নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত ফটো প্ৰদৰ্শনী চিবিচিৰ

🟢গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত স্বাধীনতা সংগ্ৰামৰ অখ্যাত যোদ্ধাৰ ত্যাগক স্মৰণ

বিশেষ বাৰ্তা, ২৯ আগষ্টঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ চেণ্ট্ৰেল ব্যুৰ’ অৱ কমিউিকেশ্বন (চিবিচি), আঞ্চলিক কাৰ্যালয়, গুৱাহাটীৰ উদ্যোগত আজিৰে পৰা ঢেকীয়াজুলিৰ নেতাজী বিদ্যামন্দিৰ হাইস্কুলত আৰম্ভ হৈছে এক দুদিনীয়া ফটো প্ৰদৰ্শনী তথা সজাগতা কাৰ্যসূচী। আজিৰ পৰা আৰম্ভ হোৱা প্ৰদৰ্শনীখনৰ বিষয়বস্তু হৈছে আজাদী কা অমৃত মহোৎসৱ আৰু সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ ৯ বছৰ। দেশৰ স্বাধীনতা সংগ্ৰামীসকলে আগবঢ়োৱা ত্যাগ আৰু বিগত ৯ বছৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক সজাগ কৰাৰ লক্ষ্যৰে এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। আজি প্ৰদৰ্শনীখন উদ্বোধন কৰে ঢেকীয়াজুলিৰ খণ্ড উন্নয়ন বিষয়া  মৌচম দাসে। উদ্বোধকৰ উপৰিও উপস্থিত ভালেমান গণ্যমান্য লোকসকলে দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰি ভাষন প্ৰদান কৰে। ইফালে নেতাজী বিদ্যামন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মহুৱা দাসে তেওঁৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক স্বাধীনতা সংগ্ৰামীসকলৰ আদৰ্শ মনত ৰাখিবলৈ আৰু সেইসমূহঅনুসৰণ কৰিবলৈ আহ্বান জনায়। লগতে ঢেকীয়াজুলিত এনে প্ৰদৰ্শনী আয়োজন কৰাৰ বাবে চিবিচি গুৱাহাটীৰ পদক্ষেপক তেওঁ প্ৰশংসা কৰে। গুৱাহাটী চিবিচিৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া বৰ্ণালী মহন্তই আদৰণি ভাষণত অনুষ্ঠানটোৰ লক্ষ্য আৰু তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰে। শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জনসাধাৰণক তেওঁলোকৰ অৱদানৰ বিষয়ে সজাগ কৰিবলৈ দেশে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি আহিছে বুলিও তেওঁ আলোকপাত কৰে। চৰকাৰে জনসাধাৰণৰ বাবে বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰি থকা বুলিও উল্লেখ কৰি তেওঁ লগতে কয় যে এনে প্ৰদৰ্শনীয়ে জনসাধাৰণক চৰকাৰৰ কাৰ্যসূচী আৰু নীতিৰ প্ৰতি অধিক সচেতন কৰাত সহায় কৰে। এই প্ৰদৰ্শনী উপলক্ষে বিদ্যামন্দিৰ হাইস্কুলৰ বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিৰ সভাপতি বাসুদেৱ সেন, নেতাজী বিদ্যামন্দিৰ হাইস্কুলৰ বিদ্যালয় উন্নয়ন সমিতিৰ উপ সভাপতি দিলীপ দে আৰু সমাজকৰ্মী অসীম কুমাৰ দাসৰ লগতে অন্যান্য ভালেমান বিশিষ্ট ব্যক্তিউপস্থিত থাকে। উল্লেখ্য যে এই প্ৰদৰ্শনীত উত্তৰ-পূৱ ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ বিষয় সম্বলিত ৪০টাতকৈও অধিক পেনেলৰ লগতে সেৱা, সুশাসন, আৰু গৰীব কল্যাণৰ ক্ষেত্ৰত চৰকাৰে বিগত ৯ বছৰত লাভ কৰা কৃতিত্বসমূহ প্ৰদৰ্শন কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰকলা, নৃত্য, কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

You might also like