নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০টা মূৰৰ ৰাৱণে যুদ্ধত ৰামক হৰুৱাব পাৰিছিল জানো?

কংগ্রেছৰ মহাজোঁটক তীব্র কটাক্ষ মন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ  বিজেপিক আগন্তুক ২০২১ চনৰ নির্বাচনত পৰাভূত কৰিবলৈ কংগ্রেছৰ মহাজোঁট গঠনৰ তৎপৰতাক পুনৰ তীক্ষ্ণ কটাক্ষ কৰিছে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ চৰকাৰী কার্যসূচীৰে শুকুৰবাৰে শিৱসাগৰত উপস্থিত হোৱা বিত্তমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ প্রশ্ণৰ উত্তৰত কংগ্রেছৰ মহাজোঁট গঠনৰ বিপৰীতে বিজেপিৰ ভোট বাঢ়িব বুলিহে মন্তব্য কৰে৷ তেওঁ কয় যে চি পি আই–চি পি এম এই দলবোৰ ক’ত আছে? এইবোৰ দল উঠাই আনি এতিয়া ৰিপুণ বৰাই সংখ্যা বঢ়াব বিচাৰিছে৷ মহাভাৰতৰ যুদ্ধতো অক্ষৌহিনী সেনাৰ সংখ্যা আছিল৷ কিন্তু সংখ্যাৰেতো কাম নহয়৷ যিমান দল আনিব, সিমানেই খেলিমেলি লাগিব৷ ইয়াৰ বিপৰীতে আমাৰ ভোট বাঢ়িব৷ যিবোৰ দল ইতিমধ্যে পাহৰণিৰ গর্ভত বিলীন হৈ গৈছে, সেই দলবোৰক মাতি আনি মিত্রগোষ্ঠী বনাই–সংখ্যা বঢ়াই কি লাভ আছে? ৰামৰ মূৰ এটা আছিল৷ কিন্তু ৰাৱণৰ মূৰ আছিল ১০টা৷ সেইবুলি ৰাৱণে ৰামক হৰুৱাব পাৰিছিল নেকি? সাংবাদিকৰ আন এক প্রশ্ণৰ উত্তৰত বিত্তমন্ত্রী ড০ শর্মাই উজনিৰ আটাইকেইটা সমষ্টিয়েই বিজেপিয়ে দখল কৰিব বুলিও দাবী কৰে৷ সেইদৰে নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত হ’বলৈ তেওঁ পুনৰ আহ্বান জনায়৷ মাদ্রাছা বন্ধ কৰা সন্দর্ভতো তেওঁ ৰাজ্য চৰকাৰৰ স্থিতি দোহাৰে৷ এই সম্পর্কত বিত্তমন্ত্রী ড০ শর্মাই কয় যে মাদ্রাছা ব’ৰ্ডৰ লগতে মাদ্রাছা নামটোৰ বিলোপ ঘটাই আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত ধর্মীয় শিক্ষা প্রদানৰ অৱসান ঘটোৱা হ’ব৷ চৰকাৰী শিক্ষাৰ লগত এক ধর্মীয় শিক্ষা প্রদানৰ ব্যৱস্থা বর্তি থাকিবলৈ দিয়া নহ’ব৷ আজি যদি মাদ্রাছাসমূহত কোৰান পঢ়িবলৈ দিয়া হয়, তেন্তে আমি বৈদিক শিক্ষাৰ লগতে বাইবেলৰ শিক্ষাৰো ব্যৱস্থা কৰিব লাগিব৷ এই সকলো কৰাটো সম্ভৱ নহয়৷ সেয়েহে মাদ্রাছা ব্যৱস্থা বন্ধ কৰি দিয়া হ’ব৷ সকলো পৰীক্ষার্থীয়ে ছেবাৰ পৰীক্ষা ব্যৱস্থাৰ অধীনত চলিব লাগিব৷ সভ্যতাৰ যুঁজখন অব্যাহত থাকিব বুলি মন্তব্য কৰি বিত্তমন্ত্রী ড০ শর্মাই কয় যে এক বিশেষ সম্প্রদায়ৰ বাবে আজি অসমীয়া যুৱতী–মহিলাসকল বিপদত পৰিছে৷ উজনি অসমত ইয়াৰ প্রভাৱ নাই যদিও নগাঁৱৰ পৰা আৰম্ভ কৰি নামনি–মধ্য অসমত অসমীয়া যুৱতীক বিভিন্ন ভুৱা নামেৰে প্রলোভিত কৰি বিবাহ কৰায় আৰু অত্যাচাৰ কৰে৷ তেওঁলোকক ধর্মান্তৰিত হ’বলৈ বাধ্য কৰোৱা হয়৷ যাৰ বাবে বহু মহিলাই আত্মহত্যা কৰিবলগীয়া হৈছে৷ ইয়াৰ অৱসান ঘটিব লাগে৷ সমগ্র ৰাজ্য তোলপাৰ কৰি থকা অসম আৰক্ষীৰ এছ আই নিযুক্তি কেলেংকাৰি সন্দর্ভতো তেওঁ এক গুৰুত্বপূর্ণ মন্তব্য কৰে৷ আৰক্ষীৰ তদন্তত যদি কোনোবা দোষী ৰূপে প্রমাণিত হয়, তেন্তে সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ এই কেলেংকাৰিত ৰাজনীতিক জড়িত থকা বুলি উত্থাপিত অভিযোগৰ বিষয়ে সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ কয়– মই জনাত তেনেধৰণৰ কোনো ৰাজনৈতিক কথা নাই৷ কিন্তু কোনোবাই যদি ক’ব পাৰে যে আমাৰ হাতত তথ্য আছে, আৰক্ষীক দিলে সেইটো আৰক্ষীয়ে তদন্ত কৰিব৷ আৰক্ষীয়ে যদি নিজৰ এছ পিকে তদন্তৰ আওতালৈ আনিব পাৰিছে, বাকীসকলক তেওঁলোকে কিয় এৰি দিব?

You might also like