নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিছে শ্ৰীমন্ত শংকৰদেৱ একাডেমীয়ে : হিমাংশু দাস

🔹 স্কুল বাছৰ বিসংগতিক লৈ তৎপৰ পৰিবহণ বিভাগ

🔹 লেডী এটেনডেণ্ট নিয়োগ নকৰাকৈ স্কুল বাছ চলোৱাটো অত্যন্ত বিপজ্জনক

বিশেষ বাৰ্তা, ১৪ মে’ : স্কুল বাছৰ বিসংগতিক লৈ শেহতীয়াকৈ অধিক তৎপৰ হৈছে পৰিবহণ বিভাগ। আজি মহানগৰীত স্কুল বাছৰ বিৰুদ্ধে চলোৱা অভিযানৰ নেতৃত্ব দিয়া এনফৰ্চমেণ্ট বিষয়া হিমাংশু দাসে কয় যে স্কুল বাছক লৈ শ্ৰীমন্ত শংকৰদেৱ একাডেমীয়ে আৰম্ভ কৰিছে ল’ৰা-ধেমালি। শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিছে শ্ৰীমন্ত শংকৰদেৱ একাডেমীয়ে। চিবিএছইৰ গাইডলাইন, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক ভেঙুচালি কৰি ব্যাপক বিসংগতিৰে স্কুল বাছ চলাইছে শিক্ষা প্ৰতিষ্ঠানখনে। শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ এই বিসংগতি ধৰা পেলায় পৰিবহণ বিভাগে। পৰিবহণ বিভাগে শিক্ষা প্ৰতিষ্ঠানখনৰ কেইবাখনো স্কুল বাছত অভিযান চলাই ধৰা পেলায় এই বিসংগতি। তদুপৰি অভিযানৰ নেতৃত্ব দিয়া ডিটিঅ’ এনফ’ৰ্চমেণ্ট বিষয়া হিমাংশু দাসে আজি সাংবাদিকৰ আগত কয় যে স্কুল বাছসমূহক আমি বিভিন্ন সময়ত সকীয়াই দি আহিছিলোঁ যে তেওঁলোকে চিবিএছইৰ গাইডলাইন মানি স্কুল বাছসমূহ চলাব লাগে। লগতে সময়ে সময়ে এইক্ষেত্ৰত সজাগতামূলক অনুষ্ঠানো কৰিছিলোঁ। কিন্তু ইমানৰ পিছতো একাংশ বিদ্যালয়ে এইসমূহ নিয়ম উলংঘা কৰি আহিছে। বিষয়াগৰাকীয়ে আৰু কয় যে স্কুল বাছ এখন চলিবলৈ হ’লে চিবিএছইৰ কিছুমান নিয়ম মানি চলিব লাগে। তদুপৰি স্কুল বাছখন কেনেকুৱা হ’ব লাগিব, স্কুল বাছ এখনত কি কি সুবিধা থাকিব লাগিব, এই সকলোবিলাক মানি চলিব লাগিব। তদুপৰি স্কুল বাছত এগৰাকী লেডী এটেনডেণ্ট থকাটো অত্যন্ত জৰুৰী। কিয়নো বাছখন চলি থকা সময়ত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অসুবিধা হ’ব পাৰে। আনহাতে, স্কুল বাছসমূহে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মানি চলিব লাগে। চিলড্ৰেন প্ৰটেকচন এক্ট মানি স্কুল বাছসমূহ চলাব লাগে। কিন্তু ইমানৰ পাছতো একাংশ স্কুল বাছত লেডী এটেনডেণ্ট ৰখা নাই। চি চি কেমেৰা ৰাখিছে, কিন্তু স্কুলত মনিটৰিং কৰা নাই। আজিকালি ল’ৰা-ছোৱালীবোৰে কিতাপৰ ডাঙৰ ডাঙৰ টোপোলা স্কুললৈ লৈ যাব লগা হয়। চিবিএছইৰ গাইডলাইনত কঠোৰ নিৰ্দেশনা দিয়া আছে যে স্কুল বাছত ছাত্ৰ-ছাত্ৰীৰ কিতাপ ৰখাৰ কাৰণে ছিটৰ তলত ছেলফ থাকিব লাগে। কিন্তু বহু স্কুল বাছত সেয়া নাই। তেওঁ কয় যে পিক আপ আৰু ড্ৰপিং টাইমত আমি বাছসমূহ পৰীক্ষা কৰোঁ। কাৰণ শিশুসকল হ’ল দেশৰ ভৱিষ্যত। আজিৰ শিশু কাইলৈ দেশৰ সম্পদ। শিশুসকলক ৰক্ষণাবেক্ষণা দিয়াটো আমাৰ দায়িত্ব।

