নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্রদূষণৰ বাবে ৪০ শতাংশৰ আয়ুসকাল ৯ বছৰ হ্রাস পাব

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ বায়ু প্রদূষণে মানৱ জাতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ মানৱ স্বাস্থ্যৰ বিস্তৰ ক্ষতি কৰাৰ লগতে আয়ুসকালৰ ওপৰতো নেতিবাচক প্রভাৱ পেলাই আছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ গৱেষণা প্রতিষ্ঠান চিকাগো বিশ্ববিদ্যালয়ৰ এনার্জী পলিচী ইনষ্টিটিউট চমুকৈ এপিকৰ প্রতিবেদনত ভাৰতৰ নাগৰিকসকল ভয়াৱহ বায়ু প্রদূষণৰ কবলত বিস্তৰ ক্ষতি হোৱাৰ তথ্য প্রকাশ পাইছে৷

এপিকৰ প্রতিবেদন মতে ৪০ শতাংশ ভাৰতীয়ৰ আয়ুসকাল ৯ বছৰতকৈ অধিক হ্রাস পাব৷ দেশৰ ৰাজধানী নতুন দিল্লী বিশ্বৰ সর্বাধিক প্রদূষিত চহৰৰ তৃতীয় স্থানত আছে৷ ইয়াৰ উপৰি দেশৰ মধ্য–পূব আৰু উত্তৰ প্রান্তৰ চহৰসমূহত প্রদূষণৰ মাত্রা অতি ভয়াৱহ৷ প্রদূষণে ক্রমাৎ জনস্বাস্থ্যৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে৷ তেনে কাৰণতে দেশৰ ৪০ শতাংশ লোকৰ আয়ুসকাল ৯ বছৰ হ্রাস পাব বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷

You might also like