নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুকুৰবাৰে ক’ভিড–১৯ত ১০জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ    মহামাৰী ক’ৰোনাই শুকুৰবাৰে পুনৰ প্রাণ ল’লে ৰাজ্যখনৰ ১০গৰাকী লোকৰ৷ শুকুৰবাৰ ক’ৰোনাত মৃত্যু হোৱা লোকসকল হ’ল– চৰাইদেউৰ বাহাদুৰ নেৱাৰ (৪৪), তিনিচুকীয়াৰ প্রভাত কুমাৰ দে’ (৭২), চিৰাঙৰ তন্ময় সান্ন্যাল (৩৬), আজো পুৰো (৪৭), বৰপেটাৰ নীলিমা বৈশ্য (৭৭), কামৰূপ মহানগৰৰ কনক তালুকদাৰ (৪৮), লকমী এন বিয়নী (৭০), জলিল আহমেদ (৭৫), শোণিতপুৰৰ হৰেন গোস্বামী (৮৫), কাছাৰৰ অনুপ কুমাৰ পল (৫৬)৷ ইয়াকে লৈ ৰাজ্যখনত মুঠ ক’ৰোনা মৃতকৰ সংখ্যা হ’লগৈ ৮৫৩৷ আনহাতে,  নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ৭৬৭গৰাকী৷ আনহাতে, সুস্থ হৈ উঠা ৯৩১গৰাকীক ৰিলিজ দিয়া হয়৷ শুকুৰবাৰে ৰাজ্যখনত ৩৪,৭১৪ ক’ভিড পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে আক্রান্তৰ হাৰ হ’ল ২.২১ শতাংশ৷ ইফালে, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  কয় যে অসমত বর্তমান ক’ভিড পৰিস্থিতি ভাললৈ আহিছে৷ কিন্তু সকলো নির্ভৰ কৰিব আগন্তুক দুর্গাপূজাৰ ওপৰত৷ পূজা যদি ৰাইজে সাৱধানতাৰে পালন কৰে, তেনেহ’লে এই বছৰৰ শেষলৈ ক’ভিড নিৰাময় হ’ব৷ যদি ৰাইজে নিয়ম নামানে, তেনেহ’লে পৰিস্থিতি আকৌ বেয়া হ’ব৷

You might also like