আশাৰ খবৰঃ ৭ জুনৰ ভিতৰত উন্নত হ’ব ৰাজ্যৰ ক’ভিড পৰিৱেশ
নিয়মীয়া বাৰ্তা, ২৯ মেঃ ক’ৰোনাৰ দ্রুত সংক্রমণে জটিল কৰি তোলা ৰাজ্যৰ পৰিস্থিতি ক্রমাৎ নিয়ন্ত্রণৰ দিশে আহিছে৷ অহা ৭ জুন পর্যন্ত এটা ভাল ফলাফল ৰাইজক দিব পাৰিম৷ ভয়াৱহ দিনৰ পৰা ৰাজ্যখন ক্রমাৎ এটা সুস্থিৰ পৰিৱেশলৈ অহাৰ ইংগিত দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
ক’ৰোনাকেন্দ্রিক পৰিৱেশ উন্নত হোৱাৰ সম্ভাৱনাক মুখ্যমন্ত্রীয়ে দাঙি ধৰাত এক আশাৰ সৃষ্টি হৈছে৷ শুকুৰবাৰে সৰুসজাই ষ্টেডিয়ামত ভাৰতীয় প্রতিৰক্ষা গৱেষণা সংস্থা (ডি আৰ ডি অ’)ৰ দ্বাৰা নির্মাণ হৈ থকা ৩০০ বিছনাযুক্ত ক’ভিড চিকিৎসালয়খন পৰিদর্শন কালত এই সম্ভাৱনা প্রকাশ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ কয়– যোৱা সময়ছোৱাতকৈ অসমত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ আহিছে৷ ক্রমাগতভাৱে দ্বিতীয় দিনাও পজিটিভিটীৰ হাৰ ৫ শতাংশৰ তলত আছে৷ গতিকে মই ভাবোঁ যে অহা ৭ জুনৰ ভিতৰত আমি ৰাইজক এটা ভাল ফলাফল দিব পাৰিম৷ ইফালে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ বৃদ্ধি পোৱা বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– মৃত্যুৰ হাৰো অচিৰেই হ্রাস পাব৷ যিসকল লোকৰ মৃত্যু হ’ল, এই লোকসকল ১৫ দিনৰ আগতে ক’ভিডত আক্রান্ত হৈছিল৷
ৰাজ্যত ভেকচিন প্রদান ক্ষিপ্র কৰাৰ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– কামৰূপ মহানগৰ জিলাত ইতিমধ্যে ১২ লাখ লোকৰ ৫ লাখ লোকক ভেকচিন প্রদান কৰা হৈছে৷ এয়া ইতিবাচক দিশ৷ ইয়াৰ লগে লগে নগাঁও, শিলচৰ, ডিব্রুগড়, তিনিচুকীয়া জিলাকেইখনত ক’ভিডৰ ব্যাপক সংক্রমণ হোৱা হেতু ভেকচিন প্রদানৰ কাম ক্ষিপ্রতাৰে আগুৱাই নিয়াৰ নির্দেশ দিয়া হৈছে৷
উল্লেখ্য যে ডি আৰ ডি অ’ই নির্মাণ কৰিবলগীয়া ক’ভিড চিকিৎসালয়খনত ১০০খন আই চি ইউ বিছনা থকাৰ বিপৰীতে ২০০খন অক্সিজেনযুক্ত বিছনা থাকিব৷ মুখ্যমন্ত্রীয়ে পৰিদর্শন কৰা কালত সংস্থাটোৰ অভিযন্তাসকলে প্রকাশ কৰা মতে, অহা ৪ জুনত চিকিৎসালয়খনৰ নির্মাণৰ কাম সম্পূর্ণ কৰি স্বাস্থ্য বিভাগক চিকিৎসালয়খন হস্তান্তৰ কৰিব৷ বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমক কয় যে হস্তান্তৰৰ পাছতেই অহা ৮ বা ৯ জুনত চিকিৎসালয়খনৰ শুভাৰম্ভ কৰা হ’ব৷