নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীয়ে কাইলৈ মুকলি কৰিব মালিগাঁৱৰ উৰণ সেতু

বিশেষ বাৰ্তা, ২৯ আগষ্টঃ কাইলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব মালিগাঁও উৰণী সেতু৷ এই উৰণীয়া সেতুখনেই হ’ব গুৱাহাটী মহানগৰীৰ আটাইতকৈ দীঘলীয়া উৰণ সেতু৷ যোৱা দুই বছৰ চাৰি মাহ ধৰি চলিছে এই সেতুখনৰ নির্মাণ কার্য৷ কাইলৈ বিয়লি উৰণ সেতুখন জনসাধাৰণৰ সেৱাৰ বাবে মুকলি কৰি দিয়াৰ প্রাকমুহূর্তত সেতুখন ন–কইনাৰ দৰে সজাই–পৰাই তোলাৰ কামত ব্যস্ত হৈ পৰিছে লোকনির্মাণ বিভাগৰ লগতে শিল্পীসকলে৷ উৰণীয়া সেতুখনৰ চৌপাশে সজাই–পৰাই তোলাৰ বাবে ইতিমধ্যে ব্যাপক তৎপৰতা চলিছে৷ মন কৰিবলগীয়া এয়ে যে জালুকবাৰী–ভৰলু সংযোগী উৰণীয়া সেতুখনৰ এটা অংশ পাণ্ডুলৈও যাব আৰু ভৱিষ্যতে কামাখ্যা মন্দিৰলৈ যোৱাৰ বিকল্প পথটোৰ সৈতে সংযোগ হ’ব৷ মালিগাঁৱৰ উৰণীয়া সেতুৰ ওপৰত ৰামধেনু আকৃতি নির্মাণ কৰা হৈছে৷ তিনিআলি জংছনত পৃথিৱীৰ গ্লোব থাকিব৷ উৰণীয়া সেতুখনৰ তলৰ অংশ অসমৰ সাজ–পোছাক, বাদ্যযন্ত্র আৰু অৰণ্যত থকা বন্যপ্রাণীৰ দৃশ্য অংকন কৰা হৈছে৷ একেদৰে উৰণীয়া সেতুখনৰ লেণ্ডিং পইণ্টত দুটা গতিৰোধক থাকিব৷ যাতে তলৰ পৰা অহা গাড়ী আৰু উৰণীয়া সেতুখনৰ ওপৰৰ পৰা গাড়ীৰ মাজত কোনো সংঘাত হ’বলৈ নাপায়৷ তদুপৰি এই উৰণীয়া সেতুখন এনেদৰে নির্মাণ কৰা হৈছে কেতিয়াবা যান–জঁটৰ সৃষ্টি হ’লে এম্বুলেন্স আদিয়ে ইউ টার্নো ল’ব পাৰিব৷ উল্লেখ্য যে এই উৰণীয়া সেতুখন হোৱাৰ লগে লগে বছৰৰ পাছত বছৰ ধৰি মালিগাঁও অঞ্চলত সৃষ্টি হৈ অহা যান–জঁটৰ সমস্যাৰো অৱসান ঘটিব৷

You might also like