নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটে ‘বিকশিত ভাৰত’ৰ যাত্ৰাক নৱৰূপ দিব : সৰ্বানন্দ সোণোৱাল

বিশেষ বাৰ্তা, ২৩ জুলাই : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে আজি কেন্দ্ৰীয় বাজেট, ২০২৪ক আদৰণি জনায়৷ কেন্দ্ৰীয় বাজেট, ২০২৪ক ‘দূৰদৰ্শী দস্তাবেজ’ বুলি অভিহিত কৰি কেন্দ্ৰীয় বাজেট, ২০২৪-এ ‘বিকশিত ভাৰত’ৰ যাত্ৰাক নৱৰূপ দিব আৰু সামগ্ৰিক বিকাশৰ ৰোডমেপ ত্বৰান্বিত কৰিব বুলি কয় ৷ তদুপৰি তেওঁ কয়- এই দূৰদৰ্শী বাজেটৰ উদ্দেশ্য হৈছে গৰিব (দৰিদ্ৰ), মহিলা, যুৱপ্ৰজন্ম আৰু অন্নদাতা (কৃষক)ক শক্তিশালী কৰা, যাতে উন্নয়নৰ সৰ্বাংগীণ প্ৰক্ৰিয়া দেশৰ প্ৰতিজন নাগৰিকৰ ওচৰলৈ যায়৷ এই বাজেটত ৯টা অগ্ৰাধিকাৰৰ সৈতে অতুলনীয়ভাৱে প্ৰস্তুত কৰা চাৰিটা বিষয়বস্তুয়ে সমাজৰ সকলো শ্ৰেণীক লাভান্বিত কৰিব৷ এই দূৰদৰ্শী বাজেট উপস্থাপন কৰা বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকো তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে| তেওঁ কয়- এই দূৰদৰ্শী দস্তাবেজখনে নিযুক্তি, দক্ষতা বিকাশ, এমএছএমই, কৃষি আৰু বিনিয়োগৰ লগতে বিভিন্ন খণ্ডত অর্থনৈতিক বিকাশৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ সন্দৰ্ভত কেন্দ্ৰীয় জাহাজ পৰিবহণ, ক্ৰজ, জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতি উদ্যোগ যথেষ্ট বৃদ্ধি কৰাত অৰিহণা যোগাব, যাৰ ফলত ব্যাপক নিযুক্তিৰ পথ সৃষ্টি হ’ব, ৰপ্তানি বৃদ্ধি হ’ব আৰু দেশৰ অৰ্থনৈতিক বিকাশে গতিশীলতা লাভ কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিশ্বৰ অন্যতম আগশাৰীৰ সামুদ্ৰিক শক্তিক্ষেত্ৰ হিচাপে ভাৰতৰ স্থিতি উন্নত কৰাৰ বাবে আমি ন-উদ্যমেৰে আগুৱাই গৈ আছো| কেন্দ্ৰীয় বাজেট-২০২৪ত উল্লিখিত উত্তৰ-পূবৰ বাবে উন্নয়নমূলক ব্যৱস্থা সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূব ভাৰতে দেশৰ নতুন যুগৰ অৰ্থনৈতিক বিকাশৰ বাবে অষ্টলক্ষ্মী হিচাপে ইয়াৰ সম্ভাৱনা উপলব্ধি কৰি আগবাঢ়ি আহিছে৷ সমগ্ৰ অঞ্চলটোত ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ ১০০টাতকৈও অধিক শাখা উপলব্ধ কৰা হ’ব, যাৰ ফলত উত্তৰ-পূবৰ বেংকিং খণ্ডটোৱে আন এক নতুন শিখৰত উপনীত হ’বলৈ সাজু হৈছে৷ ইয়াৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ লোক বিত্তীয় অন্তৰ্ভুক্তিৰ পৰিসৰৰ ভিতৰত আহিব, যাতে তেওঁলোকে বেংকৰ জৰিয়তে পোনপটীয়াকৈ চৰকাৰী লাভালাভ প্ৰাপ্ত কৰিব পাৰে৷ তদুপৰি জনজাতীয় সংখ্যাগৰিষ্ঠ গাঁও আৰু আকাংক্ষিত জিলাৰ জনজাতীয় পৰিয়ালসমূহৰ জীৱন ধাৰণৰ উন্নত মান নিশ্চিত কৰি প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযান কাৰ্যকৰী কৰা হ’ব৷ এই কাৰ্যসূচীৰ দ্বাৰা ৬৩,০০০ৰো অধিক গাঁৱৰ ৫ কোটিৰো অধিক জনজাতীয় লোক উপকৃত হ’ব৷ কেন্দ্ৰীয় বাজেটত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ দ্বাৰা সৃষ্ট বানপানীৰ গুৰুতৰ সমস্যাৰ বিষয়েও উল্লেখ কৰা হৈছে আৰু অসমত বান ব্যৱস্থাপনা তথা সম্পৰ্কিত প্ৰকল্পসমূহৰ বাবে যাৱতীয় সহায়ৰ ব্যৱস্থা ঘোষণা কৰিছে৷ ইয়ে অসমত এক বৃহৎ সকাহ প্ৰদান কৰিব বুলি আমি আশাবাদী। অসমৰ জনসাধাৰণৰ দাবীৰ প্ৰতি সন্মান জনাই এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী মোদীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

You might also like