আমি চৰকাৰী বিভাগ হিচাপে এই আইন-কানুনসমূহ মানি চলিছে নে নাই সেয়া পৰীক্ষা কৰাটো প্ৰয়োজন। শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩খনকৈ স্কুল বাছ জব্দ কৰা সন্দৰ্ভত বিষয়াগৰাকীয়ে পুনৰ কয় যে আমি এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ আগতে শ্ৰীমন্ত শংকৰদেৱ একাডেমীত কেইবালানিও সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাত আমি লেডী এটেনডেণ্টৰ বিষয়েও এৱাৰনেছ দিছোঁ, মিটিং কৰিছোঁ। চালক-কণ্ডাক্টৰৰ বিষয়ে সজাগতামূলক কাৰ্যসূচী কৰিছোঁ। সকলোবিলাক নীতি-নিয়ম যাতে তেওঁলোকে মানি চলে সেই বিষয়ে তেওঁলোকক সকীয়াই দিছিলোঁ। ইয়াৰ পিছতো তেওঁলোকে নিয়ম উলংঘা কৰা বাবে আমাৰ ওচৰত ক্ষমাও খুজিছিল। কিন্তু নিৰ্বাচনৰ পিছত শেহতীয়াভাৱে তেওঁলোকে পুনৰ নিয়ম উলংঘা কৰি স্কুল বাছসমূহ চলাবলৈ আৰম্ভ কৰে। আৰু আমি প্ৰথম দুদিনত যেতিয়া পুনৰ অভিযান আৰম্ভ কৰোঁ, শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ তিনিখনমান বাছ আমি জব্দ কৰোঁ। ইয়াৰ দুখন গাড়ী আমি জব্দ কৰি এখন গাড়ী মুকলি কৰি দিওঁ। তেওঁ পুনৰ কয় যে তেওঁলোকৰ দুখন স্কুল বাছত লেডী এটেনডেণ্ট নাছিল, যিটো অত্যন্ত বিপজ্জনক। লেডী এটেনডেণ্ট এগৰাকীৰ কাম হ’ল ছাত্ৰ-ছাত্ৰীৰ গাইড হিচাপে কাম কৰা, পিক আপ আৰু ড্ৰপিঙৰ সময়ত তেওঁ ছাত্ৰ-ছাত্ৰীৰ লগত থাকি পিক আপ আৰু ড্ৰপিং কৰাত সহায় কৰা। আজি আমি তেওঁলোকৰ দুখন বাছ লেডী এটেনডেণ্ট নথকাৰ কাৰণে ছাছপেণ্টৰ কাৰণে আৰ টিলৈকে প্ৰেৰণ কৰিছোঁ। পাৰ্মিট ছাছপেণ্টৰ কাৰণে স্কুল বাছ এনেদৰে প্ৰেৰণ কৰিব লগা হোৱাটো অত্যন্ত লজ্জাজনক বুলি তেওঁ মন্তব্য কৰে। উল্লেখ্য যে আজি প্ৰায় ১৬খনকৈ স্কুল বাছত অভিযান চলায় পৰিবহণ বিভাগে। ইয়াৰে ১০খন স্কুল বাছ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ। এইসমূহ স্কুল বাছৰ বিৰুদ্ধে পৰ্যাপ্ত সা-সুবিধা নথকা আৰু পাৰ্মিট উলংঘা কৰাৰ অপৰাধত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে বিষয়াগৰাকীয়ে। আনহাতে, শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ১০খন স্কুল বাছৰ বিৰুদ্ধে স্কুল কৰ্তৃপক্ষক নিময় উলংঘা আৰু ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ বাবে শ্ব’কজ দিয়াৰ কথা বিষয়াগৰাকীয়ে উল্লেখ কৰে। পৰ্যায়ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে সকলো স্কুল তথা স্কুল কৰ্তৃপক্ষক উচ্চতম ন্যায়ালয়ৰ যি নিয়ম তথা গাইডলাইন, সেইসমূহ ডাঙৰ ডাঙৰ ব’ৰ্ডত লিখি থ’বলৈ আহ্বান জনায়, যাতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে নিয়মসমূহৰ বিষয়ে জানিব পাৰে। লগতে তেওঁ নিয়ম উলংঘা নকৰিবলৈ সকলো বিদ্যালয়ৰ কৰ্তৃপক্ষক পুনৰ সকীয়াই দিয়ে।

You might also like