নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ সাৰ কাৰখানাত ছিণ্ডিকেটঃ দুই বিষয়া–ঠিকাদাৰক মাৰাথন জেৰা আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ উত্তৰ পূর্বাঞ্চলত ৰাসায়নিক সাৰৰ নেতৃস্থানীয় যোগানকাৰী একমাত্র উদ্যোগ নামৰূপস্থিত ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেডত একাংশ দুর্নীতিগ্রস্ত বিষয়াৰ দুর্বল পৰিচালনাই কাল হ’ল নামৰূপ সাৰ কাৰখানাৰ বাবে৷ ফার্টিলাইজাৰ শ্রমিক ইউনিয়নে যোৱা ২৮ আগষ্টত দুর্নীতিৰ ক’লা অধ্যায় উন্মোচন কৰি অবাধ দুর্নীতি আৰু ৰাসায়নিক সাৰৰ বৃহৎ এক ক’লাবজাৰৰ ছিণ্ডিকেট চলাৰ অভিযোগ সঁচা প্রমাণিত কৰিলে৷ ২৮ আগষ্টত খোদ উদ্যোগটোৰ ফার্টিলাইজাৰ শ্রমিক ইউনিয়নে সাৰ কাৰখানাৰ পৰা ইউৰিয়া পৰিবাহী এখন ৰে’লত হঠাৎ অভিযান চলাই প্রায় ৫০০ মেড্রিকটন (৯৯০ বেগ) অতিৰিক্ত সাৰভর্তি বেগ উদ্ধাৰ কৰাৰ পিছত উদ্যোগটোৰ ভিতৰে–বাহিৰে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে৷

ইতিমধ্যে উদ্যোগ কর্তৃপক্ষই এই সন্দর্ভত নামৰূপ আৰক্ষী থানাত কেচ নং ১১১/২১ত ভাৰতীয় দণ্ডবিধিৰ ১২০–ডি/৪২০, ৪০৬, ৬০৯ ধাৰাত যোৱা ২৯ আগষ্টৰ নিশা এটা গোচৰ ৰুজু কৰিছে৷ এই গোচৰৰ ভিত্তিতে আজি নিশা প্রায় ৭বজাত সংশ্লিষ্ট ঠিকাদাৰ, বিপণন বিভাগৰ চীফ মার্কেটিং মেনেজাৰ অক্ষয় কুমাৰ সিং, এৰিয়া মেনেজাৰ লক্ষ্মী গগৈক সোধা–পোছাৰ বাবে থানালৈ আনে৷ ইতিমধ্যে প্রশাসনে জেৰা অব্যাহত ৰাখিছে৷

ঘটনা সন্দর্ভত সাৰ উদ্যোগৰ ফার্টিলাইজাৰ শ্রমিক ইউনিয়নৰ সাধাৰণ সম্পাদক ধ্রুৱ শইকীয়াক সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত কয় যে বহুবাধা–বিঘিনি অতিক্রম কৰি প্রাণৰ প্রতি ভাবুকি থকা সত্ত্বেও শ্রমিক ইউনিয়নৰ দলটোৱে তিনিচুকীয়া ষ্টেচনত মাত্র ৬টা দবাত পৰীক্ষা কৰি ৯৩৩টা (প্রতি বেগত ৪৫ কেজি ওজন)ৰ অতিৰিক্ত সাৰভর্তি বেগ উদ্ধাৰ কৰে৷ এইক্ষেত্রত ৰে’ল বিভাগ, ৰে’লৰ ৰেগৰ লগত যোৱা বিভিএফচিএলৰ জনৈক গগৈ উপাধিৰ প্রতিনিধিজনেও এই তালাচী কার্যত অধিক হকা–বাধা দিয়া বুলি জানিব পৰা গৈছে৷

একৈশটা বগী থকা (দবা) ৰেগটোত প্রতিটো দবাটে অত্যধিক সাৰ যোৱাটো ইতিমধ্যে সন্দেহ ঘনীভূত হৈছে৷ ইফালে অতিৰিক্ত সাৰ উদ্ধাৰ হোৱাৰ পিছত শ্রমিক ইউনিয়নে সাৰ কাৰখানাৰ বিপণন বিভাগৰ লগত বাৰম্বাৰ যোগাযোগ কৰিবলৈ চেষ্টা চলাই যদিও সংশ্লিষ্ট বিভাগে এইক্ষেত্রত তিলমানো গুৰুত্ব নিদিলে বুলি ইউনিয়নে জানিবলৈ দিয়ে৷

You might also like