নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগষ্টত জিএছটি ১.১২ লাখ কোটি টকা

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ ক’ভিডসৃষ্ট পৰিস্থিতিত জটিলতাৰ দিশে আগবঢ়া অর্থনীতি ক্রমান্বয়ে পুনৰুদ্ধাৰৰ পথত৷ ক্রমাগত দ্বিতীয়টো মাহৰ বাবে জি এছ টি সংগ্রহ ১ লাখ কোটি অতিক্রম কৰিছে৷ জুলাই মাহত ১.১৬ লাখ কোটি জি এছ টি সংগ্রহ হোৱাৰ পাছত আগষ্ট মাহতো ১ লাখ অতিক্রম কৰি ১.১২ লাখ কোটি জি এছ টি সংগ্রহ হৈছে৷

বিগত বর্ষৰ আগষ্ট মাহৰ তুলনাত চলিত বর্ষৰ আগষ্টত জি এছ টি সংগ্রহ ৩০ শতাংশ বৃদ্ধি পাইছে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রকাশ কৰা মতে, সংগৃহীত জি এছ টিৰ ভিতৰত ২০,৫২২ কোটি চি জি এছ টি, ২৬,৬০৫ কোটি এছ জি এছ টি আৰু আই জি এছ টি ৫৬,২৪৭ কোটি টকা৷ সংগৃহীত জি এছ টিত ৮,৬৪৬ কোটি উপকৰো আছে৷

মন কৰিবলগীয়া যে ২০১৯ বর্ষৰ আগষ্ট মাহত জি এছ টি সংগ্রহ হৈছিল ৯৮,২০২ কোটি টকা৷ বিগত জুন মাহৰ বিপৰীতে বাকী ৯ মাহত দেশত জি এছ টি সংগ্রহ ১ লাখ কোটিতকৈ অধিক হৈছে৷

You might also like