নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুমটাইৰ বৰফলং দুৰ্গা মন্দিৰত নাৰিকল পুলি ৰোপণ বুদ্ধেশ্বৰ তুৰীৰ 

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ : খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বৰফলঙত এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ ৷ উল্লেখ যে ডাবিডুবি গাঁৱৰ নিবাসী বুদ্ধেশ্বৰ তুৰী নামৰ উদীয়মান যুৱকজনৰ একক প্ৰচেষ্টাত ৩ ফেব্ৰুৱাৰীত বৰফলং চাহ বাগিচাৰ দুৰ্গা মন্দিৰৰ চৌহদত অৰ্ধ শতাধিক নাৰিকলৰ পুলি ৰোপণ কৰা হয়। প্ৰাকৃতিক চৌপাশৰ পৰা ক্ৰমাৎ হ্ৰাস পোৱা নাৰিকল গছৰ পুলিসমূহ যুৱকজনে প্ৰথমে মন্দিৰ সমিতিক অৰ্পণ কৰি সকলোৰে সহযোগত দুৰ্গা মন্দিৰৰ চৌহদত ৰোপণ কৰিলে৷ বৰফলং দুৰ্গা মন্দিৰত প্ৰতিদিনাই পূজাৰ সময়ত নাৰিকলৰ প্ৰয়োজন হয় আৰু সেয়ে নাৰিকল ক্ৰয় কৰি অনাতকৈ নিজৰ চৌহদত পৰা আনিব পাৰিলে সকলোৰে বাবে ভাল হ’ব৷ সেই কথাকেই চিন্তা কৰি যুৱকজনে মন্দিৰৰ চৌহদত ৰোপণ কৰিবলৈ প্ৰথম অৱস্থাত ৫০টা নাৰিকলৰ পুলি যোগান ধৰিলে৷ তেওঁৰ আশা কিছু বছৰৰ পিছৰ পৰা মন্দিৰত প্ৰয়োজনীয় নাৰিকলৰ বাবে কেতিয়াও চিন্তা কৰিবলগীয়া নহয় ৷ বৰঞ্চ মন্দিৰ সমিতিয়ে নাৰিকল বিক্ৰী কৰি মন্দিৰৰ বাবে এটি পুঁজি সংগ্ৰহ কৰিবহে পাৰিব৷ উল্লেখ যে উদীয়মান যুৱক বুদ্ধেশ্বৰ তুৰীৰ পদক্ষেপক সকলোৱে একেমুখে শলাগ লৈছে৷ ইয়াৰোপৰি ভৱিষ্যতলৈ অঞ্চলটোৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানত মূল্যবান গছপুলি ৰোপণ কৰিব বুলিও বুদ্ধেশ্বৰ তুৰীয়ে জানিবলৈ দিছে৷
প্ৰেৰক নবীন গোহাঁই 
You might also like