিচাপে গঢ়ি তুলিবলৈ পদক্ষেপ গ্রহণ কৰা হৈছে৷ তেওঁ কয় যে আত্মনির্ভৰশীল অসম গঢ়াৰ যি কর্মযজ্ঞত বর্তমানৰ চৰকাৰ জড়িত হৈছে তাক বাস্তৱায়িত কৰাত বিটিআৰবাসীয়ে গুৰুত্বপূর্ণ ভূমিকা লব লাগিব৷ অঞ্চলটো বিকাশৰ চৰম শিখৰলৈ লৈ যোৱাৰ বাবে বিটিআৰবাসী অংগীকাৰবদ্ধ হব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে আজি হাতত অস্ত্র লোৱাৰ প্রয়োজন নাই, এতিয়া প্রয়োজন মাথোঁ শিক্ষা গ্রহণৰ৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে যুৱপ্রজন্মৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰিবলৈ তেওঁলোকৰ উদ্ভাৱনী আৰু উদ্যমিতাৰ বিকাশ সাধন কৰিবলৈ পদক্ষেপ লৈছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই বিজনীৰ বাবে এখন আদর্শ মহাবিদ্যালয় আৰু বিজনী মহকুমাৰ পথসমূহৰ উন্নয়ন সাধন কৰাৰ কথাও ঘোষণা কৰে৷ অনুষ্ঠানত মন্ত্রী অশোক সিংহল, ইউ জি ব্রহ্ম, বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, বিটিআৰৰ উপ-মুখ্য কার্যবাহী সদস্য গোবিন্দ চন্দ্র বসুমতাৰী, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বডো প্রমুখ্যে কেইবাগৰাকী বিধায়ক আৰু বিটিআৰৰ কার্যবাহী সদস্য উপস্থিত থাকে৷

#বাৰ্তা ডেস্ক

You might also like