‘আমাৰ বিল্ডিঙত কেতিয়া বোমা পৰে ঠিক নাই’-ইউক্ৰেইনত আবদ্ধ অসমৰ শিক্ষাৰ্থীৰ হৃদয়বিদাৰক বৰ্ণনা
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ অবর্ণনীয়, ভয়াৱহ পৰিস্থিতিৰ মাজত ইউক্রেইনত প্রতিটো মুহূর্ত পাৰ কৰিবলগীয়া হৈছে অসমৰ শিক্ষার্থীয়ে৷ চকুৰ সন্মুখতে বোমা ফুটিছে, মিছাইল উৰা দৃশ্যই প্রতিটো পল আতংকময় কৰি তোলাই নহয়, অনিশ্চয়তাৰ দিশলৈ ঠেলি দিব লগা হৈছে নিজৰ জীৱন৷ যুদ্ধভূমিৰ পৰা এইদৰে ভয়াৱহ বর্ণনাৰে অভিভাৱকলৈ প্রেৰণ কৰা ভিডিঅ’ই আৱেগিক কৰি তুলিছে সকলোকে৷ প্রতিটো দিন বেয়াৰ পৰা দুর্বিষহলৈ গতি কৰা ইউক্রেইনৰ পৰিস্থিতিত এতিয়া নেদেখাজনৰ ওচৰত নিজকে সপি দিয়াৰ গত্যন্তৰ নোহোৱা হৈছে শিক্ষার্থীসকলৰ৷ ‘কেতিয়া আমাৰ বিল্ডিঙত বোমা পৰে, তাৰ ঠিকনা নাই’– আতংকৰ মাজত এইদৰে অভিভাৱকসকললৈ বার্তা প্রেৰণ কৰিলে হাতীগাঁৱৰ নীলিমা হুছেইনে৷
ছুমী নেচনেল মেডিকেল ইউনিভার্ছিটীৰ পঞ্চম ষাণ্মাসিকৰ ছাত্রী নীলিমাই শেহতীয়াকৈ পিতৃ–মাতৃলৈ প্রেৰণ কৰা বার্তাত প্রতিমুহূর্তৰ ভয়াৱহ দিশৰ বর্ণনা দি কয়– আমাৰ বিল্ডিঙত কেতিয়া বোমা পৰে, তাৰ ঠিকনা নাই৷ খাবলৈ খাদ্য, পানী নাই৷ বৰফৰ পানী গৰম কৰি কোনোমতে চলি আছোঁ৷ আমাৰ কি হ’ব, আমি নাজানো, কেতিয়া আমাক উদ্ধাৰ কৰিব, তাৰো কোনো উত্তৰ নাই৷ আমাৰ বিল্ডিঙৰ কাষতে বোমা ফুটিছে, ধোঁৱাই আৱৰি ধৰিছে সকলো দিশ৷ নীলিমা হুছেইনে ভিডি’যোগে উল্লেখ কৰা মতে, যুদ্ধৰ পূর্বেই ছুমীত দেখা দিছিল খাদ্য সংকটে৷ ২৪ ফেব্রুৱাৰীত যুদ্ধ ঘোষণা হোৱাৰ পাছতেই প্রতিখন দোকানতে সৃষ্টি হৈছিল এক দীঘলীয়া শাৰী৷ সকলো স্থানীয় বাসিন্দাই আগতীয়াকৈ ক্রয় কৰি নিছিল খাদ্য–সামগ্রী৷ তিনি দিন ঘূৰিও নীলিমা আৰু তেওঁৰ সংগীসকলে সংগ্রহ কৰিব নোৱাৰিলে খাদ্য–সামগ্রী৷ এনে অৱস্থাত খাদ্য আৰু পানীৰ অভাৱত অবর্ণনীয় দিন কটাব লগা হৈছে শিক্ষার্থীসকলে৷
উল্লেখ্য যে যুদ্ধভূমি ইউক্রেইনৰ ছুমীত এতিয়াও আবদ্ধ হৈ আছে সহস্রাধিক শিক্ষার্থী৷ এই শিক্ষার্থীসকলৰ মাজত আছে অসমৰ বহু সন্তান৷ বিগত ১০টা দিনত ভয়ংকৰ যুদ্ধৰ পৰিৱেশৰ মাজত দিন কটোৱা কেইবাজনো শিক্ষার্থীয়ে অভিভাৱকলৈ প্রেৰণ কৰা বার্তাই আৱেগিক কৰি তুলিছে সকলোকে৷ পাটাছাৰকুছিৰ নিকিতা শর্মাই বাংকাৰৰ পৰাই উদ্ধাৰৰ বাবে জনালে কাতৰ অনুৰোধ৷ আনহাতে, বৰফৰ মাজত পানী বিচাৰি হাহাকাৰ কৰি ফুৰা অৰিন্দম ফুকন নামৰ ছাত্রগৰাকীয়ে ছুমীত আবদ্ধ ছাত্র–ছাত্রীৰ দুর্দশাৰ বর্ণনা দাঙি ধৰি কয় যে প্রতিদিনে পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে৷ এনে অৱস্থাত শিক্ষার্থীসকলক উদ্ধাৰ নকৰিলে যিকোনো ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে৷
উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে মিছন গংগাৰ জৰিয়তে দেশলৈ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰি আনিছে যদিও ছুমীত আবদ্ধ শিক্ষার্থী অথবা ভাৰতীয়সকলক উদ্ধাৰৰ ক্ষেত্রত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ ইফালে সন্তানৰ সুৰক্ষাৰ কামনাৰে আজি নগৰবেৰাত একেলগে প্রার্থনাত বহিল ৫ সন্তানৰ মাতৃ৷ নগৰবেৰাৰ জাকাৰীয়া হুছেইন, আৰিফ মাহফুজ ছিদ্দিক, ছাহিল আনোৱাৰ, হাছানুল ইছলাম আৰু ফাৰুক আব্দুল্লা– এই ৫গৰাকী ছাত্রই সম্প্রতি আবদ্ধ হৈ আছে ছুমীত৷ পুত্রৰ এনে দুর্দশাৰ দিনত দুখত ভাগি পৰা ৫গৰাকী মাতৃয়ে আজি নেদেখাজনৰ ওচৰত প্রার্থনা জনাই সুৰক্ষাৰ কামনা কৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ছাত্রকেইজনক উদ্ধাৰৰ বাবে ব্যৱস্থা ল’বলৈ আহ্বান জনালে৷ ভয়াৱহ পৰিস্থিতিৰ মাজতে কালি নিশা ইউক্রেইনৰ পৰা গুৱাহাটীত উপস্থিত হ’ল ১৫গৰাকী শিক্ষার্থী৷ আনহাতে, আজি ইউক্রেইনৰ পৰা দিল্লীত উপস্থিত হৈছে অসমৰ ৪গৰাকী শিক্ষার্থী৷ এই শিক্ষার্থীকেইজন হ’ল– হাইলাকান্দিৰ মাহমাদুল হাছান চৌধুৰী, শোণিতপুৰৰ হিজুগুৰিৰ হৰিশ খান, বঙাইগাঁৱৰ স্বস্তিক ৰাজ আৰু গুৱাহাটীৰ অনিমেশ দাস৷