নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংকিতা দত্তলৈ পুনৰ চিবিআইৰ চমন

🔴 আজি কলকাতাস্থিত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ

বিশেষ বাৰ্তা, ৩০ আগষ্ট : কংগ্ৰেছৰ বহিষ্কৃত যুৱ নেত্ৰী অংকিতা দত্তলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে চমন জাৰি কৰে। আজি কলকাতাস্থিত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে সংস্থাটোৱে। উল্লেখ্য যে প্ৰয়াত পিতৃ অঞ্জন দত্ত মালিকানাধীন অনুভূতি প্ৰিণ্টাৰ্ছৰ নাম সাঙোৰ খোৱাৰ বাবে অংকিতাক তলব কৰা হৈছে। সাৰদা কেলেংকাৰিৰ গোচৰত নেত্ৰীগৰাকীক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বেও কলকাতাত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হৈছিল অংকিতা। উল্লেখ্য যে ভাৰতীয় যুৱ কংগ্ৰেছৰ মুৰব্বী বি ভি শ্ৰীনিবাসে তেওঁক হাৰাশাস্তি কৰা বুলি তোলা অভিযোগৰ প্ৰমাণ দিব নোৱাৰাৰ বাবে অংকিতা দত্তক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।

You might also like