বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ অগপৰ তৎপৰতা
ঘগ্ৰাপাৰত অগপৰ লোকসভা নিৰ্বাচনকেন্দ্ৰিক সাংগঠনিক সভা
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ সমাগম লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে দেশৰ ৰাজনৈতিক দল, আঞ্চলিক দলসমূহৰ ব্যাপক তৎপৰতা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। অসমৰ ১৪টা লোকসভা সমষ্টিৰ নিৰ্বাচনত লৈ দলসমূহৰ মিত্ৰশক্তিৰ আসন বুজাবুজিত উপনীত হৈছে। ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু ইউ পি পি এল মিত্ৰশক্তিৰ আসন বুজাবুজিত চূড়ান্ত হৈছে। ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদক এৰি দিয়াৰ লগে লগে অগপৰ তৃণমূল পৰ্য্যায়ত পৰা জিলাসমূহৰ নেতৃত্বই আনন্দ মনে দলৰ ভেটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে। সম্বপ্ৰতি বৰপেটা লোকসভা সমষ্টিটোৰ দহটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অগপই সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ তৃণমূলৰ দলীয় কাৰ্যকৰ্তাসকল নামি পৰা পৰিলক্ষিত হৈছে। নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত একালৰ অগপৰ দুৰ্গস্বৰূপ বিভিন্ন আঞ্চলিকে আঞ্চলিকে সাংগঠনিক সভা অনুষ্ঠিত কৰি দলীয় সতীৰ্থসকল একগোট হৈ পৰিছে। এই লৈ কালি সন্ধিয়া লোকসভা নিৰ্বাচনকেন্দ্ৰিক এখন সাংগঠনিক সভা ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয়। অসম গণ পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি গিৰীশ হালৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁতধৰে আঞ্চলিক সমিতিৰ সম্পাদক ডিম্বেশ্বৰ হালৈয়ে। সভাত অগপৰ নলবাৰী সমষ্টিৰ উপদেষ্টা থানেশ্বৰ লহকৰ, সম্পাদক কমল চন্দ্ৰ দাস,ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ হৰিনাথ লহকৰ,অগপৰ অসম কৃষক পৰিষদৰ নলবাৰী সমষ্টিৰ সভাপতি তৰুণ বৰ্মন আদিয়ে সাংগঠনিক দিশৰ ওপৰত বিশদ ভাষণ দিয়াৰ লগতে আগন্তুক লোক সভা নিৰ্বাচনত অগপৰ প্ৰাৰ্থীক বিপুল ভোট বিজয় কৰাৰ বাবে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক ককালত টঙালি বান্ধি সাজু হবলৈ আহ্বান জনায়। সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্থাৱ গ্ৰহণ কৰাৰ লগতে বুথ সমিতি পুনৰ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত অগপ দ’লৰ ডেৰশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইফালে কালি সন্ধিয়া অসম গণ পৰিষদ দেহাৰকুছি আঞ্চলিক সমিতিৰ সাধাৰণ সভাখন অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে অসম গণ পৰিষদৰ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ উপ সভাপতি দিলীপ শৰ্মাই। সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সম্পাদক আৱাল জাহিৰ চৌধুৰী। সভাত উপস্থিত থাকে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গুণমনি ভূঞা, অসম ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি কৃতাৰ্থ প্ৰতীম শৰ্মা, অগপৰ জেষ্ঠ নেতা তৰুণ শইকীয়া, অগপৰ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সহকাৰী সম্পাদক সঞ্জয় দাস। উক্ত সভাত অসম গণ পৰিষদ দেহাৰকুছি আঞ্চলিক সমিতিৰ সভাপতি হিচাপে গৌতম কুমাৰ শৰ্মা আৰু সম্পাদক খাইৰাত আলীক মনোনীত কৰি এখন ৩১ জনীয়া সমিতি গঠন কৰা হয় ।
প্ৰেৰক বীৰেন কলিতা