ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ চাওক কি কি
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসমৰ যোগাযোগ ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নীতকৰণ, জলজীৱন মিছন আৰু মঙলবাৰে ঘোষিত হোৱা কেন্দ্ৰীয় বাজেট সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। এই বৈঠকৰ অন্তত এক সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অসমৰ ৰাইজক অৱগত কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।
আজিৰ কেবিনেটৰ মূল সিদ্ধান্তসমূহ হৈছে এনেধৰণৰ-
- নৈপৰীয়া ৰাইজক সুচল পথ সংযোগ দিয়াৰ বাবে আৰু মাথাউৰী সমূহৰ সংৰক্ষণৰ বাবে প্ৰায় ১,০০০ কিলোমিটাৰ মাথাউৰীক পকী ৰাজপথলৈ উন্নীতকৰণৰ বাবে আজিৰ কেবিনেটে ৯৫৮ কোটি টকাৰ অনুমোদন জনাই।
- তামোলপুৰত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ৰ বাবে আজিৰ কেবিনেটে ৪৫০ কোটি টকাৰ বিত্তীয় অনুমোদন প্ৰদান কৰে।
- আজিৰ কেবিনেটে আন্তঃগাঁথনি আৰু যাতায়ত ব্যৱস্থাৰ উন্নীতকৰণৰ ক্ষেত্ৰত ৫টাকৈ গুৰুত্বপূৰ্ণ পথৰ পুনৰ উন্নীতকৰণৰ কাৰণে ১০৩১ কোটি টকাৰ অনুমোদন দিয়ে।
- মৰিয়নী চহৰৰ বাসিন্দা সকলৰ বাবে সু-খবৰ। মৰিয়নী চহৰৰ বাসিন্দা সকলে বসবাস কৰি অহা মাটিৰ পট্টাৰ পৰা তেওঁলোক বঞ্চিতহৈ আছিল যাৰ ফলত ব্যৱসায় আদিৰ ক্ষেত্ৰত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। আজিৰ কেবিনেটে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ আগত দিয়া প্ৰতিশ্ৰুতি মতে ১০৩টা পৰিয়ালক চৰকাৰী নিয়মমতে ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।
- অসমৰ একমাত্ৰ পৌৰনিগম গুৱাহাটীৰ লগতে ডিব্ৰুগড় আৰু শিলচৰ চহৰক পৌৰনিগমলৈ উন্নীতকৰণৰ সিদ্ধান্ত ইতিপূৰ্বে গ্ৰহণ কৰা হৈছিল। সেই মৰ্মে আজিৰ কেবিনেটে কাছাৰৰ উপায়ুক্ত মহোদয়ক ইয়াৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰে আৰু অতি সোনকালে হব লগা পৌৰ সভা নিৰ্বাচন শিলচৰত অনুষ্ঠিত নকৰিবৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগক জনায়।
- যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ উন্নীতকৰণৰ বাবে Airport Authority Of Indiaয়ে অধিগ্ৰহণ কৰা প্ৰায় ১২৪ বিঘা মাটিৰ গৰাকীলৈ প্ৰায় ১৫৬ কোটি টকা অনুমোদন দিয়ে।
- অতি সোনকালে জলজীৱন মিছনক সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ঘৰে ঘৰে পানী যোগান ব্যৱস্থা কৰিবৰ বাবে আজিৰ কেবিনেটে জিলা উপায়ুক্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী অভিযন্তা তথা বিষয়া সকলৰ সৈতে ভিডিও কনফাৰেন্স যোগে বিস্তৃত আলোচনা কৰে।
- থলুৱা কৃষকৰ উন্নয়নৰ কাৰণে FCI অথবা আন স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ দ্বাৰা ১০ লাখ মেট্ৰিক টন ধান প্ৰতি কুইণ্টলত ১৯৪০ টকাকৈ কিনাৰ যি পদক্ষেপ খাদ্য আৰু অসামৰিক যোগান বিভাগে হাতত লৈছে সেই সম্পৰ্কে আজিৰ কেবিনেটত আলোচনা হয়। কৃষক সকলক এই পদক্ষেপৰ বিষয়ে বহুল প্ৰচাৰ কৰি লাভান্নীত কৰিবৰ বাবে প্ৰতিটো সংবাদমাধ্যমকে অনুৰোধ জনাওঁ।
- আজিলৈকে অসম ৰাজ্যৰ কোনো ৰাজ্যিক প্ৰতীক নাই। এই প্ৰতীক সম্পৰ্কে সিদ্ধান্ত লবৰ বাবে আজিৰ কেবিনেটে মাননীয় মন্ত্ৰীদ্বয় কেশৱ মহন্ত ডাঙৰীয়া আৰু ৰনোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি গঠন কৰা হয়। এই কমিটিয়ে অসমৰ ৰাইজৰ পৰামৰ্শ মতে ৰাজ্যিক প্ৰতীক সম্পৰ্কে সিদ্ধান্ত লব।
- মঙলবাৰে ঘোষিত কেন্দ্ৰীয় বাজেটৰ পৰা অসমৰ উন্নয়নৰ বাবে সৰ্বাধিক আদায় কৰিবৰ কাৰণে আজিৰ কেবিনেট বৈঠকত বিস্তৃত ভাৱে আলোচনা কৰা হয়।