নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঙৰ নেতাই হাতীৰ দৰে লাহে লাহে যায় : গৌৰৱক কটাক্ষ মুখ্যমন্ত্ৰীৰ

🟢নগাঁৱত টিকটক লৈ কংগ্রেছক মাৰপিট নকৰাৰ আহ্বান

🟢কংগ্ৰেছৰ বাবে এটা ভাল সমষ্টি নগাওঁ

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ কংগ্রেছৰ গৌৰৱ গগৈয়ে সমাগত লোকসভা নির্বাচনত পূর্বৰ কলিয়াবৰ তথা বর্তমানৰ কাজিৰঙা সমষ্টিৰ পৰিৱর্তে নগাঁৱৰ লোকসভা আসনখনত প্রতিদ্বন্দ্বিতা কৰিব বুলি ৰাজনৈতিক মহলত ব্যাপক চর্চা অব্যাহত আছে৷ পিছে অতি লক্ষণীয়ভাৱে প্রদেশ কংগ্রেছে প্রার্থিত্ব প্রত্যাশীসকলৰ পৰা ইতিমধ্যে যি আবেদন গ্রহণৰ প্রক্রিয়া আৰম্ভ কৰিছে সেই প্রক্রিয়াত এতিয়াও গৌৰৱ গগৈয়ে অংশগ্রহণ কৰা নাই৷ আজিৰ দিনটোলৈকে গৌৰৱ গগৈয়ে লোকসভাৰ প্রার্থিত্ব বিচাৰি প্রদেশ কংগ্রেছৰ ওচৰত আনুষ্ঠানিকভাৱে কোনো আবেদন কৰা নাই৷ ফলত গৌৰৱ গগৈয়ে সমাগত লোকসভা নির্বাচনত কোন সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব বিচাৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ এই সন্দর্ভত আজি সাংবাদিকে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৰা প্রতিক্রিয়া জানিব বিচৰাত তেওঁ গৌৰৱ গগৈক কটাক্ষ কৰি কয় যে ডাঙৰ নেতা লাহে লাহে যায়৷ হাতীৰ দৰে লাহে লাহে যায়৷ আমি সৰু সৰু মানুহ, সেয়ে ঘূৰি ফুৰো৷ হাতীৰ দৰে লাহে লাহে যোৱাটোক গজেন্দ্র গমন বুলি কয়৷ আমি হালবোৱা মানুহ সেয়ে আমি ঘূৰি ফুৰো৷ এই কোকৰাঝাৰ, এই যোৰহাট, এই ডিব্রুগড়, ঘূৰি থাকিব লাগে৷ ইপিনে নগাঁও লোকসভা আসনখনৰ বাবে কংগ্রেছৰ বর্তমানৰ সমষ্টিটোৰ সাংসদ প্রদ্যুৎ বৰদলৈৰ লগতে দলটোৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনে প্রার্থিত্ব বিচাৰি প্রদেশ কংগ্রেছৰ ওচৰত আবেদন কৰাৰ প্রসংগতো মুখ্যমন্ত্রী ড০ শর্মাই তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে নগাঁও কংগ্রেছৰ কাৰণে এটা ভাল সমষ্টি৷ নগাঁৱত কংগ্রেছে ভাল প্রতিদ্বন্দ্বিতা আগবঢ়াব পৰা সমষ্টি৷ সেয়ে সমষ্টিটোত কংগ্রেছে প্রার্থিত্ব আগবঢ়াব৷ এটা সমষ্টিত অধিক প্রার্থিত্ব প্রত্যাশী অহাটো ভাল লক্ষণ৷ কিন্তু মাৰপিট হ’ব নালাগে৷ প্রার্থিত্বক লৈ নিজৰ মাজত মাৰপিট, দলীয় কার্যালয় লণ্ডভণ্ড আদি ঘটনা হ’ব নালাগে৷

#বাৰ্তা ডেস্ক

You might also like