নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চর্দি–কাহ–জ্বৰ–উচ্চ ৰক্তচাপ নিয়ন্ত্রক দৰবৰ নাই নির্দিষ্ট মানদণ্ড

পুনৰ ২০০বিধ ঔষধ–ইনজেকচন বাতিল চিডিএছচিঅ’ৰ

চর্দি–কাহ–জ্বৰ–উচ্চ ৰক্তচাপ  নিয়ন্ত্রক দৰবৰ নাই নির্দিষ্ট মানদণ্ড

নিউজ ডেস্ক, ২৪ মে’ : পুনৰ ঔষধৰ নামত সাধাৰণ জনতাই বজাৰৰ পৰা বিহ ক্রয় কৰি থকা বুলি বিভিন্ন মহলে উদ্বেগ প্রকাশ কৰিছে৷ কাৰণ একেলগে প্রায় ২০০বিধ ঔষধ–ইনজেকচন বাতিল কৰিছে চেণ্ট্ৰেল ড্রাগ্ছ ষ্টেণ্ডার্ড কণ্ট্ৰল অর্গেনাইজেচন (চিডিএছচিঅ’)–এ৷

বাতিল হোৱা ঔষধসমূহৰ ভিতৰত জ্বৰ, চর্দি, কাহৰ পৰা আৰম্ভ কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্রণত ব্যৱহাৰ হৈ থকা পৰিচিত বহু দৰব আছে৷ অকল সেয়াই নহয়, তালিকাত আছে বিভিন্ন প্রসাধন সামগ্রীও৷ শেহতীয়াকৈ বাতিল হোৱা ঔষধবোৰৰ প্রত্যেকবিধেই অতি পৰিচিত আৰু বহুলভাৱে ব্যৱহূত ঔষধ৷ সেইবাবে চিডিএছচি’ৰ তালিকা প্রকাশ পোৱাৰ লগে লগে সাধাৰণ জনতাই মূৰে–কপালে হাত দিবলগীয়া হৈছে৷

বাতিলৰ যি তালিকা প্রকাশ কৰা হৈছে তাত আছে ১৯৬বিধ ঔষধ, ইনজেকচন আৰু প্রসাধন সামগ্রী৷ উল্লেখনীয় যে সংস্থাটোৱে প্রতিমাহত বিভিন্ন ঔষধৰ গুণগত মান পৰীক্ষা কৰে৷ কোনবিধ দৰব কোনটো বেটছৰ, সেই দৰবে নির্দিষ্ট মান স্পর্শ কৰিব পাৰিছে নে নাই সেয়া পৰীক্ষা কৰি চোৱা হয়৷ ইয়াৰ পাছতে ঔষধ বিক্রীৰ ক্ষেত্রত অনুমতি দিয়ে সংস্থাটোক৷ প্রতি মাহতে দৰবৰ এনে তালিকা প্রকাশ কৰি আহিছে চিডিএছচিঅ’–এ৷ লক্ষণীয়ভাৱে দেশৰ বিভিন্ন দৰব প্রস্তুত কাৰখানাত অতি নিম্ন মানৰ দৰব প্রস্তুত হৈ থকা বুলি সঘনে অভিযোগ উত্থাপন হয়৷ এই অভিযোগবোৰৰ সত্যতা প্রমাণিত হয় চিডিএছচি’ৰ প্রতিবেদন প্রকাশ পোৱাৰ লগে লগে৷

You might also like