নিয়মীয়া বাৰ্তা, ১৪ মে’ : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ, চমুকৈ চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত জুয়ে পোৰা সোণ হৈ জিলিকিল বৰপেটাৰ কপোহাৰ অতি মেধাৱী ছাত্ৰ নোমাজ আলী। কালি ঘোষণা হোৱা চিবিএছইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত মেধাৱী নোমাজ আলীয়ে আটাইকেইটা বিষয়ত লেটাৰসহ মুঠ ৯১.১% নম্বৰ অৰ্জন কৰি বৃহত্তৰ কপোহা গাঁৱলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। কপোহা গাঁৱৰ তাজ মিয়াৰ পুত্ৰ নোমাজ আলীৰ এই সাফল্যই অঞ্চলটোত আনন্দৰ বন্যা বোৱাইছে। নোমাজ আলীৰ এই সফলতাৰ বাবে এতিয়া গাঁওখনৰ সকলোৱে অভিনন্দন জনাইছে। নোমাজ আলীৰ পিতৃ এগৰাকী কৃষক হৈ যথেষ্ট কষ্ট-ত্যাগ স্বীকাৰ কৰি পুত্ৰক পঢ়ুৱাইছিল। পুত্ৰৰ এনে চমকপ্ৰদ ফলাফলে স্বাভাৱিকতে আহ্লাদিত কৰিছে পিতৃৰ লগতে পৰিয়ালক। মেধাৱী নোমাজ আলী বৰপেটাৰ গণককুছি আদৰ্শ বিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিল।
প্ৰেৰক আব্দুল আজিজ আহমেদ