কলগাছিয়াত বৰবিহ ভাং খেতি উচ্ছেদ
নিয়মীয়া বাৰ্তা,২ জানুৱাৰী : চৰকাৰে মদ, ভাং, জুৱা, গুটখা আদি বন্ধ কৰাৰ বাবে প্ৰশাসনৰ জৰিয়তে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আছে যদিও আৰক্ষীৰ চকুত ধুলি দি বৰপেটা জিলাৰ বিভিন্ন ভিতৰুৱা গাঁৱত একাংশ অসাধুলোকে ভাং খেতি ৰোপণ কৰা পৰিলক্ষিত হৈছে। বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত জাবৰিমাৰি গাঁৱত আমছুৰ কৰ্মকৰ্তা আৰু বৰভিঠা আৰক্ষীয়ে অভিযান চলাই একাংশ লোকৰ নিজ গৃহত ৰোপন কৰা অবৈধ ভাং খেতি কাটি তহিলং কৰে। উল্লেখযোগ্য যে, জাবৰিমাৰী গাওঁত একাংশ চোৰাং ব্যৱসায়ীয়ে ভাং গছ ৰোপণ কৰি অবৈধ ভাংৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল যদিও এক গোপন সূত্ৰৰ পম খেদি আমছু আৰু বৰভিঠা আৰক্ষীয়ে জাবৰিমাৰী গাঁৱত উপস্থিত হৈ সমগ্ৰ ভাং গছ কাটি তহিলং কৰে। আমছু আৰু বৰভিঠা আৰক্ষীৰ এই ভূমিকাক ভূঞসী প্ৰসংশা কৰে সমাজৰ সৰ্বস্তৰৰ সচেতন মহলে। স্মৰ্তব্য যে, জাবৰিমাৰী গাঁৱত এনেদৰে একাংশ লোকে ঘৰে ঘৰে ভাং খেতি কৰাত দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰি, ডকাইতিৰ দৰে অসামাজিক কামকাজ। সেয়ে সমগ্ৰ অঞ্চলটো তদন্ত কৰি ভাং, মদ, জুৱা আদি অসামাজিক কাম কাজ বন্ধ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ৰাইজৰ লগতে আমছুৱে। এনেকুৱা অবৈধ ভাং ব্যৱসায়ী লোকক ভৱিষ্যতে এনে অবৈধ কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় আমছুৰ বিষয় ববীয়া সকলে।
প্ৰেৰক মফিদুল ইছলাম