‘কা’ আন্দোলনে ক্ষতি নকৰে বিজেপিৰ : চন্দ্ৰমোহন পাটোৱাৰী
ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কামত সন্তুষ্ট হৈ চামতাত বিজেপিত যোগদান
নিয়মীয়া বার্তা, ৪ মার্চ : “কা” আন্দোলনে ক্ষতি নকৰে বিজেপিৰ। লোকসভা নিৰ্বাচনত প্ৰভাব নপৰে “কা” বিৰোধী আন্দোলনৰ। পূৰ্বেও “কা”বিৰোধী আন্দোলনৰ পিছত অনুষ্ঠিত নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। লোকসভা নিৰ্বাচনত ১১টা সমষ্টিতে জয়লাভ কৰিব বিজেপিয়ে। এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। দেওবাৰে আবেলি নৱগঠিত টিহু সমষ্টিৰ অন্তৰ্গত চামতাত বিজেপিৰ যোগদান অনুষ্ঠানত অংশ লৈ এইদৰে মন্তব্য কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে। চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত অনুষ্ঠিত উক্ত যোগদান অনুষ্ঠানত বিভিন্ন দলৰ পৰা অহা প্ৰায় এহেজাৰ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে । উক্ত অনুষ্ঠানত নলবাৰী জিলা বিজেপিৰ সভাপতি ডা: মৃগাংক তালুকদাৰ, সম্পাদক পুলক কুমাৰ শৰ্মা, টিহু, মধুপুৰ আৰু পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি ক্ৰমে জ্যোতিষ শৰ্মা, অশোক দত্ত আৰু শশীন্দ্ৰ শৰ্মাৰ লগতে কেইবাজনো নেতাই অংশ লয়।যোগদান কৰাসকলে সংবাদকর্মীৰ আগত প্রকাশ কৰা মতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত উন্নয়নৰ গংগা বোৱাইছে। গতিকে অন্যদলে আগতে এনেদৰে উন্নয়ন কৰিব পৰা নাছিল তাৰ বাবে আমি আন দল বাটদি দলে বলে আহি বিজেপিত যোগদান কৰা বুলি কয় ৷
প্রেৰক তপন কুমাৰ শর্মা